ETV Bharat / state

ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত অন্তৰ্ভুক্ত হ'ল চামতাৰ ৰাজদ্বীপৰ নাম

author img

By

Published : Aug 6, 2021, 4:31 PM IST

ব্যতিক্ৰমী প্ৰতিভাৰে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে পশ্চিম নলবাৰীৰ এজন ছাত্ৰই ৷ ছাত্ৰ গৰাকীৰ সফলতাত উৎফুল্লিত হৈ পৰিছে পশ্চিম নলবাৰীৰ ৰাইজ ৷ ছাত্ৰজনক আৰ্শীবাদ তথা শুভেচ্ছাৰে উপচাইছে নলবাৰীৰ সচেতন ৰাইজে ৷

a-student-of-nalbari-included-his-name-in-india-book-of-record
ইণ্ডিয়া বুক অৱ ৰেকৰ্ডত অন্তৰ্ভুক্ত হ'ল চামতাৰ এজন ছাত্ৰৰ নাম

নলবাৰী, 6 আগষ্ট : ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তিৰে সমগ্ৰ অসমলৈ সুনাম কঢ়িয়াই আনিলে পশ্চিম নলবাৰীৰ ছাত্ৰ ৰাজদ্বীপ কাশ্যপে ৷ চামতা ইডেন ভেলী একাডেমিৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ ৰাজদ্বীপ কাশ্যপে আটাইতকৈ সৰু কাগজৰ টুকুৰাত চৰাই বনাই ইণ্ডিয়া বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত কৰিছে ৷ পূৰ্বৰ অভিলেখ ভংগ কৰি মাত্ৰ চাৰি মিলিমিটাৰ কাগজৰ টুকুৰাৰ চৰাই বনাই ৰাজদ্বীপে গঢ়িলে নতুন অভিলেখ ৷

তৃতীয় শ্ৰেণীত পঢ়ি থকা সময়ৰ পৰাই কাগজৰ বস্তু বনোৱাৰ প্ৰতি প্ৰবল আগ্ৰহ থকা ৰাজদ্বীপে ইতিমধ্যে ঘৰতে সাজি উলিয়াইছে বিভিন্ন আকৰ্ষণীয় সামগ্ৰী ৷ উল্লেখ্য যে, ৰাজদ্বীপ হৈছে পশ্চিম নলবাৰীৰ চামতাৰ ৰূপীয়াবাঠান গাঁও নিবাসী জল পৰিবহন বিভাগৰ কৰ্মচাৰী অৰবিন্দ বৰ্মন আৰু বগুৰিহাটী এম ভি স্কুলৰ শিক্ষয়িত্ৰী জুনু মেধি বৰ্মনৰ পুত্ৰ ৷

ইণ্ডিয়া বুক অৱ ৰেকৰ্ডত অন্তৰ্ভুক্ত হ'ল চামতাৰ এজন ছাত্ৰৰ নাম

শেহতীয়াভাৱে 6 মিনিট 4 চেকেণ্ডত মাত্ৰ 4 (চাৰি) মিলিমিটাৰ কাগজৰ চৰাই বনাই ইণ্ডিয়া বুক ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত কৰিছে ৰাজদ্বীপে ৷

লগতে পঢ়কঃ গ্ৰাম্য কৰৰ কথা কৈ বিপদত ৰণজিৎ কুমাৰ দাস : পদত্যাগৰ দাবী বিৰোধীৰ

এই সফলতাৰ পাছতে পিতৃ-মাতৃ, চামতা ইডেন ভেলী একাডেমিৰ শিক্ষক-কৰ্মচাৰী,তথা পশ্চিম নলবাৰীৰ ৰাইজে আনন্দ প্ৰকাশ কৰি ৰাজদ্বীপক লৈ গৌৰৱ বোধ কৰে ৷ আজৰি সময়ৰ সৎ প্ৰয়োগ কৰি ছাত্ৰ গৰাকীয়ে এনেদৰে অস্বাভাৱিক কাম কৰি সুনাম কঢ়িয়াই অনাৰ বাবে ৰাজদ্বীপলৈ বিভিন্ন জনে জনাইছে শুভেচ্ছা আৰু শুভ কামনা ৷

উল্লেখ্য যে, কৰ'ণাসৃষ্ট পৰিৱেশৰ বাবে বিদ্যালয়সমূহ বন্ধ হৈ থকাত বহু ছাত্ৰ-ছাত্ৰীয়ে ম'বাইলত গেম খেলি ব্যস্ত হৈ থকাৰ বিপৰীতে ৰাজদ্বীপে এনেদৰে অস্বাভাৱিক কাম কৰি সুনাম কঢ়িয়াই আনিছে ৷ ভৱিষ্যতে ন-ন সৃষ্টিৰে আগুৱাই যোৱাৰ লক্ষ্য প্ৰতিভাশালী ছাত্ৰজনৰ ৷ ৰাজদ্বীপে জনোৱা মতে, উক্ত চৰাইটো সাজি উলিয়াওতে তেঁওক প্ৰায় 1 সপ্তাহ সময়ৰ প্ৰয়োজন হৈছিল ৷ অৰিগামী নামৰ এক শিল্পৰ দ্বাৰা এই চৰাইটো সাঁজি উলিয়াইছিল ৰাজদ্বীপে ৷

লগতে পঢ়কঃ মেধাৰ পৰিচয় দি অহা পিতৃ-মাতৃহাৰা বিজিতৰ উচ্চতৰ মাধ্যমিকত সুখ্যাতি

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.