ETV Bharat / state

Assam CM wife land scam: ৰিণিকি ভূঞা শৰ্মাৰ নাম শুনিলেই অসমীয়া মানুহে ভয় কৰিবলৈ আৰম্ভ কৰিছে; অখিল গগৈ

author img

By ETV Bharat Assamese Team

Published : Oct 2, 2023, 4:59 PM IST

মুখ্যমন্ত্ৰী পৰিয়ালৰ ভূমি বিতৰ্কক লৈ পুনৰ সৰৱ বিধায়ক অখিল গগৈ ৷ মুখ‍্যমন্ত্ৰীৰ পত্নীয়ে অসমৰ বিভিন্ন ঠাইত যি ধৰণে গোগ্ৰাসে মাটি দখল কৰিবলৈ লৈছে, তাক লৈ অসমীয়া মানুহ আজি শংকিত বুলি কয় তেওঁ ৷

Akhil Gogoi Reacts to CM Familys Land Scam
মুখ্যমন্ত্ৰী পৰিয়ালৰ ভূমি বিতৰ্ক

ভূমি বিতৰ্কক লৈ পুনৰ সৰৱ বিধায়ক অখিল গগৈ

ডিব্ৰুগড়, 2 অক্টোবৰ : মুখ‍্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ নাম শুনিলেই অসমীয়া মানুহে ভয় কৰিবলৈ আৰম্ভ কৰিছে ৷ এই মন্তব্য ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈৰ ৷ মুখ্যমন্ত্ৰী পৰিয়ালৰ ভূমি বিতৰ্কক লৈ পুনৰ সৰৱ হ'ল ৰাইজৰ দল সভাপতি তথা বিধায়ক অখিল গগৈ ৷

সোমবাৰে ডিব্ৰুগড়ত অনুষ্ঠিত হোৱা এক দলীয় সভাত অংশ লৈ বিধায়ক অখিল গগৈয়ে কয় যে, মুখ‍্যমন্ত্ৰীৰ পত্নীয়ে অসমৰ বিভিন্ন ঠাইত যি ধৰণে গোগ্ৰাসে মাটি দখল কৰিবলৈ লৈছে, মাটি কিনিবলৈ লৈছে তাক লৈ অসমীয়া মানুহ আজি শংকিত ৷ অসমৰ ৰাইজে ভাবিবলৈ বাধ্য হৈছে যে, অসমৰ মানুহৰ মাটি মুখ‍্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পৰিয়ালৰ ওচৰত সুৰক্ষিত নহয় নেকি ৷ এতিয়া মুখ‍্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মা আৰু প্ৰাইড ইষ্ট এনন্টাৰটেইনমেন্টৰ নাম শুনিলেই অসমীয়া মানুহে ভয় কৰিবলৈ আৰম্ভ কৰা পৰিৱেশৰ সৃষ্টি হৈছে ৷ মানুহে ভয় খাবলৈ লৈছে যে, আমাৰ মাটিও তেওঁলোকে কাঢ়িব নেকি ৷ পৰিস্থিতি এই পৰ্যায়ৰ পাইছেগৈ বুলি মন্তব্য কৰে অখিল গগৈয়ে ৷

উল্লেখ্য যে মুখ‍্যমন্ত্ৰীৰ পৰিয়ালৰ বিৰুদ্ধে উত্থাপিত হোৱা ভূমি বিতৰ্কক লৈ হৈ যোৱা বিধানসভাৰ শৰতকালীন অধিৱেশনত সৰৱ হৈছিল অখিল গগৈ ৷ মুখ‍্যমন্ত্ৰীগৰাকীয়ে সমগ্ৰ বিষয়টোক লৈ আজি পৰ্যন্ত কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ নকৰিলেও বিৰোধী ৰাজনৈতিক দল সমূহৰ লগতে ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে প্ৰায়েই মুখ‍্যমন্ত্ৰীৰ পত্নীৰ ভূমি বিতৰ্কক লৈ মুখ‍্যমন্ত্ৰীগৰাকীক তীব্ৰ সমালোচনা কৰি আহিছে ৷

ইফালে অসমক সম্পূৰ্ণৰূপে দিল্লীৰ ওচৰত বিজেপি চৰকাৰে বিক্ৰী কৰি দিয়াৰ নিচিনা কৰিছে বুলি তীব্ৰ সমালোচনা কৰে ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে ৷ অসমীয়া জাতিৰ বিৰুদ্ধে বিজেপি চৰকাৰে অৱস্থান লৈছে, গতিকে বিজেপিক পৰাভূত কৰিবই লাগিব বুলি মন্তব্য কৰে তেওঁ ৷

লগতে অখিল গগৈয়ে কয় যে, বিজেপি চৰকাৰৰ দিনত মূল্যবৃদ্ধি যি সাংঘাতিক পৰিমাণে বৃদ্ধি পাইছে সেইটো কেতিয়াও সহ্য কৰিব পৰা বস্তু নহয় ৷ ব্যাপক ৰূপত বৃদ্ধি পোৱা মূল্যবৃদ্ধিৰ বিৰুদ্ধে অসমৰ মানুহ, ভাৰতৰ মানুহ ক্ষুণ্ণ হৈছে , গতিকে বিজেপিক পৰাভূত কৰিব লাগিব ৷ বিজেপিয়ে এফালৰ পৰা আমাৰ দেশৰ সম্পদ লুণ্ঠন কৰিছে আৰু এফালৰ পৰা কৰ্পৰেটবিলাকক বিক্ৰী কৰি দিছে ৷ প্ৰত্যেক ক্ষেত্ৰতে বিজেপিয়ে সম্পদ সমূহৰ ব্যক্তিগতকৰণ কৰিছে আৰু ইয়াৰ বিৰুদ্ধে আমি একলগ হ’ব লাগিব ৷ লগতে আটাইতকৈ ডাঙৰ কথা যে, বিজেপিয়ে আমাৰ অসমীয়া জাতিৰ যিটো আঞ্চলিক সত্তা, জাতীয়তাবাদী সত্তা তাক নাইকীয়া কৰিব খুজিছে বুলি কয় বিধায়কজনে ৷

লগতে পঢ়ক : PM Modi in Chittorgarh : গেহলট চৰকাৰক চোকা আক্ৰমণ প্ৰধানমন্ত্ৰী মোদীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.