ETV Bharat / state

Kulada Kumar Bhattacharya: নব্বৈ বছৰত ৰাষ্ট্ৰীয় সন্মান পাই কি ক’লে কুলদা কুমাৰ ভট্টাচাৰ্যই, চাও আহক

author img

By ETV Bharat Assamese Team

Published : Aug 25, 2023, 7:16 PM IST

সদ্যঘোষিত '৬৯ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা'ত শ্ৰেষ্ঠ ধাৰাভাষ্যকাৰ হিচাপে সন্মান লাভ কৰিবলৈ সক্ষম হৈছে অনাতাঁৰ শিল্পী, অভিনেতা তথা পৰিচালক কুলদা কুমাৰ ভট্টাচাৰ্যই । "হাতীবন্ধু" ছবিখনৰ ধাৰাভাষ্যকাৰ বাবে এই সন্মান । বঁটা লাভ কৰাৰ পিচত উৎফুল্লিত বৰ্ষীয়ান অভিনেতা তথা পৰিচালক কুলদা কুমাৰ ভট্টাচাৰ্য ।

National Film Award winning actor Kulada Kumar Bhattacharya's reaction
ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰা অভিনেতা তথা পৰিচালক কুলদা কুমাৰ ভট্টাচাৰ্যৰ প্ৰতিক্ৰিয়া

ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰা অভিনেতা তথা পৰিচালক কুলদা কুমাৰ ভট্টাচাৰ্যৰ প্ৰতিক্ৰিয়া

চিটাৰা ডেস্ক, 25 আগষ্ট: বয়স তেওঁৰ নব্বৈ বছৰ ৷ তথাপিও তেওঁ জীৱন যুদ্ধত এবাৰো উভতি চাবলগীয়া হোৱা নাই ৷ হয়, আমি কৈছো বৰ্ষীয়ান অভিনেতা তথা পৰিচালক কুলদা কুমাৰ ভট্টাচাৰ্যৰ কথা । এই বয়সতো সুনাম কঢ়িয়াই আনিছে অসমবাসীলৈ ৷ হয়, ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ সন্মান লাভ কৰিছে কুলদা কুমাৰ ভট্টাচাৰ্যই ৷

শেহতীয়াকৈ ৬৯ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ বিভিন্ন শিতানত অসমৰ কেইবাখনো চলচ্চিত্ৰ তথা কলা-কুশলীয়ে অসমলৈ সুনাম কাঢ়িয়াই আনিবলৈ সক্ষম হৈছে। অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবি হিচাপে 'অনুৰ', মিচিং ভাষাৰ শ্ৰেষ্ঠ ছবি হিচাপে 'বুম্বা ৰাইড', সামাজিক বিষয়ৰ শ্ৰেষ্ঠ ছবি 'অনুনাদ',য়ে সুনাম কাঢ়িয়াই আনিবলৈ সক্ষম হৈছে ।

লগতেই শ্ৰেষ্ঠ ধাৰাভাষ্যকাৰ হিচাপে কুলদা কুমাৰ ভট্টাচাৰ্য, শ্ৰেষ্ঠ নৃতাত্ত্বিক চিনেমাৰ তিৱা ছবি হিচাপে 'Fire on Edge' ৰ বাবে প্ৰণৱজ্যোতি ডেকা আৰু জুৰীৰ বিশেষ উল্লেখ সন্মানৰ বাবে ব ডাঃ জাহানাৰা বেগমে সুনাম লাভ কৰিবলৈ সক্ষম হৈছে । বঁটা লাভ কৰাৰ পিচতে উৎফুল্লিত হৈ পৰিছে বৰ্ষীয়ান অভিনেতা কুলদা কুমাৰ ভট্টাচাৰ্য ।

ইটিভি ভাৰতৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত হাতীবন্ধু ছবিখনৰ সন্দৰ্ভত মন্তব্য কৰি ভট্টাচাৰ্যই কয়- হাতী আৰু মানুহৰ যি সমস্যা ওপৰত নিৰ্মান কৰা ছবি "হাতীবন্ধু"। ইফালে তেওঁৰ কণ্ঠস্বৰৰ সন্দৰ্ভত মন্তব্য কৰি কয় -কণ্ঠস্বৰ অকমান জন্মগত আৰু সৰহভাগ অনুশীলন । যোগাসনত সিংহাসন মুদ্ৰাও কৰিছিলোঁ । সেয়ে হয়তো এই বয়সতো কথা কওঁতে কোনো ধৰণৰ উশাহৰ অসুবিধা হোৱা নাই।’’

চলিত বৰ্ষত দুখন ছবিত অভিনয় কৰিছে অভিনেতা কুলদা কুমাৰ ভট্টাচাৰ্যই । তাৰেই এখন, কিছুদিন পূর্বে মুক্তিলাভ কৰা এনথ্ৰ’লজি ছবি, "বিছা"ৰ পৰিচালক অজিৎ গিৰীৰ চুটি ছবি ‘‘ইনচাইড’’ আৰু আন এখন পূৰ্ণ্যদৈৰ্ঘৰ ছবি "পোষ্টকাৰ্ড"।

আনহাতে যেতিয়ালৈ স্বাস্থ্য ঠিকে থাকিব আৰু গুৱাহাটীত শ্বুটিং হ’ব তেতিয়ালৈ মই অভিনয় কৰি যাম বুলি মন্তব্য কৰে অভিনেতাগৰাকীয়ে । আনহাতে অৰুণ শৰ্মাদেৱৰ নাট "আহাৰ" আৰু "নিবাৰণ ভট্টাচাৰ্য"ত কৰা অভিনয়ৰ সন্দৰ্ভত কুলদা কুমাৰ ভট্টাচাৰ্যই মন্তব্য কৰি কয়- অৰুণ শৰ্মা দেৱৰ লগত মোৰ নাট্য চর্চা চলিছিল । অৰুণ শৰ্মা আৰু ভৱেন্দ্ৰ নাথ শইকীয়াৰ নাটকবোৰত মই প্ৰায় অভিনয় কৰিছোঁ ।

লগতেই নৱ প্ৰজন্মৰ বহু পৰিচালকে ছবি নিৰ্মাণ কৰি থকা সন্দৰ্ভত ভট্টাচাৰ্যই মন্তব্য কৰি কয়- যেতিয়াৰ পৰা ডিজিটেল প্ৰথা আৰম্ভ হৈছে তেতিয়াৰ পৰা নৱ প্ৰজন্মৰ পৰিচালকসকলৰ বাবে ভাল হৈছে । এতিয়া সৰহভাগ ছবি গাঁও অঞ্চলৰ পটভূমিত নিৰ্মাণ কৰা হয় । আগৰ ছবিসমূহ বিনোদন মূলক আছিল কিন্তু এতিয়াৰ ছবিয়ে চিন্তাৰ খোৰাক দিয়ে ।

ইয়াৰোপৰি সদ্যঘোষিত '৬৯ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা'ৰ বিভিন্ন শিতানত অসমৰ কেইবাখনো চলচ্চিত্ৰ তথা কলা-কুশলীয়ে অসমলৈ সুনাম কঢ়িয়াই অনাটো অত্যন্ত এটা ভাল খবৰ । লগতে চলচ্চিত্ৰৰ নীতিৰ সন্দৰ্ভতো মন্তব্য কৰে অভিনেতাগৰাকীয়ে ।

লগতে পঢ়ক: 69th National Film Awards declared: তেজপুৰবাসীলৈ উচৰ্গা 'অনুৰ'ৰ ৰাষ্ট্ৰীয় স্বীকৃতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.