ETV Bharat / state

বিলাসী বাহনে চোঁচৰাই নিলে টোলগেটৰ কৰ্মচাৰীক

author img

By

Published : Aug 4, 2021, 9:16 PM IST

Updated : Aug 6, 2021, 6:35 PM IST

চিনেমাৰ কায়দাৰে টোলগেটৰ কৰ্মচাৰীক চোঁচৰাই নিলে বিলাসী গাড়ী চালকে ৷ উত্তপ্ত পৰিস্থিতি টোলগেটত ৷ স্থানীয় ৰাইজৰ সহযোগত টোলগেটৰ কৰ্মচাৰীয়ে আটক কৰে গাড়ী চালকক ৷ ঘটনাস্থলীত উপস্থিত উত্তেজিত ৰাইজে উত্তম-মধ্যম শোধায় চালকক ৷

টোল সংগ্ৰহ কৰা কৰ্মচাৰীক চুচৰাই নিলে বিলাসী বাহনে
টোল সংগ্ৰহ কৰা কৰ্মচাৰীক চুচৰাই নিলে বিলাসী বাহনে

বাইহাটা, 4 আগষ্ট : ৰাজ্যত বিভিন্ন সময়ত টোলগেটত সংঘাত সৃষ্টি হোৱা দেখা যায় ৷ কেতিয়াবা টোলগেটৰ (tollgate) কৰ্মচাৰীয়ে যাত্ৰী অথবা গাড়ী চালকক দুৰ্ব্যৱহাৰ কৰে, আন কেতিয়াবা আকৌ গাড়ী চালক বা যাত্ৰীয়ে টোলগেটৰ কৰ্মচাৰীক অপদস্থ কৰা খবৰে বিভিন্ন সময়ত সংবাদ শিৰোনাম দখল কৰে ৷ বুধবাৰে ঠিক তেনে এক ঘটনাই সংঘটিত হ’ল 31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ চাংসাৰী (changsari)মদনপুৰ টোলগেটত ৷

লগতে পঢ়ক : যোৰহাটত দিন দুপৰতে চোৰে থপিয়ালে ধনৰ মোনা

অৱশ্যে টোলগেটটোত প্ৰতিদিনে কেতবোৰ বিশৃংখল ঘটনা সংঘটিত হৈ অহাৰ অভিযোগ আছে ৷ বুধবাৰে এগৰাকী টোলগেটৰ কৰ্মচাৰীয়ে এখন বিলাসী বাহন মাচুল সংগ্ৰহৰ বাবে ৰাখিছিল ৷ সেই সময়ত সংঘটিত হ’ল বিক্ষিপ্ত ঘটনাটো ৷ টোল সংগ্ৰহৰ বাবে হাতখন কৰ্মচাৰীজনে হাতখন আগবঢ়াই দিয়াত গাড়ীৰ খিৰিকীৰ গ্লাছত আৱদ্ধ কৰে চালকজনে ৷ তাৰপাছতে বিলাসী বাহনৰ চালক গৰাকীয়ে তীব্ৰ বেগেৰে গাড়ীখন চলাই টোল সংগ্ৰহ কৰা কৰ্মচাৰীজনক প্ৰায় 200 মিটাৰ দূৰ চোঁচৰাই লৈ যায় ৷

টোল সংগ্ৰহ কৰা কৰ্মচাৰীক চোঁচৰাই নিলে বিলাসী বাহনে

ইপিনে চিনেমাৰ কায়দাৰে সংঘটিত কৰা এই সমগ্ৰ ঘটনা টোলগেটৰ চিচিটিভি কেমেৰাত বন্দী হৈ ৰয় ৷ ঘটনা সংঘটিত হোৱাৰ পাছতে স্থানীয় ৰাইজৰ সহযোগত টোলগেটৰ কৰ্মচাৰীয়ে বিলাসী গাড়ীৰ চালকজনে চোঁচৰাই লৈ যোৱা টোলগেটৰ কৰ্মচাৰীজনক উদ্ধাৰ কৰে ৷ লগতে বিলাসী গাড়ীখন আৱদ্ধ কৰিবলৈ সক্ষম হয় ৷ তাৰপাছতে ঘটনাস্থলীত উপস্থিত উত্তেজিত ৰাইজে উত্তম-মধ্যম শোধাই গাড়ী চালকজনক ৷ সম্প্ৰতি এই সমগ্ৰ ঘটনাৰ সৰ্ন্দভত চাংসাৰী আৰক্ষী থানাত টোলগেট কৰ্তৃপক্ষই এক গোচৰ দাখিল কৰিছে ৷

লগতে পঢ়ক : আকৌ এনকাউন্টাৰ : এইবাৰ বগা চোৰৰ ভৰিত লাগিল আৰক্ষীৰ গুলী

Last Updated : Aug 6, 2021, 6:35 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.