ETV Bharat / state

MoU Signing Ceremony: মুখ্যমন্ত্ৰীৰ উপস্থিতিত জনতা ভৱনত কেইবাখনো বুজাবুজি চুক্তিত স্বাক্ষৰ

author img

By

Published : Oct 17, 2022, 10:38 PM IST

MoU Signing ceremony between various Assam Govt departments and top MNCs at Janata Bhavan in Guwahati
মুখ্যমন্ত্ৰীৰ উপস্থিতিত জনতা ভৱনত কেবাখনো বুজাবুজি চুক্তি স্বাক্ষৰ

সোমবাৰে গুৱাহাটী জনতা ভৱনত (Janata Bhavan in Guwahati) অনুষ্ঠিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিতভাৰত চৰকাৰৰ অধীনৰ কোম্পানী আৰু ব্যক্তিগত খণ্ডৰ কোম্পানীৰ লগত ( Assam Govt departments and top MNCs) কেবাটাও বুজাবুজি চুক্তি স্বাক্ষৰ কৰা হয় ।

গুৱাহাটী, 17 অক্টোবৰ: ৰাজ্যৰ দক্ষতা বিকাশ, শক্তিখণ্ড, পৰ্যটন আৰু আতিথ্যখণ্ডৰ উন্নয়নৰ বাবে অসম চৰকাৰে সোমবাৰে ভাৰত চৰকাৰৰ অধীনৰ কোম্পানী আৰু ব্যক্তিগত খণ্ডৰ কোম্পানীৰ লগত ( Assam Govt departments and top MNCs) কেবাটাও বুজাবুজি চুক্তি স্বাক্ষৰ কৰে (MoU Signing ceremony) । গুৱাহাটী জনতা ভৱনত (Janata Bhavan in Guwahati) অনুষ্ঠিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত এই বুজাবুজি চুক্তি সমূহ স্বাক্ষৰ কৰা হয় । অনুষ্ঠানত অসম দক্ষতা বিকাশ অভিযানৰ সৈতে মাইক্ৰ'ছফ্ট, গুগল ইণ্ডিয়া প্ৰাইভেট লিমিটেড (Google India Private) , এল এণ্ড টি আৰু হেল্থকেয়াৰ ছেক্টৰ স্কিল কাউঞ্চিল (HSSC)ৰে আৰু এছ জে ভি এমৰ লগত এ পি ডি চি এলৰ লগত কেবাখনো চুক্তি স্বাক্ষৰ কৰা হয় ।

মুখ্যমন্ত্ৰীৰ উপস্থিতিত জনতা ভৱনত কেবাখনো বুজাবুজি চুক্তি স্বাক্ষৰ

অসমত ১০০০ মেগাৱাট সৌৰ শক্তি উৎপাদন কৰা উদেশ্য ৰাখি গ্ৰীণ এনাৰ্জী চুক্তি স্বাক্ষৰ কৰা হয়। অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰী হিমন্ত হিমন্ত বিশ্ব শৰ্মাই কয়, ‘‘ ৰাজ্যৰ দক্ষতা বিকাশ, শক্তি খণ্ড, পৰ্যটন আৰু আতিথ্য খণ্ডৰ উন্নয়নৰসামগ্ৰিক উৎকৰ্ষ সাধন আৰু সম্ভাৱনাসমূহৰ সঠিক ব্যৱহাৰৰ লক্ষ্যৰে অনুষ্ঠিত বুজাবুজি চুক্তি স্বাক্ষৰ অনুষ্ঠানত উপস্থিত থাকিবলৈ পাই যথেষ্ট আনন্দ অনুভৱ কৰিছোঁ । অসম দক্ষতা বিকাশ অভিযানৰ (Assam Skill Development Mission) সৈতে মাইক্ৰ'ছফ্ট, গুগল ইণ্ডিয়া প্ৰাইভেট লিমিটেড, এল এণ্ড টি আৰু হেল্থকেয়াৰ ছেক্টৰ স্কিল কাউঞ্চিল (HSSC)ৰে স্বাক্ষৰিত চুক্তিসমূহে অনাগত দিনত ৰাজ্যৰ যুৱচামৰ দক্ষতা বৃদ্ধি, নিয়োগযোগ্য, উপযুক্ত প্ৰশিক্ষণৰ বাবে পৰিকাঠামো নিৰ্মাণ আৰু নিৰ্মাণ খণ্ডৰ অধীনত গ্ৰীনফিল্ড প্ৰকল্পসমূহৰ ৰূপায়ণত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব ।’’

তেওঁ লগতে কয় যে নিয়োগ আৰু কাৰিকৰী প্ৰশিক্ষণ বিভাগৰ সৈতে Naukri.com নামেৰে জনপ্ৰিয় ইনফ' এজ (ইণ্ডিয়া) লিমিটেডৰ সৈতে আন এক বুজাবুজি চুক্তিত স্বাক্ষৰ হয় । এই চুক্তিৰ জৰিয়তে ডিজিটেল মাধ্যমত নিজৰ প্ৰফাইলসমূহ অনলাইন মাধ্যমৰ জৰিয়তে নিয়োগ প্ৰদানকাৰীসকলক আকৰ্ষণ কৰাৰ সুযোগ প্ৰদান কৰিব । তদুপৰি শক্তি খণ্ডলৈ আশাৰ বতৰা কঢ়িয়াই আজি নৱীকৰণযোগ্য শক্তি প্ৰকল্পৰ ( Renewable Energy Projects) বিকাশৰ লক্ষ্যৰে এছ জে ভি এন এল গ্ৰীন এনাৰ্জী লিমিটেডৰ সৈতে এখন বুজাবুজি চুক্তি পত্ৰত স্বাক্ষৰ কৰা হয় ।

MoU Signing ceremony between various Assam Govt departments and top MNCs at Janata Bhavan in Guwahati
মুখ্যমন্ত্ৰীৰ উপস্থিতিত জনতা ভৱনত কেবাখনো বুজাবুজি চুক্তি স্বাক্ষৰ

তদুপৰি অসম পৰ্যটন উন্নয়ন নিগম লিমিটেড, ভাৰত চৰকাৰৰ দক্ষতা বিকাশ আৰু ঔদ্যোগীকৰণ মন্ত্ৰণালয় আৰু টাটা কমিউনিটী ইনিচিয়েটিভ ট্ৰাষ্টৰ টাটা ষ্ট্ৰাইভ স্কিল ডেভেলপমেণ্টৰ সৈতে আতিথ্য সেৱা প্ৰদানৰ ক্ষেত্ৰত দক্ষতা বৃদ্ধিৰ লক্ষ্যৰে উৎকৰ্ষ কেন্দ্ৰ বিকাশৰ লক্ষ্যৰে অন্য এখন বুজাবুজি চুক্তি স্বাক্ষৰিত হয় । এই চুক্তিৰ জৰিয়তে কাজিৰঙাৰ কাষত এখন পৰ্য্যটকৰ বাবে পঞ্চতাৰকা হোটেল নিৰ্মাণ কৰা হব। মুখ্যমন্ত্ৰীগৰাকীৰ মতে এই স্বাক্ষৰিত হোৱা চুক্তিসমূহে ৰাজ্যৰ সামগ্ৰিক বিকাশৰ দিশত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰাৰ লগতে অৰ্থনৈতিক বিকাশৰ কেন্দ্ৰ হিচাপে উত্তৰ-পূৰ্বাঞ্চলক গঢ় দিয়াৰ সপোন বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত সহায় কৰিব ।

তেওঁ জনায় যে গ্ৰীণ এনাৰ্জী চুক্তিৰ জৰিয়তে অসমৰ জলাশয়সমূহ ব্যৱহাৰ কৰি সৌৰ শক্তি উৎপাদন কৰা হব। ভৱিষ্যতে ব্ৰহ্মপুত্ৰ নদীৰ স্থায়ী চহৰ সমূহত সৌৰ শক্তি উৎপাদন কৰাৰ পৰিকল্পনা কৰা হব বুলি । মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰি কৰে । অনুষ্ঠানত পৰ্য্যটন মন্ত্ৰী শ্ৰীজয়ন্ত মল্লবৰুৱা, শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোছা আৰু শ্ৰম বিভাগৰ মন্ত্ৰী সঞ্জয় কিষাণকে ধৰি ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়া আৰু অন্যান্যসকল উপস্থিত আছিল ।

লগতে পঢ়ক: Assam Police Recruitment: অসম আৰক্ষীৰ নিযুক্তি পৰীক্ষাত উত্তীৰ্ণ ১০০ প্ৰাৰ্থীক তলব CIDৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.