ETV Bharat / international

Russian mercenary leader hits back at Putin : যুঁজাৰুসকলে আত্মসমৰ্পণ নকৰে; প্ৰিগোজিনৰ পুটিনক প্ৰত্যুত্তৰ

author img

By

Published : Jun 24, 2023, 5:03 PM IST

Russian mercenary leader hits back at Putin
Russian mercenary leader hits back at Putin

দেশৰ সামৰিক নেতৃত্বক উৎখাত কৰিবলৈ বিদ্ৰোহ আৰম্ভ কৰা ৱেগনাৰ মাৰ্চিনেৰী বাহিনীৰ মুৰব্বী য়েভগেনি প্ৰিগোজিনে শনিবাৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ অভিযোগ অস্বীকাৰ কৰে । পুটিনে অভিযোগ কৰিছিল যে তেওঁ দেশৰ সৈতে বিশ্বাসঘাতকতা কৰিছে । প্ৰিগোজিনে লগতে তেওঁৰ যুঁজাৰুসকলক 'দেশপ্ৰেমী' বুলিও অভিহিত কৰে ।

ইণ্টাৰনেশ্যনেল ডেস্ক, ২৪ জুন : ৰাছিয়াৰ মাৰ্চিনেৰী নেতা য়েভগেনি প্ৰিগোজিনে শনিবাৰে ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে তেওঁ দেশৰ সৈতে বিশ্বাসঘাতকতা কৰা বুলি কৰা অভিযোগ অস্বীকাৰ কৰে । লগতে তেওঁৰ যুঁজাৰুসকলক 'দেশপ্ৰেমী' বুলি অভিহিত কৰে ।

তেওঁৰ টেলিগ্ৰাম চেনেলত এটা অডিঅ' বাৰ্তাত ৱেগনাৰৰ মুৰব্বী য়েভগেনি প্ৰিগোজিনে কয়, "মাতৃভূমিৰ প্ৰতি বিশ্বাসঘাতকতা সন্দৰ্ভত ৰাষ্ট্ৰপতিয়ে অতি ভুল কৰিছে । আমি আমাৰ মাতৃভূমিৰ দেশপ্ৰেমী ।" তেওঁ কয় যে পুটিনৰ অনুৰোধত তেওঁৰ যোদ্ধাসকলক আঁতৰাই নিনিয়ে । কিয়নো, "আমি দেশখন দুৰ্নীতি, প্ৰৱঞ্চনা আৰু আমোলাতন্ত্ৰত জীয়াই থকাটো নিবিচাৰো" বুলি কয় প্ৰিগোজিনে ।

উল্লেখ্য, শনিবাৰে ৰাষ্ট্ৰক সম্বোধন কৰা এক টেলিভিছন ভাষণত পুটিনে কৈছিল যে "যিসকলে বিদ্ৰোহৰ সূচনা কৰিছে, তেওঁলোকে অনিবাৰ্য শাস্তি ভোগ কৰিব ।" তেওঁ কয় যে সশস্ত্ৰ বাহিনী আৰু অন্যান্য চৰকাৰী সংস্থাসমূহে প্ৰয়োজনীয় আদেশ লাভ কৰিছে । সমগ্ৰ ৰাছিয়াৰ বিষয়াসকলে ৰাষ্ট্ৰপতি পুটিনৰ সমৰ্থনত সমবেত হৈছে । ৰাজহুৱাভাৱে ক্ৰেমলিনৰ প্ৰতি তেওঁলোকৰ আনুগত্য পুনৰাবৃত্তি কৰিছে আৰু মাৰ্চিনেৰী নেতা য়েভগেনি প্ৰিগোজিনক পিছুৱাই যাবলৈ আহ্বান জনাইছে ।

আনহাতে, ৰাছিয়ান সংসদৰ নিম্ন সদন ষ্টেট ডুমাৰ অধ্যক্ষ ভায়াচেশ্লাভ ভোলোডিনে কয় যে সাসংদসকলে 'বাহিনীৰ একত্ৰীকৰণৰ পক্ষত থিয় দিছে' আৰু শনিবাৰে ৰাষ্ট্ৰলৈ সম্বোধন কৰাৰ পিছত পুটিনক সমৰ্থন কৰিছে ।

তেওঁ লগতে কয় যে প্ৰিগোজিনৰ ৱাগনাৰ গোটৰ যুঁজাৰুসকলে এটাই মাথোঁ সঠিক বাছনি কৰিব লাগিব । সেয়া হৈছে তেওঁলোকৰ লোকসকলৰ সৈতে থাকিব লাগিব, আইনৰ পক্ষত থাকিব লাগিব, মাতৃভূমিৰ নিৰাপত্তা আৰু ভৱিষ্যত সুৰক্ষিত কৰিব লাগিব, কমাণ্ডাৰ-ইন-চীফৰ আদেশ পালন কৰিব লাগিব । আনহাতে, ৰাছিয়াৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ মাৰিয়া জাখাৰোভাই এটা টেলিগ্ৰাম বাৰ্তাত কয়, "আমাৰ এজন সেনাধ্যক্ষ আছে । দুজন নহয়, তিনিজন নহয় । মাত্ৰ এজন । আৰু তেওঁ সকলোকে একত্ৰিত হ'বলৈ আহ্বান জনালোঁ ।"

ইফালে পূৰ্বতে সামৰিক নেতৃত্বৰ সমালোচনাত প্ৰিগোজিনৰ পক্ষ লোৱা চেচনিয়াৰ নেতা ৰমজান কাদিৰভেও পুটিনৰ 'প্ৰতিটো শব্দৰ' প্ৰতি সম্পূৰ্ণ সমৰ্থন ব্যক্ত কৰিছে । তেওঁ কয়, "বিদ্ৰোহ দমন কৰা প্ৰয়োজন ।" অৱশ্যে এতিয়ালৈকে কোনো ৰাছিয়ান বিষয়াই প্ৰিগোজিনৰ সমৰ্থনত মাত মাতিব পৰা নাই ।

লগতে পঢ়ক :Allegation against Wagner chief : ৱেগনাৰ মাৰ্চিনেৰীৰ মুৰব্বী য়েভগেনি প্ৰিগোজিনক গ্ৰেপ্তাৰৰ নিৰ্দেশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.