ETV Bharat / state

অসমৰ 23 গৰাকী আৰক্ষী বিষয়া,জোৱানলৈ পদক ঘোষণা

author img

By

Published : Aug 14, 2022, 4:02 PM IST

Updated : Aug 15, 2022, 6:05 AM IST

স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত অসমৰ 23 গৰাকী আৰক্ষী বিষয়া আৰু জোৱানে লাভ কৰিছে ৰাষ্ট্ৰপতিৰ বিভিন্ন শাখাৰ পদক (Medals to 23 police officers and jawans of Assam )৷

Medals to 23 police officers and jawans of Assam
অসমৰ 23 গৰাকী আৰক্ষী বিষয়া আৰু জোৱানলৈ পদক ঘোষণা

গুৱাহাটী, 14 আগষ্ট: কাইলৈ 76 সংখ্যক স্বাধীনতা দিৱস ৷ স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত অসমৰ বহু কেইগৰাকী আৰক্ষী বিষয়া আৰু জোৱানে লাভ কৰিছে ৰাষ্ট্ৰপতিৰ বিভিন্ন শাখাৰ পদক (Medals to 23 police officers and jawans of Assam )৷ কলিয়াবৰ মহকুমাৰ মহকুমা আৰক্ষী বিষয়া মৃণ্ময় দাসলৈ গৃহমন্ত্ৰীৰ উৎকৃষ্ট অনুসন্ধান পাৰদৰ্শিতা বঁটা ঘোষণা কৰা হয় (Medal for Excellence in Investigation)৷

দেশৰ ১৫১ গৰাকী আৰক্ষী বিষয়াৰ ভিতৰত কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া মৃণ্ময় দাসেও সন্মান লাভ কৰিছে ৷ চলিত বৰ্ষত এই বিশেষ বঁটাটো দেশৰ চাৰিগৰাকী আৰক্ষী বিষয়াক প্ৰদান কৰা হৈছে ৷ তাৰ ভিতৰত অসমৰ হৈ প্ৰতিনিধিত্ব কৰি এই বঁটা লাভ কৰে দাসে ৷

গেলেণ্টেৰী সেৱাৰ বাবে অসমৰ আঠগৰাকী আৰক্ষীলৈ পুলিচ মেডেল ঘোষণা কৰা হয়৷ ইয়াৰ লগতে মেৰিট’ৰিয়াছ সেৱাৰ বাবে অসমৰ 14 গৰাকী আৰক্ষী বিষয়া আৰু জোৱানে লাভ কৰিছে আৰক্ষীৰ পদক ৷ গেলেণ্টেৰী সেৱাৰ বাবে অসমৰ আঠগৰাকী আৰক্ষীলৈ পুলিচ মেডেল আগবঢ়োৱা হৈছে । এই সন্মান লাভ কৰা 8 গৰাকী আৰক্ষী বিষয়া হৈছে এছ ডি পি অ’ জন দাস, উপ-পৰিদৰ্শক জিতুমণি ডেকা, বিতোপন চেতীয়া, অচ্যুত নাথ, লেন্সনায়ক শম্ভু ৰংহাং, কনিষ্টবল ছাম্বৰ ৰংপি, কনিষ্টবল সুন্দৰ সিং টকবী আৰু কনিষ্টবল গ্ৰেটছন মাৰাক৷

আনহাতে মেৰিট’ৰিয়াছ সেৱাৰ বাবে অসমৰ ১৪ গৰাকী আৰক্ষী বিষয়া আৰু জোৱানে লাভ কৰিছে আৰক্ষীৰ পদক। তেওঁলোক হৈছে উপ-আৰক্ষী আয়ুক্ত দিগন্ত কুমাৰ চৌধুৰী, আৰক্ষী অধীক্ষক বিৰাজ দাস , উপ আৰক্ষী অধীক্ষক অমৃত চন্দ্ৰ কলিতা , পৰিদৰ্শক অসীম বৰা , পৰিদৰ্শক জয়ন্ত কুমাৰ বৰ্মন, সহকাৰী উপ-পৰিদৰ্শক দেবেন্দ্ৰ নাথ দাস, লেন্স নায়ক পূৰ্ণ চন্দ্ৰ দাস, লেন্স নায়ক কমল চেত্ৰী, লেন্স নায়ক খৰ্গেশ্বৰ নাথ, লেন্স নায়ক দীপক ভূঞা, কনিষ্টবল দণ্ডধৰ বৰ্মন, কনিষ্টবল ৰঞ্জিত শৰ্মা, কনিষ্টবল জোনমণি কুৰ্মী আৰু মহিলা কনিষ্টবল দিপালী গগৈ ৷

লগতে পঢ়ক: Medal for Excellence in Investigation, মহকুমা আৰক্ষী বিষয়া মৃণ্ময় দাসলৈ গৃহমন্ত্ৰীৰ উৎকৃষ্ট অনুসন্ধান পাৰদৰ্শিতা বঁটা

Last Updated :Aug 15, 2022, 6:05 AM IST

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.