ETV Bharat / state

Union Budget Reaction: কেন্দ্ৰীয় বাজেটক লৈ প্ৰতিক্ৰিয়া ৰাজ্যৰ দুই বিশিষ্ট অৰ্থনীতিবিদৰ

author img

By

Published : Feb 1, 2023, 7:24 PM IST

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰা বাজেটক লৈ বিভিন্নজনে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া ৷ এই বাজেটক এখন নিৰ্বাচনকেন্দ্ৰিক বাজেট আখ্যা দিছে বিশিষ্ট অৰ্থনীতিবিদ অনন্ত কলিতাই ৷ ইফালে মূলধনী খৰচ বৃদ্ধি কৰাটো বাজেটৰ এটা ভাল দিশ বুলি মন্তব্য কৰিছে অৰ্থনীতিবিদ মাধুৰ্য প্ৰসাদ বেজবৰুৱাই ৷

Union Budget Reaction
কেন্দ্ৰীয় বাজেটক লৈ প্ৰতিক্ৰিয়া ৰাজ্যৰ দুই বিশিষ্ট অৰ্থনীতিবিদৰ

গুৱাহাটী, 1 ফেব্ৰুৱাৰী: ৰাষ্ট্ৰপতিৰ ভাষণেৰে আৰম্ভ হোৱা বাজেট অধিবেশনত বুধবাৰে কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে সংসদত উত্থাপন কৰে নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ অন্তিমখন পূৰ্ণাংগ বাজেট(Union Budget 2023-24) । এই বাজেটৰ ইতিবাচক আৰু নেতিবাচক দিশসমূহৰ সম্পৰ্কত অসমৰ কেবাগৰাকীও বিশিষ্ট অৰ্থনীতিবিদৰ মত প্ৰকাশ কৰিছে(Budget reaction) ৷

মাধুৰ্য প্ৰসাদ বেজবৰুৱা(Economist Madhurjya Prasad Bezbaruah):

বাজেটৰ এটা বিশেষ ধনাত্মক দিশ হ'ল চৰকাৰে প্ৰথমে মূলধনী খৰচৰ(Capital expenditure) হাৰ বৃদ্ধি কৰিছে । ইয়াৰ ফলত দুটা লাভ হ'ব । সেয়া হ'ল মূলধনী খৰচ বৃদ্ধিৰ ফলত ৰাস্তা-ঘাট ৰাজহুৱা সম্পদ আদিৰ সৃষ্টি হ'ব । উৎপাদন বেছি দক্ষতাৰে হ'ব । মুলধনী খৰচৰ‌ হাৰ বৃদ্ধিৰ ফলত সংস্থাপনৰ সৃষ্টি হ’ব । সেয়ে ক'ব পাৰি যে মূলধনী খৰচৰ হাৰ বৃদ্ধি বাজেটৰ ভাল দিশ ।

চৰকাৰে বাজেটত কৃষি পদ্ধতিৰ পৰিৱৰ্তনৰ কথা কৈছে । এয়া ঠিক যে, এতিয়া আৰু আগৰ ধান আৰু ঘেহু খেতিৰ দৰে পৰম্পৰাগত খেতিৰ দিন নাই । এতিয়া কৃষকে উদ্যান শস্য, মাছ, মাংস আদি কৃষিৰ ওপৰত বেছি গুৰুত্ব দিয়া দেখা যায় । দেশৰ কৃষি ব্যৱস্থাৰ বাবে এয়া এক ভাল দিশ বুলি কব পাৰি ।

বাজেটত দেখা গৈছে যে আয়কৰ বহু পৰিমাণে ৰেহাই দিছে । ইয়াৰ‌ ফলত মধ্যবিত্ত শ্ৰেণীয়ে ৰেহাই পাব বা কিছু সকাহ পাব। মানুহে ক্ৰয় ক্ষমতা বৃদ্ধি কৰিব লাগিব । এয়া নহলে দেশৰ অৰ্থনীতিৰ উন্নয়ন নহ'ব । সেয়ে এই ক্ষেত্ৰত এক সন্দেহৰ অৱকাশ আছে । কাৰণ বিশ্বৰ অৰ্থনীতি বৰ্তমান দুৰ্বল । যাৰ‌ বাবে ৰপ্তানি তেনেধৰণে বৃদ্ধি হোৱা নাই । সেয়ে চৰকাৰে জি ডি পি 6 শতাংশৰ‌ ভিতৰত ৰাখিব পৰাটোৰ সম্পৰ্কত কিছু শংকা আছে ।

অনন্ত কলিতা(Economist Ananta Kalita):

2024 চনৰ লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি এই বাজেটখন প্ৰস্তুত কৰিছে । বাজেটখনক এক প্ৰকাৰ নিৰ্বাচনকেন্দ্ৰীক বাজেট বুলি ক'ব পাৰি । বাজেটখনত মূল সমস্যাবোৰ প্ৰতিফলিত হোৱা নাই । দেশৰ মূল সমস্যা যেনে নিবনুৱা সমস্যা , উৎপাদিত সামগ্ৰীৰ চাহিদা বৃদ্ধি কৰা আৰু মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰা আদি বিষয়বোৰ বাজেটত বিশেষ স্থান পোৱা নাই ।

দেশত প্ৰাক ক’ভিড কালতকৈ সম্প্ৰতি কৰ্ম সংস্থাপনৰ হাৰ 5 শতাংশ তলত আছে । বাজেটত ৰপ্তানিৰ সুবিধা দিছে । কিন্তু বৰ্তমান বিশ্বৰ অৰ্থনীতি সংকটত । যাৰ বাবে ৰপ্তানি বৃদ্ধি হোৱাৰ সম্ভাৱনা কম । বাজেটত এইবাৰ এমএনৰেগাত ধনৰ আবন্টন বৃদ্ধি কৰা নাই । বাজেটত কৃষিৰ ক্ষেত্ৰত নতুন ঋণ আঁচনি কৰিছে । কিন্তু বাজেটত কৃষিৰ আন্তঃগাথঁনিৰ উন্নয়নৰ কোনো কথা নাই ।

বাজেটত অসমৰ ৰেলৱেৰ বাবে কোনো নতুন আঁচনি নাই ৷ জি ডি পি বাঢ়িলে দেশৰ উন্নয়ন নুবুজায় । কাৰণ দেশৰ জি ডি পি বৃদ্ধিত মাত্ৰ 3 শতাংশ লোকে সহায় কৰে । চৰকাৰে দেশত 2 কোটি চাকৰি দিম বুলি কৈছিল কিন্তু এতিয়ালৈকে 20 লাখো চাকৰি দিব পৰা নাই ৷

লগতে পঢ়ক: Union Budget Reaction: সাধাৰণ ৰাইজৰ বাবে কোনো আঁচনি নাই বাজেটত: দেৱব্ৰত শইকীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.