ETV Bharat / state

69th National Film Awards declared: তেজপুৰবাসীলৈ উচৰ্গা 'অনুৰ'ৰ ৰাষ্ট্ৰীয় স্বীকৃতি

author img

By ETV Bharat Assamese Team

Published : Aug 24, 2023, 8:57 PM IST

ঘোষণা হ'ল ৬৯ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা । শ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰৰ সন্মান লাভ কৰিলে 'অনুৰ'য়ে । 'অনুৰ'ৰ মুখ্য অভিনেত্ৰী তথা ৰাজ্যৰ এগৰাকী জ্যেষ্ঠ অভিনেত্ৰী জাহানাৰা বেগমলৈ আগবঢ়োৱা হয় জুৰীৰ বিশেষ উল্লেখ সন্মান । এই সুন্দৰ ক্ষণত 'অনুৰ' ৰাষ্ট্ৰীয় সন্মান তেজপুৰবাসীলৈ উচৰ্গা কৰে প্ৰযোজকে ।

National recognition of Anur dedication to the people of Tezpur
তেজপুৰ বাসীলৈ উচৰ্গা 'অনুৰ'ৰ ৰাষ্ট্ৰীয় স্বীকৃতি

তেজপুৰ,২৪ আগষ্ট : ঘোষণা হ'ল ৬৯ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা । কেইবাখনো ৰাষ্ট্ৰীয় পৰ্যায়ৰ ছবিৰ সৈতে ফেৰ মাৰি ৬৯ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আঁজুৰিলে এখন বিশেষ অসমীয়া চলচ্চিত্ৰই । 'অনুৰ'লৈ আগবঢ়োৱা হ'ল অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ সন্মান । 'অনুৰ'ৰ মুখ্য অভিনেত্ৰী তথা ৰাজ্যৰ এগৰাকী জ্যেষ্ঠ অভিনেত্ৰী জাহানাৰা বেগমলৈ আগবঢ়োৱা হয় জুৰীৰ বিশেষ উল্লেখ সন্মান ।

National recognition of Anur dedication to the people of Tezpur
তেজপুৰ বাসীলৈ উচৰ্গা 'অনুৰ'ৰ ৰাষ্ট্ৰীয় স্বীকৃতি

এই সন্মান লাভ কৰি আনন্দিত হৈ পৰে অভিনেত্ৰীগৰাকী । এটা বিশেষ দিনত এই বিশেষ সন্মান লাভ কৰিবলৈ পায় আবেগিক হৈ পৰে ডাঃ জাহানাৰা বেগম । বৃহস্পতিবাৰে জ্যেষ্ঠ চিকিৎসক পুত্ৰ ডাঃ অংকুৰ গোপেন্দ্ৰ দাসৰ ওপজা দিন আৰু ডাঃ জাহানাৰা বেগমৰ স্বামী ডাঃ গোপেন্দ্ৰ মোহন দাসৰ পিতৃ অনন্ত মোহন দাসৰ সোঁৱৰণত নিজৰ বাসগৃহৰ চৌহদতে গঢ়ি তোলা 'অনন্ত মেম'ৰিয়েল হাস্পতাল এণ্ড ৰিছাৰ্চ চেন্টাৰ'ৰ প্ৰতিষ্ঠা দিৱসৰ দিনটোতে ৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ পাই আবেগিক হৈ পৰিছে বুলি প্ৰথম প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিশিষ্ট অভিনেত্ৰীগৰাকীয়ে ।

সাধনালব্ধভাৱে অভিনয় কলাৰ সৈতে জড়িত হৈ আহিছে বুলি মন্তব্য কৰি ছবিখনত কাম কৰি থকাৰ সময়তে ৰাষ্ট্ৰীয় পৰ্যায়ত কিবা এটা স্বীকৃতি লাভ কৰিব বুলি 'অনুৰ'ৰ পৰিয়ালে আশা কৰিছিল বুলিও মন্তব্য কৰে । স্বীকৃতি পালে মানুহে বহুতো প্ৰেৰণা পাই বুলি মন্তব্য কৰে ডাঃ বেগমে । আনহাতে ডাঃ জাহানাৰা বেগমৰ স্বামী, বিশিষ্ট সাংস্কৃতিক কৰ্মী তথা 'অনুৰ'ৰ প্ৰযোজক ডাঃ গোপেন্দ্ৰ মোহন দাসে এয়া এক বিশ্বাসৰ জয় বুলি মন্তব্য কৰে ।

লগতে তেওঁ কেতিয়াও কিবা পাবৰ বাবে নহয় এক সামাজিক-সংস্কৃতিক দায়ৱদ্ধতাৰে তিনিখনকৈ চলচ্চিত্ৰ প্ৰযোজনা কৰিছিলো বুলি মন্তব্য কৰি আমি তেজপুৰ বাসীক খুউব ভাল পাওঁ বাবে এই বঁটা সমগ্ৰ তেজপুৰ বাসীলৈ উচৰ্গা কৰা হ'ল বুলি মন্তব্য কৰে । আনহাতে চলচ্চিত্ৰখন চোৱা সকলোৱে 'অনুৰ'এ স্বীকৃতি লাভ কৰিব বুলি আমাক দৃঢ়তাৰে কোৱাৰ পিছত আজি সেয়া সত্য প্ৰমাণিত হ'ল বুলি মন্তব্য কৰে ।

উল্লেখ্য যে, ৰাজ্যখনৰ বিশিষ্ট গল্পকাৰ, সাংবাদিক অনুৰাধা শৰ্মা পূজাৰীৰ "ভালপোৱাৰ সময়" নামৰ গল্পৰ আধাৰত মঞ্জুল বৰুৱাৰ চিত্ৰ নাট্য আৰু পৰিচালনাৰে আজি ৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি লাভ কৰা 'অনুৰ' ৰ সংগীত পৰিচালনা আছিল তৰালী শৰ্মাৰ । বহুকেইখন ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হোৱা 'অনুৰ'ত বলিউডৰ প্ৰখ্যাত অভিনেতা ৰজত কাপুৰৰ লগতে অভিনয় কৰিছিল ক্ৰমে-উদয়ন দুৱৰা, বলোৰাম দাস, অমূল্য কাকতি, বিভূতি ভূষণ হাজৰিকা, বিদ্যা ভাৰতী, ৰাজশ্ৰী শৰ্মা, কুল কুলদ্বীপ, ময়ূৰ গোপেন্দ্ৰ দাস আৰু শিশু আখ্যা ভূঞাই । উল্লেখ্য যে 'অনুৰ'এ এই বঁটা লাভ কৰা খবৰ বিয়পি পৰাৰ পিছতে সমগ্ৰ তেজপুৰবাসী উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক: 69th National Film Awards 2023 : ৬৯ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা; 'অনুৰ'-এ আঁজুৰিলে ৰাষ্ট্ৰীয় সন্মান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.