ETV Bharat / state

অসংযত অৱস্থাত মুছলপুৰত দুগৰাকী যুৱতীসহ দুজন যুৱক

author img

By

Published : Aug 6, 2021, 1:48 PM IST

বৃহস্পতিবাৰে নিশা মুছলপুৰত এগৰাকী বিধৱা মহিলাৰ বাসগৃহৰ পৰা দুগৰাকী যুৱতী আৰু দুজন যুৱকক অংযত অৱস্থাত উদ্ধাৰ স্থানীয় ৰাইজৰ ৷ দীৰ্ঘদিনৰ পৰাই মহিলাগৰাকীৰ বাসগৃহত এই অনৈতিক কাৰ্য চলি থকা বুলি ৰাইজে অভিযোগ উত্থাপন কৰে ৷ ঘটনাটোৰ সৈতে জড়িত দুগৰাকী যুৱতী আৰু দুজন যুৱকক আটক কৰে আৰক্ষীয়ে ৷

unsocial-activity
মুছলপুৰত অনৈতিক কাৰ্য

বাক্সা,6 আগষ্ট : বাক্সা জিলাৰ মুছলপুৰত বৃহস্পতিবাৰে নিশা স্থানীয় ৰাইজে অসংযত অৱস্থাত উদ্ধাৰ কৰে দুগৰাকী যুৱতী আৰু দুজন যুৱকক ৷ মুছলপুৰৰ কৰমতুলিৰ নিৱাসী বিজয়া কলিতা নামৰ বিধৱা মহিলাগৰাকীৰ বাসগৃহৰ পৰা উদ্ধাৰ কৰা হয় চাৰিওগৰাকী যুৱক-যুৱতীক ৷ ঘটনাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে অঞ্চলটোত ৷

জানিব পৰা মতে, দীৰ্ঘদিনৰ পৰাই মহিলাগৰাকীৰ বাসগৃহত ৰাইজে লক্ষ্য কৰি আছিল এই অসামাজিক কাৰ্য ৷ বৃহস্পতিবাৰে পুৱাৰ ভাগতো দুগৰাকী যুৱতী বিজয়া কলিতাৰ বাসগৃহত প্ৰৱেশ কৰে ৷ ইয়াৰ পাচতে মহিলাগৰাকীৰ ঘৰত অচিন যুৱকৰ আহ-যাহ চলিছিল ৷

মুছলপুৰত অনৈতিক কাৰ্য

সকলো অনুসন্ধান কৰি স্থানীয় ৰাইজে মহিলাগৰাকীৰ ঘৰৰ ভিতৰত প্ৰৱেশ কৰি চাৰিওকে উদ্ধাৰ কৰে ৷ লগে লগে চাৰিওকে উত্তম-মধ্যম শোধাই আৰক্ষীক গতাই দিয়ে ৰাইজে ৷ যুৱক দুজন অহোপা গাঁৱৰ ৰিংকু আলী আৰু বাবু আলী বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : ৰেকিবুদ্দিনৰ লাভ জেহাদ ! যুৱতীৰ আত্মহত্যা

আনহাতে যুৱতী দুগৰাকীৰ ঘৰ নলবাৰীৰ সৰিয়হতলিত ৷ স্কুটীৰে বিজয়া কলিতাৰ ঘৰলৈ গৈছিল যুৱতী দুগৰাকী ৷ ইয়াৰ পূৰ্বেও বহুবাৰ মহিলাগৰাকীৰ ঘৰলৈ গৈছিল যুৱতীদ্বয়ে ৷ ডুমুনী আৰু শিমলা থানাৰ আৰক্ষীয়ে চাৰিওকে আটক কৰি শিমলা থানালৈ লৈ যায় ৷

লগতে ঘটনাস্থলীৰ পৰা তিনিখন দুচকীয়া বাহনো জব্দ কৰে আৰক্ষীয়ে ৷ স্থানীয় ৰাইজে এই ঘটনাটোক সঠিকভাৱে নাৰী দেহ ব্যৱসায়ী চক্ৰ (Women Trafficking) আখ্যা দিয়া নাই যদিও এনে অসৎ কাৰ্য চলাই নিয়া এটি গোট অঞ্চলটোত গঢ়ি উঠা বুলি সন্দেহ প্ৰকাশ কৰে ৷

লগতে পঢ়ক : মহিলাৰ নেতৃত্বতেই ৰাজ্যত সক্ৰিয় হৈছে নাৰী দেহ ব্যৱসায়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.