ETV Bharat / state

সাংসদ তপন গগৈৰ নিজ সমষ্টিতে ঘনিষ্ঠ ঠিকাদাৰৰ লুন্ঠনৰাজ !

author img

By

Published : Aug 6, 2021, 6:37 PM IST

চৰাইদেউত দুটা বছৰতে বিধ্বস্ত হ'ল কেইবা লাখ টকীয়া পথ ৷ সাংসদ তপন গগৈৰ ঘনিষ্ঠ ঠিকাদাৰে লুন্ঠন চলোৱাৰ অভিযোগ ৷ পথ মেৰামতিৰ দাবীৰে সাপেখাতীত স্থানীয় ৰাইজৰ তীব্ৰ প্ৰতিবাদ ৷

সাংসদ তপন গগৈৰ নিজ সমষ্টিতে ঘনিষ্ঠ ঠিকাদাৰৰ লুন্ঠনৰাজ
সাংসদ তপন গগৈৰ নিজ সমষ্টিতে ঘনিষ্ঠ ঠিকাদাৰৰ লুন্ঠনৰাজ

মৰাণ, 6 আগষ্ট : যোৰহাটৰ সাংসদ তপন গগৈৰ (tapon gogoi) ঘনিষ্ঠ ঠিকাদাৰে উন্নয়নৰ নামত সাংসদ জনৰ গৃহ সমষ্টিতে চলাইছে নেকি লুন্ঠনৰাজ । দুৰ্নীতিৰ অভিযোগ উঠিছে তপন গগৈৰ ঘনিষ্ঠ ঠিকাদাৰৰ বিৰুদ্ধে ৷ চৰাইদেউ জিলাৰ (charaideo district) সকলো বাটপথ নিৰ্মাণৰ পাছতে বিধ্বস্ত হৈ পৰাত প্ৰতিবাদত নামিব লগা হৈছে ভুক্তভোগী ৰাইজ । পুখুৰী সদৃশ এটি বিশেষ পথ । যিটো পথেৰে দৈনিক অহা যোৱা কৰে হাজাৰ হাজাৰ ৰাইজে । কিন্তু সদাব্যস্ত পথটোৱে যমৰ যাতনা ভোগাইছে স্থানীয় ৰাইজক ।

যাৰ বাবে ঐতিসাহিক চৰাইদেউ জিলাৰ সাপেখাতীৰ ১ নং কঠিয়া খুন্দা নাহৰ আলি আৰু সাপেখাতী ৰেল ষ্টেচন সংযোগী পথৰ মেৰামতিৰ দাবীত স্থানীয় ৰাইজে পথ অৱৰোধ কৰি সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ । উল্লেখযোগ্য যে, নাহৰ আলিত নিৰ্মাণ কাৰ্য চলাই থকা এটা কোম্পানীৰ বৃহৎ যন্ত্ৰপাতি আৰু বিভিন্ন মাল ভৰ্তি ষোল্ল চকীয়া ট্ৰাক, ডাম্পাৰ অহা যোৱা কৰাৰ ফলত এই পথটোৰ অৱস্থা অতি শোচনীয় হৈ পৰা পৰিলক্ষিত হয় ৷

সাংসদ তপন গগৈৰ নিজ সমষ্টিতে ঘনিষ্ঠ ঠিকাদাৰৰ লুন্ঠনৰাজ

তদুপৰি ৫২ নং বি ৰাষ্ট্ৰীয় ঘাই পথৰ ওপৰত ৰে'লৱেৰ অভাৰ ব্ৰীজৰ কাম অতি লেহেমীয়া হোৱা হেতুকে যাতায়তৰ বাবে প্ৰস্তুত কৰা কাষৰীয়া পথ সমূহ এজাক বৰষুণ দিলে বোকাময় হৈ পৰাত সাপেখাতী অভিমুখি বহুটো যান-বাহন ১ নং কঠিয়া খুন্দা নাহৰ আলি আৰু সাপেখাতী ৰেল ষ্টেচন সংযোগী পথৰ ওপৰেৰে চলাচল অব্যাহত ৰখাত উক্ত পথটোৰ অৱস্থা পুখুৰীসদৃশ হৈ পৰিছে । পথৰ এনে দুৰবস্থাৰ বাবেই স্থানীয় ৰাইজে আজি ৰাজপথত বাঁ‌হ বান্ধি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।

দীৰ্ঘদিনৰ পৰা উক্ত পথটো জৰাজীৰ্ণ হৈ আছে যদিও বিভাগীয় কৰ্তৃপক্ষই কোনো গুৰুত্ব প্ৰদান নকৰাত এই কাৰ্যসূচী হাতত লয় মহিলা সকলে । আনহাতে উক্ত পথটো 0.78 কি.মি দৈৰ্ঘৰ আৱন্টিত 60, 23,901 টকাৰ ব্যয় সাপেক্ষে 2018 চনৰ 28 ডিচেম্বৰৰ পৰা কাম আৰম্ভ কৰা পথটো অতি কম সময়তে বিধ্বস্ত হৈ পৰে ৷ ফলত ঠিকাদাৰে অতি নিম্ন মানৰ সামগ্ৰীৰে পথটি নিৰ্মাণ কৰা বুলি স্থানীয় ৰাইজে অভিযোগ তোলাৰ লগতে পথটোত বাঁহ বান্ধি অনিৰ্দিষ্ট কাললৈ বন্ধ কৰি দিয়াৰ দাবী জনাই প্ৰতিবাদকাৰী সকলে ।

লগতে পঢ়ক : চম্পাৱতী নৈয়ে 20 খন গাঁৱলৈ ভাবুকি কঢ়িয়াই আনিছে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.