ETV Bharat / state

69th National Film Awards 2023 : ৬৯ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা; 'অনুৰ'-এ আঁজুৰিলে ৰাষ্ট্ৰীয় সন্মান

author img

By ETV Bharat Assamese Team

Published : Aug 24, 2023, 8:05 PM IST

৬৯ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা হয় বৃহস্পতিবাৰে । অসমৰ তিনিখন ছবিয়ে আঁজুৰিলে ৰাষ্ট্ৰীয় সন্মান । অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ সন্মান 'অনুৰ'লৈ । মিচিং ভাষাৰ শ্ৰেষ্ঠ ছবি 'বুম্বা ৰাইড' । তিৱা ভাষাৰ শ্ৰেষ্ঠ ছবি FIRE ON EDGE । অভিনেত্ৰী ডাঃ জাহানৰা বেগমলৈ বিশেষ সন্মান ।

69th National Film Awards 2023
৬৯ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা; 'অনুৰ'-এ আঁজুৰিলে ৰাষ্ট্ৰীয় সন্মান

গুৱাহাটী,২৪ আগষ্ট: বহু প্ৰতীক্ষাৰ অন্তত বৃহস্পতিবাৰে ঘোষণা কৰা হয় ৬৯ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা । বহুকেইখন ৰাষ্ট্ৰীয় ছবিৰ সৈতে ফেৰ মাৰি ৬৯ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আজুৰিলে এখন অসমীয়া ছবিয়েও । এই বৰ্ষৰ শ্ৰেষ্ঠ অসমীয়া ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে 'অনুৰ' ছবিখনে । ছবিখনৰ প্ৰযোজনা ডাঃ গোপেন্দ্ৰ মোহন দাসৰ আৰু পৰিচালনা মঞ্জুল বৰুৱাৰ ।

ইয়াৰ মাজতে অসমৰ অন্যতম জ্যেষ্ঠ অভিনেত্ৰী ডাঃ জাহানৰা বেগমলৈ 'অনুৰ' ছবিৰ বাবে আগবঢ়োৱা হয় জুৰীৰ বিশেষ উল্লেখ সন্মান । ইফালে শ্ৰেষ্ঠ ধাৰাভাষ্যকাৰৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আগবঢ়োৱা হয় কুলদা কুমাৰ ভট্টাচাৰ্যলৈ । কৃপাল কলিতাৰ 'হাতীবন্ধু'ৰ বাবে ভট্টাচাৰ্যলৈ এই বঁটা আগবঢ়োৱা হয় ।

আনহাতে তিৱা ছবি FIRE ON EDGE লৈ শ্ৰেষ্ঠ এন্থ্ৰপলজিকেল ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আগবঢ়োৱা হৈছে । ছবিখন পৰিচালনা কৰিছিল প্ৰণৱজ্যোতি ডেকাই । সমান্তৰালভাৱে শ্ৰেষ্ঠ মিচিং ছবি হিচাপে পৰিগণিত হৈছে বিশ্বজিত বৰাৰ 'বুম্বা ৰাইড'।

সদ্যঘোষিত ৬৬ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত আল্লু অৰ্জুনে লাভ কৰে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা । পুষ্পা ছবিখনৰ বাবে এই বঁটা লাভ কৰিছে জনপ্ৰিয় অভিনেতাগৰাকীয়ে । আনহাতে, গাঙ্গুবাই কাঠিয়াৱাড়ীৰ বাবে আলিয়া ভাট আৰু মিমি ছবিখনৰ বাবে কৃতি ছেননে যুটীয়াভাৱে লাভ কৰিছে শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান । ইফালে শ্ৰেষ্ঠ ছবিৰ সন্মান লাভ কৰিছে আৰ মাধৱন অভিনীত Rocketry:The Nambi Effect নামৰ ছবিখনে ।

বহুবিতৰ্কিত 'The Kashmir Files' ছবিখনে লাভ কৰিছে ৰাষ্ট্ৰীয় সংহতিৰ শিতানত নাৰ্গীছ দত্ত শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা । ছবিখনৰ পল্লৱী যোশীয়ে লাভ কৰে শ্ৰেষ্ঠ সহ অভিনেতাৰ বঁটা । ইয়াৰোপৰি মিমি ছবিখনৰ বাবে শ্ৰেষ্ঠ সহ-অভিনেতাৰ বঁটা আগবঢ়োৱা হয় পংকজ ত্ৰিপাঠীলৈ ।

পৰিচালক সঞ্জয় লীলা ভান্সালীক গঙ্গুবাই কাঠিয়াৱাড়ী চলচ্চিত্ৰৰ বাবে শ্ৰেষ্ঠ সম্পাদনাৰ বঁটা প্ৰদান কৰা হৈছে । উল্লেখ্য যে ছবিখনৰ পৰিচালক তেওঁ নিজেই । দেৱী শ্ৰী প্ৰসাদক পুষ্পা চলচ্চিত্ৰখনৰ বাবে শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা আগবঢ়োৱা হয় ।

এছ এছ ৰাজামৌলীৰ ঐতিহাসিক চলচ্চিত্ৰ আৰআৰআৰে শ্ৰেষ্ঠ একচন ডাইৰেকশ্বন, কোৰিঅ'গ্ৰাফী আৰু বিশেষ প্ৰভাৱৰ বাবে এইবাৰৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে ।

ইয়াৰোপৰি অন্যান্য শিতানত বঁটা লাভ কৰা ছবিসমূহ হ'ল-

শ্ৰেষ্ঠ নন-ফিচাৰ চলচ্চিত্ৰ - এক থা গাঁও (গড়ৱালী আৰু হিন্দী)

শ্ৰেষ্ঠ পৰিচালক - স্মাইল প্লিজ (হিন্দী) চলচ্চিত্ৰৰ বাবে বকুল মাটিয়ানি

পাৰিবাৰিক মূল্যবোধৰ ওপৰত শ্ৰেষ্ঠ চলচ্চিত্ৰ - চান্দ চানছে (হিন্দী)

শ্ৰেষ্ঠ চিত্ৰগ্ৰহণকাৰী - পাটাল টি (ভটিয়া) চলচ্চিত্ৰৰ বাবে বিট্টু ৰাৱট

শ্ৰেষ্ঠ অনুসন্ধানমূলক চলচ্চিত্ৰ - Looking For Challan (ইংৰাজী)

শ্ৰেষ্ঠ শৈক্ষিক চলচ্চিত্ৰ - চিৰপিগালিন চিপাংগল (তামিল)

সামাজিক সমস্যাৰ ওপৰত শ্ৰেষ্ঠ চলচ্চিত্ৰ - Mithu Di (ইংৰাজী), ৱান টু থ্ৰী (মাৰাঠী আৰু হিন্দী)

শ্ৰেষ্ঠ পৰিৱেশ চলচ্চিত্ৰ - মুন্নাম ভালাভু (মালায়ালম)

শ্ৰেষ্ঠ বাংলা চলচ্চিত্ৰ - কালকোখো

শ্ৰেষ্ঠ হিন্দী চলচ্চিত্ৰ - চৰ্দাৰ উধম

শ্ৰেষ্ঠ গুজৰাটী চলচ্চিত্ৰ - Last Film Show

শ্ৰেষ্ঠ কানাড়া চলচ্চিত্ৰ - ৭৭৭ চাৰ্লি

শ্ৰেষ্ঠ মৈথিলী চলচ্চিত্ৰ - সামনান্তৰ

শ্ৰেষ্ঠ মাৰাঠী চলচ্চিত্ৰ - একদা কে জালা

শ্ৰেষ্ঠ মালায়ালম চলচ্চিত্ৰ - হ'ম

লগতে পঢ়ক: National Film Awards 2023 : আজি ঘোষণা হ’ব ৬৯ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, কেতিয়া ক’ত চাব পাৰিব জানি লওক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.