ETV Bharat / state

Constituency delimitation:মুখ্যমন্ত্ৰীয়ে আজমলক সুৰক্ষা দিবলৈ আহোমক গোৰ মাৰিলে:অখিল গগৈ

author img

By

Published : Jun 24, 2023, 7:27 PM IST

ভাৰতৰ নিৰ্বাচন আয়োগে অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰস্তাৱ প্ৰকাশ কৰাৰ পিচতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিধায়ক অখিল গগৈয়ে । পুৰণি বিজেপি নেতাৰ লগতে অগপ নেতাসকলক নিধন কৰাৰ ষড়যন্ত্ৰ বুলি মন্তব্য় ৰাইজৰ দলৰ সভাপতিৰ ।

Reaction on Constituency delimitation
বিধায়ক অখিল গগৈ

বিধায়ক অখিল গগৈ

গুৱাহাটী, ২৪ জুন:"মুখ্যমন্ত্ৰীয়ে সমষ্টি পুনৰ নিৰ্ধাৰণৰে খিলঞ্জীয়াৰ ভৱিষ্যতক সুৰক্ষা দিয়াৰ কথা কৈছিল যদিও কাৰ্যক্ষেত্ৰত ইয়াত নিধন কৰাৰ এক প্ৰক্ৰিয়াহে দেখা গ'ল ।" সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত আজি ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে গুৱাহাটীত এখন সংবাদ মেল সম্বোধন কৰি এইদৰে মন্তব্য় কৰে । তেওঁ পুনৰ কয়, " এইক্ষেত্ৰত সমষ্টি পুনৰ নিৰ্ধাৰণৰ জৰিয়তে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বেয়া পোৱা আহোম জনগোষ্ঠীক নিধন কৰিছে । নিধন কৰিছে তিৱা জনগোষ্ঠীক। প্ৰকৃততে সমষ্টি পুনৰ নিৰ্ধাৰণ মুখ্যমন্ত্ৰীৰ মিছন নিধনলৈহে পৰিণত হৈছে ।"

তেওঁ পুনৰ কয় যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ জৰিয়তে নিধন কৰা হৈছে পুৰণি বিজেপি নেতাৰ পৰা অগপ নেতাসকলক। তদুপৰি ৯ টা অনুসূচিত জাতিৰ বাবে থকা সমষ্টিত কেৱল ৫ টাহে অসমীয়া খিলঞ্জীয়াৰ বাবে ৰখা হৈছে । ইয়াৰ বিপৰীতে বাঙালীৰ বাবে চাৰিটাকৈ সমষ্টি ৰখা হৈছে । খিলঞ্জীয়া জনজাতি সকলৰ নিধনৰ বাবেহে কাম কৰা বুলি উল্লেখ কৰি বিধায়ক অখিল গগৈয়ে কয়,"বৰাকত বাঙালীৰ বাবেহে আসন সুৰক্ষিত কৰিছে বিজেপিয়ে । তাৰ বিপৰীতে খিলঞ্জীয়া জনজাতি সকলক ৰাজনৈতিক ভাৱে শেষ কৰা হৈছে ।

বিধায়ক অখিল গগৈয়ে কয় যে অগপৰ বিধয়ক ফণীভূষণ চৌধুৰীক ৰাজনৈতিকভাৱে শেষ কৰা হৈছে । সেই সমষ্টি বাঙালী হিন্দুক দিয়া হৈছে । অগপক নিধনৰ ভিতৰত কমলা কলিতা, প্ৰদীপ হাজৰিকা, ৰমেন্দ্ৰ নাৰায়ণ কলিতা, ভবেন ভৰালী, ৰেণুপমা ৰাজখোৱা আৰু সকলো অগপ নেতাক ৰাজনৈতিকভাৱে নিধন কৰা হৈছে । খিলঞ্জীয়াৰ নাম দেখুৱাই এক গুলিত দুই চিকাৰ কৰিছে মুখ্যমন্ত্ৰীয়ে । এই খচৰাৰ জৰিয়তে মুখ্যমন্ত্ৰী নিজৰ কাৰণে সমষ্টি সংৰক্ষণ,পত্নীৰ বাবে সমষ্টি সংৰক্ষণ,পুত্ৰৰ বাবে সমষ্টি সংৰক্ষণ কৰা যেন লাগিছে বুলি তেওঁ কটাক্ষ কৰে ।

ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে কয় যে মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ সমষ্টি সংক্ষণৰ বাবেই চন্দ্ৰমোহন পাটোৱাৰীৰ সমষ্টিক বলি দিয়া হ'ল । একেই পৰিস্থিতি হ'ল বিজেপিৰ ৰণজিৎ কুমাৰ দাস, ৰঞ্জিত দত্ত, ৰাজেন গোঁহাই ,চন্দ্ৰমোহন পাটোৱাৰী, পৰিমল শুক্লবৈদ্য,পদ্ম হাজৰিকা, প্ৰশান্ত ফুকন, ৰমাকান্ত দেউৰী, বিনোদ হাজৰিকা, সুমন হৰিপ্ৰিয়াৰ দৰে পুৰণি বিজেপিৰ ক্ষেত্ৰত । আনহাতে,ধুবুৰীত বদৰুদ্দিন আজমলক জিকাবৰ বাবেই ধুবুৰী সমষ্টি এনেদৰে বনাই দিয়া হ'ল য'ত সমষ্টি পুনৰ নিৰ্ধাৰণৰ নীতি নিয়ম পালন কৰা হোৱা নাই । এ আই ইউ ডি এফৰ কৰিমুদ্দিন বৰভূঞাক জিকিব পৰাকৈ সমষ্টিটো বনাই দিয়া হৈছে ।

তেওঁ পুনৰ কয় যে মুখ্যমন্ত্ৰীৰ ভিজন খিলঞ্জীয়া মিছন নিধন যজ্ঞত বদৰুদ্দিন আজমল নপৰিল । মোগল কৰিমুদ্দিন বৰভূঞা নপৰিল । আজমলক সুৰক্ষা দিয়াৰ বাবে আহোমক গোৰ মাৰিলে । তিৱাক বলি দিয়া হ'ল পীয়ুষ হাজৰীকাৰ কাৰণে । নতুন দিল্লীত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা,মন্ত্ৰী অশোক সিংহল, জয়ন্তমল্ল বৰুৱা আৰু পীয়ুষ হাজৰিকাই লগ হৈ সমষ্টি পুনৰ নিৰ্ধাৰণৰ তালিকা বনাই খিলঞ্জীয়া ভূমিপুত্ৰ সকলক সাংঘাতিকভাৱে ক্ষতিগ্ৰস্ত কৰা বুলি অভিযোগ কৰে অখিল গগৈয়ে । বিধায়ক গগৈয়ে পুনৰ কয়,"অসমৰ ১০২ টা সমষ্টিৰ নাম ক'ব লাগে মুখ্যমন্ত্ৰীয়ে । কেইটা খিলঞ্জীয়াৰ হাতলৈ গৈছে, কেইটা হিন্দীভাষীৰ হাতলৈ গৈছে ।" ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে এনে ধৰণৰ জনগোষ্ঠী বিৰোধী এখন খচৰা প্ৰস্তুত নকৰিবলৈ নিৰ্বাচনী আয়োগক আহ্বান জনায় ।

লগতে পঢ়ক:Russian mercenary leader hits back at Putin : যুঁজাৰুসকলে আত্মসমৰ্পণ নকৰে; প্ৰিগোজিনৰ পুটিনক প্ৰত্যুত্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.