ETV Bharat / bharat

Manipur Violence: মণিপুৰত আৰক্ষী-প্ৰতিবাদকাৰীৰ মাজত সংঘাত; পশ্চিম ইম্ফলত সান্ধ্য আইন জাৰি

author img

By ETV Bharat Assamese Team

Published : Sep 21, 2023, 8:20 PM IST

Updated : Sep 21, 2023, 9:39 PM IST

পশ্চিম ইম্ফলৰ জিকাত ৫ জন গাঁওৰক্ষী বাহিনীক মণিপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিচতেই বৃহস্পতিবাৰে সহস্ৰাধিক গাঁওবাসীয়ে ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে । ইয়াৰ পিচতে আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ কন্দুৱা গেছ আৰু শূন্যলৈ গুলীচালনা কৰে ৷

ছিংজামেইত প্ৰতিবাদ
ছিংজামেইত প্ৰতিবাদ

তেজপুৰ, ২১ ছেপ্টেম্বৰ : মণিপুৰত পুনৰ অশান্তজৰ্জৰ পৰিস্থিতি । ছিংজামেই আৰক্ষী থানাৰ অধীনৰ পশ্চিম ইম্ফলৰ জিকাত ৫ জন গাঁৱৰক্ষী বাহিনীক মণিপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিচতেই বৃহস্পতিবাৰে সহস্ৰাধিক গাঁওবাসীয়ে ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে । ইয়াৰ পিচতে আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ কন্দুৱা গেছ আৰু শূন্যলৈ গুলীচালনা কৰে ৷

যোৱা ১৬ ছেপ্টেম্বৰত পাঁচগৰাকী গাঁৱৰক্ষী বাহিনীৰ লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ৷ তাৰ পিচতেই পৰিস্থিতিয়ে ক্ৰমান্বয়ে জটিল ৰূপ লৈছিল । ইয়াৰেই ফলস্বৰূপে বৃস্পতিবাৰে ছিংজামেই আৰক্ষী থানাত গাঁৱবাসীয়ে বিশাল গণ সমাৱেশ উলিয়াই । আনহাতে চুৰাচান্দপুৰ এলেকাত কুকি জো উগ্ৰপন্থীৰ মাজতো গুলীয়াগুলী অব্যাহত আছে বুলি জানিব পৰা গৈছে । এই ঘটনাৰ পাছতেই পশ্চিম ইম্ফলত আজি সন্ধিয়া 5 বজাৰ পৰা অনিৰ্দিষ্ট কাললৈ সান্ধ্য আইন জাৰি কৰা হয় ৷

Manipur Violence
পশ্চিম ইম্ফলত সান্ধ্য আইন জাৰি

প্ৰতিবাদকাৰীসকলে আৰক্ষীৰ ওপৰত ক্ষোভ উজাৰি কয়, ‘‘গাঁৱৰক্ষী বাহিনীৰ লোকক গ্ৰেপ্তাৰ কৰিলেই, এতিয়া আমাকো গ্ৰেপ্তাৰ কৰক ৷’’ ইয়াৰ পিচতেই পৰিস্থিতিৰ অধিক অৱনতি ঘটে ৷ পৰিস্থিতি নিয়ন্ত্ৰণৰ হেতুকে মণিপুৰ আৰক্ষী আৰু আৰ এ এফে প্ৰতিবাদকাৰীলৈ উদ্দেশ্যি কন্দুৱা গেছ আৰু গুলী নিক্ষেপ কৰে ৷

ছিংজামেইত প্ৰতিবাদ
ছিংজামেইত প্ৰতিবাদ

লক্ষণীয় যে, ৰাজ্যখনৰ ভিন্ন প্ৰান্তৰ লগতে পশ্চিম ইম্ফল জিলাত পুনৰ হিংসাত্মক ঘটনা সংঘটিত নহ’বলৈ বহুত সংখ্যক ৰেপিড এক্সন ফৰ্চ আৰু অসম ৰাইফলছৰ বাহিনী নিয়োগ কৰিছে ৷ আনহাতে বৃহস্পতিবাৰে মণিপুৰৰ উচ্চ ন্যায়ালয়ে যোৱা মে' মাহৰ পৰা সংঘটিত হোৱা গোষ্ঠীগত সংঘৰ্ষৰ উচতনি দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ কৰা মণিপুৰৰ প্ৰাক্তন বিধায়ক টি হোকিপৰ জামিন নাকচ কৰে ।

ইফালে, এই সময়ছোৱাত মণিপুৰৰ কাংপকপি জিলাৰ কে লাংনম গাঁৱৰ এলেকাত চিআৰপিএফ আৰু আৰক্ষীয়ে যৌথ অনুসন্ধান অভিযান চলাই বিয়লিলৈ ৪ টা মৰ্টাৰ উদ্ধাৰ কৰে । এই মৰ্টাৰসমূহ জোপোহাৰ তলত লুকুৱাই ৰখা হৈছিল । ২২ নং অসম ৰাইফলছ আৰু চি আৰ পি এফ'ৰ দলে কে পি আই জিলা আৰক্ষী (বিশেষ অভিযান গোট)ৰ কম্বাইন দলৰ নেতৃত্বত লুটমিনথাং কিপগেন অঞ্চলত এই সামগ্ৰীসমূহ উদ্ধাৰ কৰে ।

মৰ্টাৰ উদ্ধাৰ
মৰ্টাৰ উদ্ধাৰ

আনহাতে পাহাৰীয়া অঞ্চল থোৱাল জিকাত এটা পুৰণা ভিডিঅ’ সামাজিক মাধ্যমত প্ৰচাৰ চলোৱাৰ পিচত জিলাখনত চৰা মুছলমান আৰু মেইটেই জনগোষ্ঠীৰ মাজত হিংসাত্মক ঘটনা সংঘটিত হয় । ১৯ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হোৱা এই ঘটনাৰ বাবে মণিপুৰ আৰক্ষীয়ে সকলোকে সামাজিক মাধ্যমত বিচলিত কৰা ভিডিঅ’ বা ভুল সংবাদ প্ৰচাৰ কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে । ইতিমধ্যে মণিপুৰৰ হিংসাত্মক ঘটনাৰ বাবে বাহিৰৰ পৰা এন এছ চি এনৰ নেতাই সহযোগ কৰাৰ এক নতুন তথ্য পোহৰলৈ আহিছে ।

লগতে পঢ়ক: Manipur violence: নতুন কম্বোডিয়া হৈ পৰিছে নেকি মণিপুৰ ?

Last Updated :Sep 21, 2023, 9:39 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.