ETV Bharat / state

মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পাচতে আৰম্ভ হ'ল নাম সলনি কৰাৰ প্ৰক্ৰিয়া

author img

By

Published : Feb 17, 2022, 4:41 PM IST

পাণ্ডুৰ পৰা কামাখ্যা ধামলৈ যোৱা বিকল্প পথটো 'স্বামী মুক্তানন্দ সৰস্বতী পথ' নামেৰে নামাকৰণ কৰাৰ প্ৰস্তাৱেৰে গুৱাহাটী পৌৰ নিগমৰ বিজ্ঞাপন (Name changing process started in Guwahati) । ৰাইজৰ মতামতৰ বাবে ১৫ দিনলৈকে সময়সীমা । টুইটাৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, এখন চহৰ, নগৰ বা গাঁৱৰ নামে ঠাইখনৰ সংস্কৃতি, পৰম্পৰা আৰু সভ্যতাক প্ৰতিনিধিত্ব কৰিব লাগে ।

Name changing process started in Guwahati
মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পাচতে আৰম্ভ হ'ল নাম সলনি কৰাৰ প্ৰক্ৰিয়া

গুৱাহাটী, ১৭ ফেব্ৰুৱাৰী : আৰম্ভ হ'ল অসমত নাম সলনি কৰাৰ চৰকাৰী প্ৰক্ৰিয়া । অসমৰ সংস্কৃতি, ঐতিহ্যৰ পৰিপন্থী নামৰ স্থানসমূহৰ নাম সলনি কৰিব বুলি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰাৰ লগতে শীঘ্ৰে এটা প'ৰ্টেল মুকলি কৰিব বুলি ঘোষণা কৰিছিল (Name changing process started in Guwahati) । ইয়াৰ পিছতেই ৰাজ্যজুৰি আৰম্ভ হৈছিল বিতৰ্ক ।

কিন্তু বিতৰ্কৰ মাজতে গুৱাহাটী পৌৰ নিগমে প্ৰকাশ কৰিছে এক বিশেষ বিজ্ঞাপন । সংবাদ মাধ্যমত প্ৰকাশ পোৱা বিজ্ঞাপনটোত কোৱা হৈছে যে, পাণ্ডুৰ পৰা কামাখ্যা ধামলৈ যোৱা বিকল্প পথটো 'স্বামী মুক্তানন্দ সৰস্বতী পথ' নামেৰে নামাকৰণ কৰাৰ চিন্তা চৰ্চা কৰা হৈছে । এই ক্ষেত্ৰত ৰাইজে নিজৰ মতামত দাখিল কৰিব পাৰিব ।

ৰাইজৰ মতামতৰ বাবে বিজ্ঞাপন প্ৰকাশ হোৱাৰ পৰা ১৫ দিনলৈকে সময়সীমা নিৰ্ধাৰণ কৰা হৈছে ।

Name changing process started in Guwahati
গুৱাহাটী পৌৰ নিগমৰ বিজ্ঞাপন

উল্লেখ যে, উত্তৰ প্ৰদেশৰ দৰে দেশৰ অন্য বিজেপি শাসিত ৰাজ্যসমূহৰ পদাংক অনুসৰণ কৰি অসমতো চকৰাৰী উদ্যোগত আৰম্ভ হৈছে ঠাইৰ নাম সলনিৰ পক্ৰিয়া । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজেই ইতিমধ্যে ঘোষণা কৰিছে ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তৰ কথা । এই ক্ষেত্ৰত তেওঁ গুৱাহাটীৰ কালাপাহাৰৰ নাম উদাহৰণ হিচাপে দাঙি ধৰিছে ।

আনহাতে, বুধবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে পুনৰ এই সিদ্ধান্তৰ বিষয়ে সদৰি কৰি কয় যে, এখন চহৰ, নগৰ বা গাঁৱৰ নামে ঠাইখনৰ সংস্কৃতি, পৰম্পৰা আৰু সভ্যতাক প্ৰতিনিধিত্ব কৰিব লাগে (Himanta Biswa Sarma said, ‘‘Name of a place should represent its culture, tradition and civilisation’’) । সমগ্ৰ ৰাজ্যত আমাৰ সভ্যতা, সংস্কৃতিৰ পৰিপন্থী আৰু যিকোনো জাতি বা সম্প্ৰদায়ৰ বাবে সন্মানহানিকৰ ঠাইৰ নাম পৰিৱৰ্তন কৰাৰ ক্ষেত্ৰত পৰামৰ্শ আহ্বানৰ বাবে প’ৰ্টেল এটা মুকলি কৰাৰ কথা উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

Name changing process started in Guwahati
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ টুইট

লগতে পঢ়ক : এক লাখ নতুন নিযুক্তি বনাম অৰ্ধ লক্ষাধিক অস্থায়ী কৰ্মচাৰী

আনহাতে, মাজুলীতো এই সন্দৰ্ভত মতামত প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, কিছুমান ঠাইৰ নাম কিছুমান জনগোষ্ঠীৰ প্ৰতি হেয়সূচক । এই ক্ষেত্ৰত তেওঁ কুকুমুতা, চাৰাপভাটি আদি নাম উল্লেখ কৰি কয় যে, এনেকুৱা নাম ভাল নহয় । ভাল নামৰ বাবে ৰাইজে পৰামৰ্শ দিবলৈ চৰকাৰে প’ৰ্টেল এটা মুকলি কৰিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, ইয়াত ৰাইজে পুৰণি নামটো দিব আৰু নতুন নামটো প্ৰস্তাৱ কৰিব ।

যদি ৰাইজে প্ৰস্তাৱ নিদিয়ে তেন্তে ঠাইৰ নাম সলনি নহ'ব । চৰকাৰে কোনো নাম এটা জাপি নিদিয়ে । ৰাইজে সভা কৰি ঠাইৰ নাম এটা ঠিক কৰি প'ৰ্টেলত প্ৰস্তাৱ দিব পাৰিব । মুখ্যমন্ত্ৰীয়ে শীঘ্ৰেই প'ৰ্টেলটো আৰম্ভ কৰাৰ কথা সদৰি কৰিছে ।

উল্লেখ্য যে, কালাপাহাৰত গুৱাহাটীৰ দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰি দিয়া ভাষণত মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছিল যে, কালাপাহাৰে কামাখ্যা মন্দিৰ ভাঙিছিল । কালাপাহাৰৰ নামত এখন ঠাই থকাৰ কোনো যুক্তি থাকিব নোৱাৰে । স্থানীয় বিধায়কে ইয়াৰ বাসিন্দাৰ লগত আলোচনা কৰি কালাপাহাৰ নামৰ সলনি নতুন নাম এটা দিব লাগে ।

কামাখ্যা মন্দিৰ ভঙা লোক এজনক স্মৰণ কৰি থকাৰ যুক্তি থাকিব নোৱাৰে বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছিল । অসমত এনেকোৱা বহু ঠাইৰ নাম আছে যাক সেই ঠাইৰ লোকে ক’বলৈ ভাল নাপায় । কিছুমান জাতিক তুচ্চ কৰি কিছুমান ঠাইৰ নাম ৰখা হৈছিল ।

সেই নামবিলাকো পৰিৱৰ্তন কৰিব লাগে । কালাপাহাৰৰ পৰা সেই কামৰ আৰম্ভণি কৰিব পাৰি বুলি মুখ্যমন্ত্ৰীয়ে সদৰি কৰিছিল । মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পাছতে প'ৰ্টেল মুকলিৰ পূৰ্বেই চৰকাৰীভাৱে নতুন নাম দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে ।

লগতে পঢ়ক : Assam Baibhav award : মুম্বাইত ৰতন টাটাক ‘অসম বৈভৱ’ প্ৰদান কৰিলে মুখ্যমন্ত্ৰীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.