ETV Bharat / bharat

Manipur violence: নতুন কম্বোডিয়া হৈ পৰিছে নেকি মণিপুৰ ?

author img

By ETV Bharat Assamese Team

Published : Sep 20, 2023, 11:01 PM IST

Updated : Sep 20, 2023, 11:08 PM IST

Manipur violence
নতুন কম্বোডিয়া হৈ পৰিছে নেকি মণিপুৰ ?

সংঘাতপূৰ্ণ মণিপুৰ অবৈধ অস্ত্ৰ ব্যৱসায়ৰ কেন্দ্ৰলৈ পৰিণত হৈছে আৰু ই এখন নতুন কম্বোডিয়াত পৰিণত হৈছে ।ভাৰতৰ নিৰাপত্তা সংস্থাৰ এগৰাকী জ্যেষ্ঠ বিষয়াই সদৰী কৰে এই তথ্য ৷ নিৰাপত্তা সংস্থাসমূহে কৰা এই দাবীৰ আঁৰৰ কাৰণ হ’ল এন এছ চি এন-আই এমৰ এজন শীৰ্ষ কেডাৰৰ বিৰুদ্ধে অবৈধ বন্দুকৰ চক্ৰ চলোৱাৰ অভিযোগ ।

নিউজ ডেস্ক, ২০ ছেপ্টেম্বৰ: সংঘাতপূৰ্ণ মণিপুৰত ২৪ ঘণ্টাই কাম কৰা নিৰাপত্তা সংস্থাসমূহে ৰাজ্যখনত অবৈধভাৱে অস্ত্ৰ-শস্ত্ৰ বিক্ৰী কৰা বুলি প্ৰকাশ কৰি এক প্ৰতিবেদন প্ৰস্তুত কৰিছে । ভাৰতৰ নিৰাপত্তা সংস্থাৰ এগৰাকী জ্যেষ্ঠ বিষয়াই কয় যে হিংসা প্ৰভাৱিত ৰাজ্যখন প্ৰায় কম্বোডিয়াৰ দৰে হৈ পৰিছে, যি অবৈধ অস্ত্ৰ ব্যৱসায়ৰ কেন্দ্ৰবিন্দু হৈ পৰিছে । নিৰাপত্তা সংস্থাসমূহে কৰা এই দাবীৰ আঁৰৰ কাৰণ হ’ল এন এছ চি এন-আই এমৰ এজন শীৰ্ষ কেডাৰৰ বিৰুদ্ধে অবৈধ বন্দুকৰ চক্ৰ চলোৱাৰ অভিযোগ উত্থাপন হৈছে ।

এন এছ চি এন-আই এমৰ ধৃত কৰ্মীগৰাকীক নগা সংগঠনটোৰ স্বয়ম্ভূ অধিনায়ক শ্বাইনিংছন চিলহাং বুলি চিনাক্ত কৰা হৈছে । যোৱা ৩ মে’ত ৰাজ্যত হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ পাচৰে পৰা মণিপুৰৰ আৰক্ষী থানা আৰু অস্ত্ৰ ভাণ্ডাৰৰ পৰা ৪ হাজাৰৰো অধিক অস্ত্ৰ আৰু ছয় লাখ ৰাউণ্ড গুলী লুট কৰা হৈছে ।

অসম ৰাইফলছ, সেনা আৰু মণিপুৰ আৰক্ষীৰ যৌথ অভিযানত চলিত মাহৰ আৰম্ভণিতে গ্ৰেপ্তাৰ কৰা হৈছিল এম চিলহাঙক । ইটিভি ভাৰতক নাম প্ৰকাশ নকৰাৰ চৰ্তত বিষয়াগৰাকীয়ে কয় যে তেওঁৰ পৰা ৫ ৰাউণ্ড সক্ৰিয় গুলীৰ সৈতে এটা ৯ মিমি কাৰ্বাইন উদ্ধাৰ কৰা হৈছে । জেৰাৰ সময়ত চিলহাঙে প্ৰকাশ কৰে যে তেওঁ উপত্যকাৰ এজন ব্যক্তিৰ পৰা তিনি লাখ টকাত কাৰ্বাইন আৰু গোলাবাৰুদ ক্ৰয় কৰিছিল ।

বিষয়াগৰাকীয়ে লগতে কয় যে মণিপুৰ আৰক্ষীৰ অস্ত্ৰ ভাণ্ডাৰৰ পৰা এই কাৰ্বাইন লুট কৰা হৈছে । বিষয়াগৰাকীয়ে লগতে কয় যে চিলহাঙৰ পূৰ্বে বন্দুক চলোৱাৰ অভিজ্ঞতা থকাৰ বাবে আছাম ৰাইফলছে চিলহাঙৰ গতিবিধি অনুসৰণ কৰি আছিল ।

বিষয়াগৰাকীয়ে আৰু কয় যে, ৰাজ্যখনত আৰক্ষী আৰু কেন্দ্ৰীয় বাহিনীক লুট কৰি অস্ত্ৰসমূহ মণিপুৰৰ লগতে অন্যান্য চুবুৰীয়া ৰাজ্যত উগ্ৰপন্থী সংগঠনক বিক্ৰী কৰাৰ খবৰ লাভ কৰা হৈছে ৷ মুঠ ৪ হাজাৰ নিৰুদ্দেশ হোৱা অস্ত্ৰ-শস্ত্ৰ আৰু আন কেইবাটাও গুলীৰ ভিতৰত ৫ আগষ্টলৈকে নিৰাপত্তা বাহিনীয়ে মাত্ৰ ১১৯৫টা অস্ত্ৰ-শস্ত্ৰ আৰু ১৪,৩২২টা গোলাবাৰুদ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷

লেফটেনেণ্ট জেনেৰেল (অৱসৰপ্ৰাপ্ত) জন ৰঞ্জন মুখাৰ্জীয়ে ইটিভি ভাৰতক কয় যে সংঘাতপূৰ্ণ মণিপুৰ অবৈধ অস্ত্ৰ ব্যৱসায়ৰ কেন্দ্ৰলৈ পৰিণত হৈছে আৰু ই এখন নতুন কম্বোডিয়াত পৰিণত হৈছে । মুখাৰ্জীয়ে উত্তৰ-পূবত এটা ব্ৰিগেড আৰু এটা ডিভিজনৰ নেতৃত্ব দি আহিছে ।

বৰ্তমান তেওঁ কলকাতাস্থিত নিৰাপত্তা থিংক টেংক চেণ্টাৰ ফৰ ইষ্টাৰ্ণ এণ্ড নৰ্থ ইষ্টাৰ্ণ ৰিজিঅ’নেল ষ্টাডিজ কলকাতা (CENERS-K)ৰ অধ্যক্ষ ।

১৯৯০ চনৰ শেষৰ ফালে আৰম্ভ হোৱা ইউৰোপীয় সংঘৰ প্ৰকল্পৰ অংশ হিচাপে "শান্তিৰ বাবে আগ্নেয়াস্ত্ৰ"ৰ ব্যাপক ধ্বংসৰ পিচত দক্ষিণ-পূব এছিয়াৰ বিস্তৃত গোলা বাৰুদৰ বাবে কম্বোডিয়া আছিল আটাইতকৈ গুৰুত্বপূৰ্ণ বজাৰ । ইয়াত প্ৰকাশ কৰা হৈছে যে ১৯৯৯ চনৰ পৰা ২০০৬ চনলৈকে এই প্ৰকল্পটোৱে আনুমানিক ২০৮,০০০ অস্ত্ৰ ধ্বংস কৰাত সফল হৈছিল ।

তাৎপৰ্যপূৰ্ণভাৱে ২০১৫-১৬ চনত ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই (NIA) থাইলেণ্ডৰ এজন অস্ত্ৰ ব্যৱসায়ী উইলি নাৰুক কৰা জেৰাত ভাৰতীয় বিদ্ৰোহীক লিংকমেনৰ জৰিয়তে অস্ত্ৰ যোগান ধৰাৰ ক্ষেত্ৰত চীনৰ অস্ত্ৰ-শস্ত্ৰ কাৰখানাসমূহ প্ৰত্যক্ষভাৱে জড়িত থকাৰ তথ্যও পোহৰলৈ আহিছে ।

লগতে পঢ়ক: Firing incident reported in Manipur : মণিপুৰৰ টেংনৌপালত গুলীচালনা, সুৰক্ষা কৰ্মী আৰু স্থানীয় লোকৰ মাজত সংঘাত

Last Updated :Sep 20, 2023, 11:08 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.