ETV Bharat / bharat

Firing incident reported in Manipur : মণিপুৰৰ টেংনৌপালত গুলীচালনা, সুৰক্ষা কৰ্মী আৰু স্থানীয় লোকৰ মাজত সংঘাত

author img

By ETV Bharat Assamese Team

Published : Sep 8, 2023, 6:39 PM IST

মণিপুৰৰ টেংনৌপাল জিলাৰ মলনি গাঁৱৰ সমীপত পালি অঞ্চলত সন্দেহজনক কুকি উগ্ৰপন্থী আৰু মণিপুৰৰ সুৰক্ষা বাহিনীৰ মাজত ভয়াৱহ গুলীচালনাৰ ঘটনা সংঘটিত হোৱাৰ খবৰ প্ৰকাশ পাইছে ৷ গুলীয়াগুলি ঘটনাত 4 জন কুকি উগ্ৰপন্থীৰ নিহত হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে ৷

Firing incident reported in Tengnoupal district
কুকি উগ্ৰপন্থী আৰু মণিপুৰৰ সুৰক্ষা বাহিনীৰ মাজত ভয়াৱহ গুলীচালনাৰ ঘটনা

মণিপুৰত সংঘাতে পুনৰ এক ভয়াৱহ ৰূপ ধাৰণ কৰিছে

তেজপুৰ, 8 ছেপ্টেম্বৰ : মণিপুৰত সংঘাতে পুনৰ এক ভয়াৱহ ৰূপ ধাৰণ কৰিছে ৷ এই সংঘাতত মুঠ 70 জন লোক গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত আৰু চাৰি জন কুকি উগ্ৰপন্থীৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ৷

শুকুৰবাৰে পুনৰ টেংনৌপাল জিলাৰ মলনি গাঁৱৰ সমীপত পালি অঞ্চলত সন্দেহজনক কুকি উগ্ৰপন্থী আৰু মণিপুৰৰ সুৰক্ষা বাহিনীৰ মাজত ভয়াৱহ গুলীচালনাৰ ঘটনা সংঘটিত হোৱাৰ খবৰ প্ৰকাশ পাইছে স্থানীয় সংবাদ মাধ্যমৰ যোগেদি ৷ গুলিয়াগুলি ঘটনাত 4 জন কুকি উগ্ৰপন্থীৰ নিহত হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে ৷

পালি অঞ্চলত আজি পুৱাৰে পৰা কুকি উগ্ৰপন্থীয়ে গাঁওবাসীলৈ লক্ষ্য কৰি গুলীচালনা কৰে আৰু তাৰ পিছতেই অঞ্চলত সুৰক্ষা বাহিনী নিয়োজিত কৰা হয় ৷ ঘটনা সংঘটিত হোৱাৰ পিছতে কাক্সিং আৰু থৌবালৰ পৰা শ শ লোক গুলীচালনা সংঘটিত হোৱা অঞ্চললৈ ঢাপলি মেলে ৷ এই অঞ্চলত স্থানীয় আৰক্ষীৰ লগতে অসম ৰাইফলছৰ দল তাৎক্ষণিকভৱে নিয়োগ কৰা হয় ৷ স্থানীয় লোকে অসম ৰাইফলছৰ বাধা নেওচি এই অঞ্চলত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰাত অসম ৰাইফলছ আৰু সুৰক্ষা কৰ্মীয়ে কন্দুৱা গেছ আৰু ৰবৰ বুলেট নিক্ষেপ কৰে ৷ ফলত 11 জন লোক ৰবৰ বুলেট লাগি আহত হয় আৰু এই ঘটনাত প্ৰায় 70 জন লোক গুৰুতৰভাবে আহত হয় বুলি জানিব পৰা গৈছে ৷

আনহাতে 1 ছেপ্টেম্বৰত বিষ্ণুপুৰ জিলাৰ থামনাপোকপিত সন্দেহযুক্ত কুকি উগ্ৰপন্থীয়ে দিনজোৰা মৰ্টাৰ আৰু বন্দুকেৰে আক্ৰমণ চলায় ৷ এই ঘটনাত 8 জনলোক আহত আৰু এজন নিহত হৈছে বুলি জানিব পৰা গৈছে ৷ নিহত লোকজনৰ নাম থামনাপোকপিৰ পেবাম দেবান (51) বুলি চিনাক্ত কৰা হৈছে ৷ আনহাতে সুৰক্ষা বাহিনীৰ প্ৰত্যুত্তৰত 6 কুকি উগ্ৰপন্থীৰ মৃত্যু হোৱা বুলিও স্থানীয় সংবাদ মাধ্যমৰ যোগেদি প্ৰকাশ পাইছিল ৷ এই ঘটনাত মুঠ 8 জনৰ মৃত্যু আৰু 8 জন আহত হৈছিল ৷

লগতে পঢ়ক : G20 Delhi Summit 2023 : উন্নয়নশীল বিশ্বৰ কণ্ঠস্বৰ হ'ব বিচাৰে ভাৰত; কিন্তু ইউক্ৰেইন যুদ্ধই আলোচনাক প্ৰভাৱিত কৰিব পাৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.