ETV Bharat / state

Union Budget 2023: 28 লাখ কোটি টকাৰ ধাৰৰ বোজা ভাৰতবাসীৰ মূৰত জাপি দিব চৰকাৰে: প্ৰদ্যুৎ বৰদলৈ

author img

By

Published : Feb 1, 2023, 6:58 PM IST

বুধবাৰে সংসদত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে উত্থাপন কৰা 2023-24 বৰ্ষৰ বিত্তীয় বাজেট সন্দৰ্ভত বিৰোধী দলসমূহে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে (Union Budget 2023) ৷ এই বাজেটখন নতুনত্বহীন আৰু জনতাক আৰ্থিক সংকটত পেলাব বুলি একাংশ বিৰোধী নেতাই উল্লেখ কৰিছে ৷ কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে বাজেট সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ভাৰতবাসী অধিক ধাৰত পোত যাব বুলি উল্লেখ কৰে ৷

Union Budget 2023
কেন্দ্ৰীয় বাজেট সন্দৰ্ভত প্ৰতিক্ৰিয়া

কেন্দ্ৰীয় বাজেট সন্দৰ্ভত প্ৰতিক্ৰিয়া

নিউজ ডেস্ক, 1 ফেব্ৰুৱাৰী: সংদত বুধবাৰে 2023-24 বৰ্ষৰ কেন্দ্ৰীয় বাজেট উত্থাপন কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে (Union FM Nirmala Sitharaman) ৷ এইখন হৈছে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ অন্তিমখন বাজেট ৷ মঙলবাৰৰ পৰা আৰম্ভ হোৱা সংসদৰ বাজেট অধিবেশন দ্বিতীয় দিনা উত্থাপন কৰা হ’ল আগন্তুক বৰ্ষৰ বাবে বিত্তীয় বাজেট (Union Budget 2023) ৷

কেইবাটাও ক্ষেত্ৰত এই বাজেটত পুঁজি নিৰ্ধাৰণ কৰা হৈছে ৷ আন্তঃগাঁঠনিৰ উন্নয়ন, ৰেলৱে’, স্বাস্থ্যখণ্ড, কৃষি আদি বিভিন্ন খণ্ডত পুঁজি আৱন্টনৰ বিষয়ে বাজেটত উল্লেখ কৰা হৈছে ৷ ৰেলৱে’ৰ বাবে 24 বিত্তীয় বৰ্ষত 2.4 লাখ কোটি টকা বাজেটত নিৰ্ধাৰণ কৰা হৈছে ৷ প্ৰতিৰক্ষা বিভাগৰ বাবে পূৰ্বৰ 5.25 লাখ কোটি টকাৰ পৰিৱৰ্তে এইবাৰ 5.94 কোটি টকা নিৰ্ধাৰণ কৰা হৈছে ৷ আন্তঃগাঁঠনিৰ উন্নয়নৰ বাবে বাজেটত ধাৰ্য কৰা হৈছে 20 লাখ কোটি টকা ৷ গ্ৰীণ হাইড্ৰ’জেন এনাৰ্জিৰ বাবে ধাৰ্য কৰা হৈছে 19.200 কোটি টকা (Reactions on Union Budget 2023) ৷

ইফালে আয়কৰৰ ক্ষেত্ৰৰ 2023-24 বৰ্ষৰ বাজেটত মধ্যবিত্ত শ্ৰেণীলৈ বিশেষ সকাহ দিয়া দেখা গৈছে বাজেটত 7 লাখ টকালৈকে আয়কৰ ৰেহাইৰ কথা উল্লেখ কৰা হৈছে বাজেটত (Tax slab in union budget 2023) ৷ এতিয়াৰে পৰা আয়কৰ প্ৰদানৰ নিৰিখ হ’ব এনেধৰণৰ-

0-3 লাখ টকালৈকে আয়কৰ শূন্য

3-6 লাখ টকালৈকে আয়কৰ 5%

6-9 লাখ টকালৈকে আয়কৰ 10%

9-12 লাখ টকালৈকে আয়কৰ 15%

12-15 লাখ টকালৈকে আয়কৰ 20%

15 লাখ টকাৰ ওপৰত আয়কৰ 30%

আজি উত্থাপিত বাজেট সন্দৰ্ভত বিৰোধী দল সমূহে ইতিমধ্যে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখা গৈছে ৷ এই বাজেটে জনতাক বিশেষ লাভান্বিত নকৰে বুলি একাংশ বিৰোধী নেতাই মত ব্যক্ত কৰিছে ৷ নগাঁও সংসদীয় সমষ্টিৰ কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ইটিভি ভাৰতক টেলিফোনিকভাৱে বাজেট সন্দৰ্ভত নিজৰ মন্তব্য প্ৰকাশ কৰে (MP Pradyut Bordoloi on Union Budget 2023) ৷

তেওঁ কয়, ‘‘এই বাজেটে কিছুমান কথা একেবাৰে উহ্য কৰি ৰাখিলে ৷ বৰ্তমান আমাৰ দেশত প্ৰধান সমস্যা হিচাপে দেখা দিছে মূল্যবৃদ্ধিয়ে ৷ একেদৰে গুৰুতৰ ৰূপ ধাৰণ কৰিছে নিবনুৱা সমস্যাই ৷ জীৱিকা অৰ্জনৰ বাট একপ্ৰকাৰ ৰুদ্ধ হৈছে ৷ এই বাজেটখনে এনে সমস্যা সমাধানৰ ক্ষেত্ৰত সক্ষম নহ’ব ৷ বাজেটত আন্তঃগাঁঠনি উন্নয়নৰ লগতে বিভিন্ন ক্ষেত্ৰত খৰচ কৰিবলগীয়া ধনৰ বিপৰীতে উপাৰ্জন হ’বলগীয়া ধনৰ ক্ষেত্ৰত বাট মুকলি কৰিব নোৱাৰিব ৷ ইয়াত ঘাটি হ’ব প্ৰায় 18 লাখ কোটি টকা ৷ সেই ঘাটি পূৰণ কৰিবলৈ হ’লে নতুনকৈ নোট চপা কৰিব লাগিব নহ’লে নতুনকৈ ঋণ গ্ৰহণ কৰিব লাগিব ৷ ইতিমধ্যে বাজেটত কোৱা অনুসৰি 10 লাখ কোটি টকা বিত্তীয় সংস্থাৰ পৰা ধাৰ ল’ব ৷ গতিকে ধাৰৰ পৰিমাণ হ’বগৈ 28 লাখ কোটি টকা ৷ এই ধাৰে ভাৰতবাসীক ঋণত পোত যোৱাব আৰু মুদ্ৰাস্ফিতী হ’ব’’ ৷

তেওঁ লগতে কয়, ‘‘প্ৰায় 65 কোটি যুৱ প্ৰজন্ম বছৰি চাকৰিৰ বাবে সাজু হ’ব ৷ কিন্তু চাকৰি সৃষ্টিৰ ক্ষেত্ৰত বাজেটত কোনো নতুন ৰাস্তা নেদেখুৱালে ৷ বাজেটত নতুন কৰ নাই বা নতুন কৰ ধাৰ্য নকৰা কাৰ্যত মানুহ আস্বস্ত হৈছে যদিও এই বাজেটখন অৰ্থৈনৈতিক বিভীষিকাৰ সৃষ্টি কৰিলে ৷ কিয়নো ধাৰ পৰিশোধৰ বাবে ঋণ গ্ৰহণ অথবা মূল্যবৃদ্ধি ঘটালে জনসাধাৰণ ব্যাপক সমস্যাৰ সন্মুখীন হ’ব’’ ৷

আজিৰ বাজেটত উল্লেখ কৰা অনুসৰি দাম বৃদ্ধি পাব চিগাৰেট, ৰূপ, যৌগিক ৰবৰ, অনুকৰণ গহনা, সোণৰ পৰা তৈয়াৰী সামগ্ৰী, আমদানি কৰা চাইকেল আৰু খেলনা, আমদানি কৰা পাকঘৰৰ বৈদ্যুতিক চিমনি, আমদানি কৰা বিলাসী গাড়ী আৰু ইভিৰ ৷

লগতে পঢ়ক: Union Budget 2023: আয়কৰ দাতাসকললৈ বিশেষ সকাহ ঘোষণা কেন্দ্ৰীয় বাজেটত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.