ETV Bharat / state

Badruddin Ajmal: এফালে I.N.D.I.Aত যোগদানৰ আশা, আনফালে ক্ষোভ আজমলৰ; মুখ্যমন্ত্ৰীৰ বিৰুদ্ধেও সমালোচনাত মুখৰ

author img

By ETV Bharat Assamese Team

Published : Oct 2, 2023, 7:38 PM IST

‘‘ৰাহুল গান্ধী INDIAৰ এটা পাৰ্টহে, আমি নীতিশ কুমাৰ, শাৰদ পাৱাৰৰ লগতহে কথা পাতিছোঁ ৷’’ এফালে I.N.D.I.Aত যোগদানৰ আশা, আনফালে ক্ষোভ আজমলৰ ৷ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধেও সমালোচনাত মুখৰ আজমল ৷

MP Badruddin Ajmal Reacts to Opposition alliance
আজমলৰ ক্ষোভ

হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সমালোচনাত মুখৰ আজমল

গুৱাহাটী, 2 অক্টোবৰ : বিৰোধীৰ ৰাষ্ট্ৰীয় মিত্ৰজোঁট I.N.D.I.A.ৰ পৰা সঁহাৰি পাওক বা নাপাওক বিজেপিক দিল্লীৰ ক্ষমতাৰ পৰা আঁতৰাবলৈ I.N.D.I.A.ক সহায় কৰিবলৈ যেন বদ্ধপৰিকৰ বদৰুদ্দিন আজমল ৷ বৰ্তমানলৈ কামেৰে নহ’লেও কথাৰে তাকেই বুজাব খোজে আজমলে ৷ লোকসভাক লৈ ৰাজনীতিৰ নিমিলা অংক লৈ ব্যস্ত হৈ আছে বদৰুদ্দিন আজমল ৷ বিৰোধী মহাজোঁট INDIA ত AIUDFক অংশীদাৰ কৰি নোলোৱাত দলটোৰ সভাপতি তথা সাংসদ বদৰুদ্দিন আজমলৰ ক্ষোভ ৷ তথাপি যেন নমতা বিয়া খাবলৈ সাজু আজমল ৷

সোমবাৰে গুৱাহাটীত বিৰোধী মহাজোঁট INDIAৰ নেতৃত্বৰ দ্বাৰা AIUDFক উপেক্ষা, ৰাহুল গান্ধী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মিঞা মুছলমানক লৈ কৰি অহা মন্তব্য প্ৰসংগত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আজমলে ৷ ৰাহুল গান্ধীয়ে AIUDFৰে কংগ্ৰেছৰ কোনো সম্পৰ্ক নাই বুলি কৰা মন্তব্য প্ৰসংগতো প্ৰতিক্ৰিয়া আজমলৰ ৷

''INDIAক আমি সহায় কৰিমেই ৷ ৰাহুল গান্ধী INDIAৰ এটা পাৰ্টহে ৷ আমি নীতিশ কুমাৰৰ লগত কথা পাতিছো ৷ ২০২৪ত দিল্লীৰ পৰা হতাব লাগে বিজেপিক ৷" INDIAৰ অংশীদাৰ হোৱাৰ পৰা এঘৰীয়া হোৱা আৰু ৰাহুল গান্ধীৰ AIUDF ক লৈ শেহতীয়া স্পষ্ট মন্তব্য প্ৰসংগত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত এইদৰে নিজৰ মনৰ ক্ষোভ উজাৰিলে বদৰুদ্দিন আজমলে ৷

‘‘ছাগলে নাখায় কি, পাগলে নকয় কি ?’’ হিমন্ত বিশ্ব শৰ্মাক লৈ সৰৱ আজমল-

মুখ্যমন্ত্ৰীৰ বক্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ বদৰুদ্দিন আজমলৰ ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ মিঞাৰ ভোট নালাগে বুলি কৰা মন্তব্য প্ৰসংগতো প্ৰতিক্ৰিয়া আজমলৰ ৷ সাংবাদিকৰ সন্মুখত আজমলে ক’লে “মুখ্যমন্ত্ৰীয়ে আবোল-তাবোল বকিছে ৷ ছাগলে নাখায় কি, পাগলে নকয় কি ? লগতে ডাঙৰ মানুহ কাৰণে এইবোৰ কথা কৈ আছে ? এতিয়া মিঞা মানুহে সিদ্ধান্ত ল'ব ভোট দিব নে নাই ?”

ডিৰ্টাজেন্ট পাউদাৰেৰে সদায় গা ধোৱে আজমলে !

লগতে আজমলৰ মন্তব্য যে এআইইউডিএফলৈ কংগ্ৰেছৰ পৰা মানুহ আহিব ৷ নিৰ্বাচনলৈ এতিয়াও ৬ মাহ বাকী আছে ৷ ধুবুৰীলৈ সকলোকে স্বাগতম জনাইছো ৷

সাংবাদিকৰ আজমলক প্ৰশ্ন— সকলোৱে কৈছে যে এইবাৰ আজমল ধুবুৰীত চাফা হৈ যাব ৷

উত্তৰত AIUDF প্ৰধানজনৰ মন্তব্য— “মই ডিৰ্টাজেন্ট পাউদাৰেৰে সদায় গা ধোঁ ৷ মই চাফায়ে, মোক আৰু কি চাফা কৰিব ?”

লগতে পঢ়ক : Assam CM wife land scam: ৰিণিকি ভূঞা শৰ্মাৰ নাম শুনিলেই অসমীয়া মানুহে ভয় কৰিবলৈ আৰম্ভ কৰিছে; অখিল গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.