ETV Bharat / state

Union Budget reaction: কেন্দ্ৰীয় বাজেটক হতাশাজনক আখ্যা সাংসদ বদৰুদ্দিন আজমলৰ

author img

By

Published : Feb 1, 2023, 10:31 PM IST

AIUDF reaction on Union Budget
কেন্দ্ৰীয় বাজেটক হতাশাজনক আখ্যা

বুধবাৰে সংসদত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিলে 2023-24 বৰ্ষৰ বিত্তীয় বাজেট (Union Budget 2023 Highlights) ৷ এই বাজেটক লৈ চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰিছে বিৰোধীয়ে ৷ 2024 ৰ নিৰ্বাচনক আগত ৰাখি এই বাজেট প্ৰস্তুত কৰা বুলি বিৰোধী দলসমূহে উল্লেখ কৰিছে ৷ এ আই ইউ ডি এফৰ সবাপতি বদৰুদ্দিন আজমলেও প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া (AIUDF reaction on Union Budget) ৷

গুৱাহাটী, 1 ফেব্ৰুৱাৰী: কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি সংসদত দাখিল কৰা 2023-24 বৰ্ষৰ বাজেট সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এ আই ইউ ডি এফে (AIUDF reaction on Union Budget)। কেন্দ্ৰীয় বাজেট সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমলে কয় যে, এই বাজেট দেশবাসী তথা অসম আৰু সংখ্যালঘুসকলৰ বাবে হতাশাজনক আৰু নিৰাশাজনক (Badruddin Ajmal calls Union Budget disappointing) ।

তেওঁ কয় যে, এই বাজেটত নতুন নামেৰে বহু কথা পুনৰাবৃত্তি কৰাৰ বিপৰীতে পূৰ্বৰ বাজেটত ঘোষণা কৰা বহু আঁচনিৰ বাবে চৰকাৰে পুঁজি ৰূপায়ণ কৰাত ব্যৰ্থ হৈছে (Union FM Nirmala Sitharaman)। নিবনুৱা সমস্যা, মুদ্ৰাস্ফীতি আদি কিছুমান মূল বিষয়ৰ বাবে সুদৃঢ় পৰিকল্পনাৰ অভাৱ পৰিলক্ষিত হৈছে এই বাজেটত । বিত্তমন্ত্ৰী নির্মলা সীতাৰমণে এই কাৰ্যকালৰ শেষৰ বাজেটত 7 টা অগ্ৰাধিকাৰৰ তালিকা প্ৰস্তুত কৰিছে । সৰ্বাংগীণ উন্নয়ন, আন্তঃগাঁথনি আৰু বিনিয়োগ, সাম্ভাব্যতাক মুকলি কৰা, সেউজ বৃদ্ধি কৰা, যুৱক-যুৱতীক শক্তিশালী কৰা, বিত্তীয় খণ্ড উন্নয়ন কৰা । যিবোৰ শুনিবলৈ ভাল কিন্তু কাৰ্যকৰীকৰণৰ বাবে কাম কৰা আৰু সেইবোৰ বাস্তৱায়ন কৰাটোৱেই হৈছে দেশৰ উন্নয়নৰ ছাবিকাঠি (Reaction on Union Budget 2023) ।

লগতে পঢ়ক: Union Budget Reaction: কেন্দ্ৰীয় বাজেটক লৈ প্ৰতিক্ৰিয়া ৰাজ্যৰ দুই বিশিষ্ট অৰ্থনীতিবিদৰ

আজমলে আৰু কয় যে, এই চৰকাৰৰ অধীনত নিবনুৱা লোকৰ সংখ্যা উদ্দেগজনকভাৱে বৃদ্ধি পোৱাত বাজেটত চাকৰি বা সংস্থাপন সৃষ্টিৰ ৰোডমেপ দাঙি ধৰাত ব্যৰ্থ হৈছে । বিত্তমন্ত্ৰীয়ে ভাষণত সংখ্যালঘুৰ নাম আৰু তেওঁলোকৰ বাবে বাজেট আৱণ্টনৰ কথাও উল্লেখ কৰিবলৈ ইচ্ছা কৰা নাছিল ৷ যিটো অতি নিৰুৎসাজনক বুলি তেওঁ কয় (Union Budget 2023 Highlights)।

সংখ্যালঘুৰ কল্যাণৰ বাবে 2022 চনৰ বাজেটত 5020 কোটি টকা ঘোষণা কৰা হৈছিল যদিও সংখ্যালঘু মন্ত্ৰণালয়ে মাত্ৰ 2612 কোটি টকা ব্যয় কৰিছে । সংখ্যালঘু কল্যাণমূলক বহু আঁচনি বন্ধ কৰি দিয়া হৈছে বুলি তেওঁ অভিযোগ কৰে । আনহাতে এই বাজেটে অসমৰ বানপীড়িত ব্যক্তিক আৰ্থিক পেকেজ দিয়াত ব্যৰ্থ হৈছে । প্ৰতি বছৰে অসমত ধ্বংসৰ সৃষ্টি কৰা মহাবাহু ব্ৰহ্মপুত্ৰ নদীক নিয়ন্ত্ৰণৰ পৰিকল্পনা ঘোষণা কৰাত ব্যৰ্থ হৈছে বুলি সদৰি কৰি তেওঁ কয় যে, বানপানী আৰু গৰাখহনীয়াৰ ফলত প্ৰতি বছৰে শস্য হেৰুওৱা অসমৰ কৃষকসকলক আৰ্থিক সাহায্য প্ৰদান কৰাত ব্যৰ্থ হৈছে এই বাজেট (Union Budget 2023 reaction)।

লগতে পঢ়ক: Union Budget 2023: 28 লাখ কোটি টকাৰ ধাৰৰ বোজা ভাৰতবাসীৰ মূৰত জাপি দিব চৰকাৰে: প্ৰদ্যুৎ বৰদলৈ

কাছাৰ আৰু নগাঁও কাগজ কলৰ পুনৰুজ্জীৱিত কৰাৰ বাবে এই বাজেটত কোনো পুঁজি ধার্য নকৰিলে । এই বাজেটে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বাবে বিশেষভাৱে অসমৰ উদ্যোগিক বিকাশৰ ক্ষেত্ৰত উন্নয়নৰ কথা ঘোষণা কৰাত ব্যৰ্থ হৈছে । অসমৰ ৰেল সংযোগ শক্তিশালী কৰাৰ বাবে পুঁজি যোগান ধৰাতো ব্যৰ্থ হৈছে এই বাজেটে (Opposition reacts to union Budget)।

উত্তৰ অঞ্চলৰ উন্নয়ন মন্ত্ৰণালয়ৰ বাবে বাজেটে 2022 চনত 2800 কোটি টকাৰ পৰিৱৰ্তে 5892 কোটি টকালৈ বৃদ্ধি কৰা, ব্যক্তিগত আয়কৰৰ শ্লেব 5 লাখৰ পৰা 7 লাখলৈ পৰিৱৰ্তন কৰা, দেশত নতুনকৈ 157 খন নাৰ্চিং কলেজ প্ৰতিষ্ঠা কৰাৰ কথা, শিশু আৰু কিশোৰ-কিশোৰীৰ বাবে ডিজিটেল পুথিভঁৰাল মুকলি কৰাৰ বাবে পুঁজিৰ আৱণ্টন আৰু শিক্ষক প্ৰশিক্ষণৰ বাবে পুঁজিৰ ঘোষণা আদি বাজেটত দুই-এটা ইতিবাচক দিশ আছে যদিও দেশৰ নাগৰিকসকলে এই বাজেটৰ দ্বাৰা বিশেষ সুধিবা নাপালে ।

তেওঁ কয় যে বিত্তমন্ত্ৰী গৰাকীয়ে দেশৰ অৰ্থনীতি সঠিক পথেৰে লৈ যাব বুলি সাধাৰণ জনগণে আশা কৰা ধৰণে প্ৰতিফলিত হোৱা দেখা নগ'ল এই বাজেটত । গতিকে এই বাজেট এখন হতাশাজনক আৰু নিৰাশাজনক বাজেট বুলি সাংসদ আজমলে ব্যক্ত কৰে ।

লগতে পঢ়ক: Budget 2023 : অমৃতৰ নামত দেশবাসীক বিষপান কৰোৱাৰ পৰিকল্পনা: প্ৰদেশ কংগ্ৰেছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.