ETV Bharat / city

সেউজ ন্যায়াধিকৰণৰ নিৰ্দেশত বন্ধ হ'ল বৰাগাঁৱৰ ডাম্পিং গ্ৰাউণ্ড

author img

By

Published : Aug 5, 2021, 2:17 PM IST

বৰাগাঁৱৰ ডাম্পিং গ্ৰাউণ্ডে দীপৰ বিলৰ জৈৱ-বৈচিত্ৰৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে ৷ যাৰ প্ৰতি লক্ষ্য ৰাখি সেউজ ন্যায়াধিকৰণে পৌৰ নিগম কর্তৃপক্ষক বৰাগাঁৱৰ ডাম্পিং গ্ৰাউণ্ড স্থানান্তৰ কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছিল । এফালে বৰাগাঁৱৰ ডাম্পিং গ্ৰাউণ্ড বন্ধ আৰু আনফালে চন্দ্ৰপুৰত ৰাইজৰ ধাৰাবাহিক গণতান্ত্ৰিক আন্দোলন । মহানগৰীৰ আৱর্জনা ক’ত পেলাব তাক লৈ সমস্যাত পৰিছে নিগম কর্তৃপক্ষ।

closed boragaon dumping ground
সেউজ ন্যায়াধিকৰণৰ নিৰ্দেশত বন্ধ হ'ল বৰাগাঁৱৰ ডাম্পিং গ্ৰাউণ্ড

গুৱাহাটী,5 আগষ্ট: সেউজ ন্যায়াধিকৰণৰ নিৰ্দেশনা উলংঘাৰে দীপৰ বিলৰ সমীপৰ পশ্চিম বৰাগাঁৱৰ ডাম্পিং গ্ৰাউণ্ডত মহানগৰীৰ আৱর্জনা পেলাই আহিছিল গুৱাহাটী পৌৰ নিগম কর্তৃপক্ষই । ৰামছাৰ ক্ষেত্ৰ হিচাপে খ্যাত দীপৰ বিলৰ জৈৱ-বৈচিত্ৰৰ প্ৰতি ভাবুকি সৃষ্টি কৰি মহানগৰীত প্ৰতিদিনে ওলোৱা প্ৰায় ৫৫০ টন আৱর্জনা বৰাগাঁৱৰ ডাম্পিং গ্ৰাউণ্ডত পেলাই থকা হৈছিল ।

closed boragaon dumping ground
গুৱাহাটীৰ জাৱৰক লৈ চিন্তিত পৌৰ নিগম

বৰাগাঁৱৰ ডাম্পিং গ্ৰাউণ্ডে দীপৰ বিলৰ জৈৱ-বৈচিত্ৰৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে ৷ যাৰ প্ৰতি লক্ষ্য ৰাখি সেউজ ন্যায়াধিকৰণে পৌৰ নিগম কর্তৃপক্ষক বৰাগাঁৱৰ ডাম্পিং গ্ৰাউণ্ড স্থানান্তৰ কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছিল । কিন্তু সেউজ ন্যায়াধিকৰণৰ নিৰ্দেশনা উলংঘাৰে পৌৰ নিগম কর্তৃপক্ষই বৰাগাঁৱৰ ডাম্পিং গ্ৰাউণ্ডত আৱর্জনা পেলাই আহিছিল ।

কিন্তু অৱশেষত সেউজ ন্যায়াধিকৰণৰ নিৰ্দেশ মৰ্মে পশ্চিম বৰাগাঁৱৰ ডাম্পিং গ্ৰাউণ্ডত তলা ওলমাবলৈ বাধ্য হয় পৌৰ নিগম কর্তৃপক্ষ ।

পশ্চিম বৰাগাঁৱৰ ডাম্পিং গ্ৰাউণ্ড বন্ধ কৰি দিয়াত এতিয়া গুৱাহাটীৰ আৱর্জনা পেলাবলৈ স্থান বিচাৰি হাবাথুৰি খাবলগীয়া হৈছে পৌৰ নিগম কর্তৃপক্ষ। গুৱাহাটী মহানগৰীত প্ৰতিদিনে প্ৰায় ৫৫০ টন আৱর্জনা ওলায় । এই আৱর্জনাসমূহ পৌৰ নিগম কর্তৃপক্ষই বেচৰকাৰী সংস্থাৰ জৰিয়তে সংগ্ৰহ কৰি বৰাগাঁৱৰ ডাম্পিং গ্ৰাউণ্ডত পেলাই অহিছিল ।

লগতে পঢ়ক: গুৱাহাটীৰ জাৱৰ নলয় চন্দ্ৰপুৰবাসীয়ে

২০০৭ চনতে পশ্চিম বৰাগাঁৱত স্থাপন কৰা ডাম্পিং গ্ৰাউণ্ড সেউজ ন্যায়াধিকৰণৰ নিৰ্দেশ মৰ্মে বন্ধ কৰি দিয়াত মহানগৰীৰ আৱর্জনা পেলাবলৈ স্থান নাইকিয়া হৈছে । সেউজ ন্যায়াধিকৰণৰ নিৰ্দেশনাৰ পাছতে পৌৰ নিগম কর্তৃপক্ষই মহানগৰীৰ আৱর্জনা পেলাবৰ বাবে সোণাইঘুলি, যোৰাবাট, চন্দ্ৰপুৰকে ধৰি কেইবাটাও স্থান নির্ধাৰণ কৰিছিল ।

closed boragaon dumping ground
বন্ধ হ'ল বৰাগাঁৱৰ ডাম্পিং গ্ৰাউণ্ড

কিন্তু বিশেষজ্ঞসকলে উক্ত স্থানকেইটা ডাম্পিং গ্ৰাউণ্ডৰ বাবে উপযুক্ত নহয় বুলি প্ৰতিবেদন দাখিল কৰিছিল । সেউজ ন্যায়াধিকৰণৰ নিৰ্দেশনা অনুসৰি বৰাগাঁৱৰ ডাম্পিং গ্ৰাউণ্ড চৰকাৰে বন্ধ কৰিব লাগিব বুলি জানিব পাৰি পৌৰ নিগম কৰ্তৃপক্ষই চন্দ্ৰপুৰৰ তাপবিদ্যুৎ প্ৰকল্পত ডাম্পিং গ্ৰাউণ্ড স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰে ।

সেই সিদ্ধান্ত অনুসৰি চন্দ্ৰপুৰৰ তাপবিদ্যুৎ প্ৰকল্পত বিগত ডেৰ মাহ ধৰি অৱর্জনা পেলাই আহিছে পৌৰ নিগম কৰ্তৃপক্ষই । কিন্তু চন্দ্ৰপুৰত ডাম্পিং গ্ৰাউণ্ড স্থাপনৰ বিৰোধিতাৰে ৰাইজে ধাৰাবাহিক প্ৰতিবাদ অব্যাহত ৰাখিছে । ৰাইজৰ প্ৰতিবাদৰ পাছতো আৰক্ষীৰ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত চন্দ্ৰপুৰৰ তাপবিদ্যুৎ প্রকল্পত আৱর্জনা পেলাই অহিছে পৌৰ নিগমে ।

কিন্তু বৰাগাঁৱৰ ডাম্পিং গ্রাউণ্ডত তলা ওলমাই দিয়াত পৌৰ নিগমে এতিয়া প্ৰতিদিনে ওলোৱা ৫৫০ টন আৱর্জনা ক’ত পেলাব তাক লৈ বিবুদ্ধিত পৰিছে । এফালে চন্দ্ৰপুৰত ৰাইজৰ ধাৰাবাহিক গণতান্ত্ৰিক আন্দোলন আৰু আনফালে বৰাগাঁৱৰ ডাম্পিং গ্ৰাউণ্ড বন্ধ । এনে পৰিস্থিতিত মহানগৰীৰ আৱর্জনা ক’ত পেলাব তাক লৈ সমস্যাত পৰিছে নিগম কর্তৃপক্ষ ।

লগতে পঢ়ক: শিৱসাগৰত কালিমা সানিছে জাৱৰৰ দ'মে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.