চম্পাৱতী নৈয়ে 20 খন গাঁৱলৈ ভাবুকি কঢ়িয়াই আনিছে

By

Published : Aug 6, 2021, 3:45 PM IST

thumbnail

বঙাইগাঁও জিলাৰ বইটামাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত পঞ্চগাঁও পাহাৰতলিৰ চম্পাৱতী নৈৰ গৰাহখহনীয়াই শংকিত কৰি তুলিছে ২০ খনকৈ গাঁৱৰ ৰাইজক ৷ বানপানী অহাৰ পূৰ্বেই ইতিমধ্যে অঞ্চলটোৰ পথসমূহ ব্যাপক গৰাখহনীয়াৰ কৱলত পৰিছে ৷ জলসম্পদ বিভাগে খহনীয়া ৰোধৰ বাবে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত স্থানীয় ৰাইজে গাঁঠিৰ ধন ভাঙি বাঁহেৰে পৰ্কুপাইন সংস্থাপন কৰিছে যদিও সেয়া পৰ্যাপ্ত নহয় । ইপিনে সমষ্টিটোৰ স্থানীয় বিধায়ক প্ৰদীপ সৰকাৰেও আজি পৰ্যন্ত অঞ্চলটোৰ গৰাখহনীয়াৰ পৰিস্থতিৰ বুজ নলোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে । সম্প্ৰতি উপায়ন্তৰ হৈ স্থানীয় ৰাইজে অসম চৰকাৰৰ জলসম্পদ বিভাগক গৰাখহনীয়া ৰোধৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.