ETV Bharat / state

Mysterious Death in Guwahati : ইছাক মাৰাকৰ হত্যাকাণ্ডৰ সন্দৰ্ভত আটক 10 অভিযুক্ত

author img

By

Published : Jun 24, 2022, 10:18 PM IST

এতিয়াও উত্তেজনা মাৰ যোৱা নাই মহানগৰীৰ সাতগাঁৱৰ পুবেৰুণ পথত সংঘটিত হোৱা ইছাক মাৰাকৰ ৰহস্যজনক মৃত্যুৰ ঘটনা (Mysterious Death in Guwahati) ৷ ইছাক মাৰাকৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি সাতগাঁও আৰক্ষীয়ে আটক কৰিছে 10 অভিযুক্তক (Isak Marak murder case in Guwahati) ৷ আনকি এই ঘটনাত ওতঃপ্ৰোতভাৱে জড়িত থকাৰ সন্দেহত ইয়াৰে তিনিজন যুৱকক আৰক্ষীয়ে নিজৰ জিম্মাত ৰাখিছে ৷

Mysterious Death in Guwahati
ইছাক মাৰাকৰ হত্যাকাণ্ডৰ সন্দৰ্ভত আটক 10 অভিযুক্ত

গুৱাহাটী, ২৪ জুন : সাতগাঁও থানাৰ অন্তৰ্গত পুবেৰুণ পথৰ দাঁতিত যোৱা 22 জুনত সেই অঞ্চলটোৰ ইছাক মাৰাক নামৰ এজন যুৱকৰ মৃতদেহ ৰহস্যজনক অৱস্থাত উদ্ধাৰ হোৱা ঘটনাৰ চাঞ্চল্য আজিও অব্যাহত আছে (Tragic incident in Guwahati)। ভুক্তভোগী পৰিয়ালে ইছাক মাৰাকক হত্যা কৰাৰ অভিযোগ তুলি সাতগাঁও থানাত দাখিল কৰা এজাহাৰৰ ওপৰত ভিত্তি কৰি বৃহস্পতিবাৰে নিশাই আৰক্ষীয়ে সাতগাঁৱৰ বিভিন্ন স্থানৰ পৰা ঘটনাটোৰ লগত জড়িত থকাৰ অভিযোগত 10 জন লোকক আটক কৰে (Isak Marak murder case in Guwahati) ।

আৰক্ষীয়ে আটক কৰা লোক কেইজন হৈছে অৰ্জুন বাছফৰ (19),আৰতাফ হুছেইন(22), চাহিল কুমাৰ চৌৰাছিয়া(19), শ্বহীদ ব্ৰহ্ম(22), হাচিনুৰ শেখ (33), মাইজিং ব্ৰহ্ম (20), চাহিদুল ইছলাম (28), বাবুল ৰহমান (48), পদ্ম কুমাৰী (43), ইমৰান হুচেইন (25) । আটাইকেইজনক শুকুৰবাৰে আদালতত হাজিৰ কৰাৰ পিছত অৰ্জুন বাছফৰ, আৰতাফ হুছেইন আৰু চাহিল কুমাৰ চৌৰাছিয়াক দুদিনৰ বাবে আৰক্ষীৰ জিম্মাত লয় ।

ইছাক মাৰাকৰ হত্যাকাণ্ডৰ সন্দৰ্ভত আটক 10 অভিযুক্ত

বৰ্তমান আৰক্ষীৰ জিম্মাত থকা এই তিনিজন যুৱকে মিলি ইছাক মাৰাকক হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়েও ।

লগতে পঢ়ক : টিহুত উদ্ধাৰ অৰ্ধগলিত নৱজাতকৰ মৃতদেহ

আৰক্ষীৰ এক বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে, সাতগাঁৱৰ Assam Hydrolic car wash centre ৰ কাষতে থকা গাড়ী গেৰেজত কাম কৰিছিল ইছাক মাৰাকে । আনহাতে সেই car wash ত কাম কৰিছিল সাতগাঁৱৰে নিবাসী অৰ্জুন, আলতাফ আৰু চাহিলে । কৰ্মৰ সূত্ৰে তেওঁলোকৰ মাজত ইছাক মাৰাকৰ এটা বন্ধুত্ব সুলভ সম্পৰ্ক গঢ়ি উঠিছিল ।

জানিব পৰা মতে, car Wash ৰ লগতে থকা এটা সুকীয়া কোঠাত নিশাৰ ভাগত প্ৰায়েই ড্ৰাগছ-ভাং-সুৰাৰ আড্ডা বহিছিল । উক্ত দিনাখনো নিশাৰ ভাগতো তেনে এক পৰিৱেশেই গঢ়ি উঠিছিল । জানিব পৰা মতে, ইছাক মাৰাক প্ৰথম অৱস্থাত নিশাসক্ত নাছিল যদিও বন্ধু বৰ্গই নিশাসক্ত হ’বলৈ বাধ্য কৰিছিল ।

আৰক্ষী সূত্ৰে জানিব পৰা মতে, ঘটনাৰ দিনাখন কোনো কথাক লৈ চাৰি বন্ধুৰ মাজত কাজিয়াৰ সূত্ৰপাত হৈছিল । ড্ৰাগছ আৰু ভাঙৰ ৰাগীত মাতাল হৈ থকা বন্ধু কেইজনে প্ৰহাৰ কৰাৰ লগতে ইছাকক অত্যাধিক ড্ৰাগছ সেৱন কৰিবলৈ বাধ্য কৰিছিল । সূত্ৰ টোৱে প্ৰকাশ কৰা অনুসৰি, অধিক পৰিমাণৰ ড্ৰাগছ আৰু ভাং সেৱন কৰাৰ ফলত সেই কোঠাতে ঢলি পৰিছিল ইচাক মৰাণ ।

লগতে পঢ়ক : উদ্ধাৰ হ’ল ডিমৌ নদীত নিখোঁজ হোৱা তিনিজনীয়া পৰিয়ালটো

ইছাকৰ এনে অৱস্থা দেখি ভয় আৰু শংকিত হৈ পৰা বন্ধু কেইজনে তাক স্কুটিত উঠাই পুবেৰুণ পথৰ ঘৰৰ কাষত পেলাই থৈ আহে । তাৰ পাচত ঘটনাৰ পাছদিনা পুৱাৰ ভাগত স্থানীয় একাংশ লোকে পথৰ দাঁতিত মৃতদেহটো প্ৰত্যক্ষ কৰি সাতগাঁও আৰক্ষীক খবৰ দিয়ে (Dead body rescue in Guwahati) ৷

ইফালে এই ঘটনাৰ প্ৰকৃত কাৰণ এতিয়ালৈ সঠিককৈ পোহৰলৈ অহা নাই যদিও আৰক্ষীৰ জিম্মাত থকা অৰ্জুন বাছফৰ, আৰতাফ হুছেইন আৰু চাহিল কুমাৰ চৌৰাছিয়াৰ ওপৰত অধিক সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে । ঘটনা সন্দৰ্ভত সাতগাঁও আৰক্ষীয়ে 95/22 নম্বৰত এটা গোচৰ ৰজু কৰি তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে ।

ইফালে দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবীত শুকুবাৰে সাতগাঁও অঞ্চলৰ শতাধিক মহিলাই ঘেৰাও কৰে সাতগাঁও থানা ৷ ইয়াৰ পূৰ্বে প্ৰতিবাদী মহিলাসকলে সাতগাঁৱৰ Assam Hydrolic car wash centre সন্মুখত সাতগাঁৱৰ মূলপথচোৱাত বাঁহ আৰি এই ঘটনাৰ উচিত তদন্ত দাবী তুলি প্ৰতিবাদ সাব্যস্ত কৰে । পিছত নুনমাটি থানাৰ আৰক্ষী বিষয়া নিলোৎপল ডেকা উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি ৷

লগতে পঢ়ক : গুৱাহাটীত পুনৰ উদ্ধাৰ এজনৰ মৃতদেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.