ETV Bharat / state

GMC Project: আজিও‌ সম্পূৰ্ণ কাৰ্যক্ষম নহ’ল মহানগৰীৰ বিদ্যুৎ শক্তি উৎপাদনৰ কোটি টকীয়া প্ৰকল্প

author img

By ETV Bharat Assamese Team

Published : Sep 21, 2023, 10:33 PM IST

মহানগৰীত ইটোৰ পিচত সিটোকৈ অভিলাষী প্ৰকল্প ৷ গুৱাহাটী পৌৰ নিগমে গুৱাহাটীত জাৱৰৰ পৰা বিদ্যুৎ শক্তি উৎপাদন কৰাৰ বাবে পুনৰ দুটা প্ৰকল্প আৰম্ভ কৰাৰ পৰিকল্পনা কৰে ৷

Multi crore project to generate power again in city
মহানগৰীত পুনৰ বিদ্যুৎ শক্তি উৎপাদনৰ কোটি টকীয়া প্ৰকল্প

গুৱাহাটী, 21 ছেপ্টেম্বৰ : গুৱাহাটী পৌৰ নিগমে গুৱাহাটীত জাৱৰৰ পৰা বিদ্যুৎ শক্তি উৎপাদন কৰাৰ বাবে পুনৰ দুটা প্ৰকল্প আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে । এই কথা সদৰী কৰে গুৱাহাটী পৌৰ নিগমৰ আয়ুক্তই । আয়ুক্তগৰাকীয়ে এই সন্দৰ্ভত কয় যে, ইয়াৰে এটা প্ৰকল্পৰ বাবে আদাবাৰীত ইতিমধ্যে স্থান বাচনি কৰা হৈছে যদিও আনটো প্ৰকল্পৰ বাবে স্থান বাচনি কৰা হোৱা নাই ৷

কিন্তু হাস্যকৰ কথা যে পূৰ্বেও এনেধৰণৰ এটা প্ৰকল্পৰ কাম গুৱাহাটী পৌৰ নিগমে হাতত লৈছিল যদিও কাৰ্যক্ষম নহ’ল । তাৰ পিচতে এতিয়া আকৌ এটা নহয় দুটাকৈ গুৱাহাটীত জাৱৰৰ পৰা বিদ্যুৎ শক্তি উৎপাদন কৰা প্ৰকল্প আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে।‌

জাৱৰৰ পৰা বিদ্যুৎ শক্তি উৎপাদন কৰা প্ৰকল্প
জাৱৰৰ পৰা বিদ্যুৎ শক্তি উৎপাদন কৰা প্ৰকল্প

উল্লেখ্য যে, যোৱা 2015-16 চনতে বৰছলা বিলৰ কাষত প্ৰকল্পটো স্থাপন কৰা হৈছিল । কিন্তু আজিও সম্পূৰ্ণ কাৰ্যক্ষম হৈ নুঠিল বিদ্যুৎ শক্তি উৎপাদন কৰাৰ বাবে পল্টন বজাৰৰ বৰছলা বিলৰ কাষত স্থাপন কৰা প্ৰকল্পটো ৷ গুৱাহাটী পৌৰ নিগমে জাৱৰৰ পৰা বিদ্যুৎ শক্তি উৎপাদন কৰাৰ বাবে পল্টন বজাৰৰ বৰছলা বিলৰ কাষত স্থাপন কৰিছিল এই প্ৰকল্পটো ।‌ অভিযোগ অনুসৰি পৌৰ নিগম কৰ্তৃপক্ষৰ চৰম অৱহেলা আৰু দায়িত্বজ্ঞানহীনতাৰ বাবে প্ৰকল্পটো সম্পূৰ্ণভাবে কাৰ্যক্ষম হৈ উঠা নাই ।

লক্ষণীয় যে প্ৰকল্পটোৰ কাম সম্পূৰ্ণ কৰি 2020 চনৰ 13 আগষ্টত প্ৰকল্পটো মুকলি কৰা হৈছিল । পৌৰ নিগমে এই প্ৰকল্পটো স্থাপনৰ বাবে জি পি এছ ৰিনুৱেল এলুমিনিটেড প্ৰাইভেট লিমিটেড (GPS Renuel Aluminated Private Limited) নামৰ কোম্পানীটোক দায়িত্ব দিছিল । আনকি প্ৰকল্পটোৰ বাবে পৌৰ নিগমে 1.49 কোটি টকা খৰছ কৰে ৷ প্ৰকল্পটো নিৰ্মাণৰ উদ্দেশ্যে আছিল মহানগৰীত দৈনিক উৎপাদন হোৱা জাৱৰৰ পৰা বিজ্ঞানসম্মতভাৱে বিদ্যুৎ শক্তি উৎপাদন কৰা আৰু এই বিদ্যুৎ শক্তিৰ দ্বাৰা মহানগৰীৰ ৰাস্তাৰ বিজুলী বাতি জ্বলোৱা ৷ প্ৰকল্পটোৰ বাবে তিনিটাকৈ বৃহৎ টেংকি স্থাপনো কৰা হৈছিল ।

প্ৰথমতে এটা টেংকিত সংগ্ৰহ কৰা জাৱৰবোৰ ভৰাই তাত কেঁচা আৰু শুকান জাৱৰবোৰ ভাগ কৰাৰ লগতে বৰ্জিত প্লাষ্টিকবোৰ আঁতৰ কৰা হয় । তাৰ পিচত কেঁচা জাৱৰবোৰ দ্বিতীয়টো টেংকীত ভৰাই নিষ্কাষণ কৰি সেইবোৰ বিজ্ঞানসন্মতভাৱে তৃতীয় টেংকীত ভৰাই মিথাইল গেছ উৎপাদন কৰা হয় । বিশেষ জেনেৰেটৰ ব্যৱহাৰ কৰি শেষত মিথাইল গেছৰ পৰা বিদ্যুৎ শক্তি উৎপাদন কৰা হয় । এই বিদ্যুৎ শক্তিৰে পল্টনবজাৰ এলেকাৰ 200 টা ৰাস্তাৰ বিজুলী বাতি জ্বলোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল । প্ৰকল্পটোৰ জৰিয়তে দৈনিক 5 টন জাৱৰৰ পৰা 700 ইউনিট মিছাইল গেছ উৎপাদন কৰাৰ ক্ষমতা নিৰ্ধাৰণ কৰা হৈছিল ।

কিন্তু প্ৰকল্পটো সম্পূৰ্ণ হোৱাৰ পিচতো আজিলৈকে বিজুলী বাতি জ্বলোৱা দূৰৰ কথা বিদ্যুৎ শক্তি উৎপাদনৰ কামে আৰম্ভ হোৱা নাই । ইপিন পৌৰ নিগম কৰ্তৃপক্ষই , প্ৰকল্পটো মুকলি কৰাৰ পিচত জাৱৰৰ অভাৱৰ বাবে প্ৰকল্পটো সম্পূৰ্ণকৈ কাৰ্যক্ষম কৰিব পৰা নাই বুলি সদৰী কৰিছে । কিন্তু গুৱাহাটীত জাৱৰৰ অভাৱ নাই।

গুৱাহাটীত আই আই টিৰ এক সমীক্ষামতে গুৱাহাটীত দৈনিক 600 মেট্টিক টন জাৱৰ উৎপাদন হয়।‌ ইয়াৰে 400 টন জাৱৰহে পৌৰ নিগম কৰ্তৃপক্ষই সংগ্ৰহ ‌কৰিবলৈ সক্ষম ।‌ গতিকে পৌৰ নিগম কৰ্তৃপক্ষই সদৰী কৰাৰ দৰে জাৱৰৰ অভাৱৰ‌ বাবে নহয় সদিচ্ছাৰ অভাৱৰ বাবে গ্ৰহণ কৰা অভিলাষী আঁচনিবোৰ সফল‌ নহয়। এয়াই হৈছে গুৱাহাটী পৌৰ নিগমৰ উন্নয়নৰ কামৰ নমুনা।‌

লগতে পঢ়ক: Manipur Violence: মণিপুৰত আৰক্ষী-প্ৰতিবাদকাৰীৰ মাজত সংঘাত; পশ্চিম ইম্ফলত সান্ধ্য আইন জাৰি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.