ETV Bharat / state

এক লাখ নতুন নিযুক্তি বনাম অৰ্ধ লক্ষাধিক অস্থায়ী কৰ্মচাৰী

author img

By

Published : Feb 17, 2022, 2:05 PM IST

এফালে চৰকাৰৰ এক লাখ নতুন নিযুক্তি দিয়াৰ প্ৰতিশ্ৰুতি আনফালে ঠিকাভিত্তিক বা অস্থায়ী কৰ্মচাৰীৰ প্ৰতিবাদ । অস্থায়ী কৰ্মচাৰীৰ ওপৰত এতিয়াও নিৰ্ভৰশীল অসমৰ বহুকেইটা বিভাগ (Many departments in Assam dependent on contractual employees) । প্ৰায় অৰ্ধ লক্ষাধিক ঠিকাভিত্তিক কৰ্মচাৰী নিযুক্ত হৈ আছে অসমৰ বিভিন্ন বিভাগত । শিক্ষা বিভাগতে আছে প্ৰায় ৫৫ হাজাৰ ঠিকাভিত্তিক কৰ্মচাৰী ।

contractual employees
এক লাখ নতুন নিযুক্তি বনাম অৰ্ধ লক্ষাধিক অস্থায়ী কৰ্মচাৰী

গুৱাহাটী,১৭ ফেব্ৰুৱাৰী : মুখ্যমন্ত্ৰীৰ আসনত বহাৰ দিনৰে পৰা আজি পৰ্যন্ত ড৹ হিমন্তবিশ্ব শৰ্মাই বিভিন্ন সভাই সমিতিয়ে কৰি অহা আটাইতকৈ গুৰুত্বপূৰ্ণ ব্যক্তব্যটোৱেই হ'ল-তেওঁৰ চৰকাৰখনে এইটো বছৰৰ ভিতৰতে "গণি গণি" এক লাখ নতুন নিযুক্তি দিব । এয়া এইখন চৰকাৰৰ সংকল্প । মুখ্যমন্ত্ৰীৰ এনে ঘোষণা ৰাজ্যৰ লাখ লাখ নিবনুৱাৰ বাবে হৈ পৰিছে মৰুভূমিত মৰুদ্যান স্বৰূপ । সকলোৱে আশাৰে বাট চাইছে - কেতিয়া হ'ব এই এক লাখ নতুন নিযুক্তি !

কিন্তু গুৰুত্বপূৰ্ণ বিষয়টো হ'ল যি সময়ত চৰকাৰখনে বা মুখ্যমন্ত্ৰীয়ে এক লাখ নতুন নিযুক্তিৰ কথা কৈ আহিছে, সেই সময়তে কিন্তু বিগত সুদীৰ্ঘকাল জুৰি ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত সেৱা আগবঢ়াই অহা প্ৰায় অৰ্ধ লক্ষাধিক অস্থায়ী, ঠিকাভিত্তিক কৰ্মচাৰীয়ে (Contractual employees in Assam) নিজৰ চাকৰিটো স্থায়ী বা নিয়মীয়া কৰিবলৈ চৰকাৰৰ ঘৰত বিৰামহীনভাৱে আবেদন নিবেদন কৰিও আজিকোপতি কোনো সুফল পোৱা নাই । প্ৰাপ্ত তথ্য অনুসৰি আজিৰ তাৰিখতো সৰ্বাধিক ঠিকাভিত্তিক বা অস্থায়ী কৰ্মচাৰী নিযুক্ত হৈ আছে ৰাজ্যৰ শিক্ষা বিভাগত ।

এক অনিশ্চিত ভৱিষ্যৎ লৈ আজিও প্ৰাথমিক শিক্ষা বিভাগত প্ৰায় ৪০ হাজাৰ, ষ্টেট পুলত ১০ হাজাৰ আৰু হাইস্কুলত প্ৰায় ৫ হাজাৰ ঠিকাভিত্তিক শিক্ষকে কাম কৰি আছে । অৰ্থাৎ কেৱল শিক্ষা বিভাগতে আছে প্ৰায় ৫৫ হাজাৰ ঠিকাভিত্তিক কৰ্মচাৰী (Education department has about 55000 contractual employees)। কেৱল এইটো বিভাগেই নহয়, বাকী বহুকেইটা চৰকাৰী বিভাগতো একেই অৱস্থা ।

প্ৰায় ৮ হাজাৰ ঠিকাভিত্তিক কৰ্মচাৰীয়ে বছৰৰ পিছত বছৰজুৰি কাম কৰি আহিছে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত (About 8000 contractual employees in PNRD of Assam)। চাকৰি নিয়মীয়াকৰণৰ দাবীত বিভাগটোৰ কম্পিউটাৰ সহায়ক, কনিষ্ঠ সহায়ক আদিয়ে অব্যাহত ৰাখিছে আন্দোলন । গুৰুত্বপূৰ্ণ কথাটো হ'ল স্বাস্থ্য বিভাগৰ এন এইচ এমত (NHM) কাম কৰি অহা সকলো কৰ্মচাৰীয়েই অস্থায়ী ভিত্তিক । এইসকল কৰ্মচাৰী কৰ্মৰত হৈ আছে এ এন এম, চি এইচ অ', ফাৰ্মাচিষ্ট, জিলা প্ৰৱন্ধক আদি পদত ।

একেদৰে, শক্তি বিভাগতো নিয়োজিত হৈ আছে প্ৰায় ৫ হাজাৰ ঠিকাভিত্তিক কৰ্মচাৰী । বিগত সুদীৰ্ঘ সময়জুৰি এইসকল ঠিকাভিত্তিক কৰ্মচাৰীয়ে নিজৰ চাকৰিটো নিয়মীয়া হ'ব বুলি ভাবি থাকিল যদিও আজিকোপতি সেয়া হৈ নুঠিল । ৰাজ্যৰ প্ৰায় প্ৰতিটো অঞ্চলতে শক্তি বিভাগত এইসকল কৰ্মচাৰী কৰ্মৰত হৈ আছে । মিটাৰ ৰিডাৰ, সহকাৰী লাইনমেন, বিল ক্লাৰ্ক, পিয়ন, চকীদাৰ আদি বিভিন্ন পদত কৰ্মৰত হৈ আছে এইসকল অস্থায়ী বা ঠিকাভিত্তিক কৰ্মচাৰী ।

একেদৰে বন বিভাগতো বছৰৰ পিছত বছৰজুৰি সেৱা আগবঢ়াই আহিছে এহেজাৰৰো অধিক অস্থায়ী কৰ্মচাৰীয়ে । এক কথাত ক'বলৈ গ'লে ৰাজ্য চৰকাৰৰ বহুকেইটা বিভাগ অস্থায়ী বা ঠিকাভিত্তিক কৰ্মচাৰীয়েহে ধৰি ৰাখিছে ।

লগতে পঢ়ক :অসমীয়া কৃষ্টি-সংস্কৃতিকলৈ অংগৰাগ পাপনৰ নতুন প্ৰজেক্ট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.