ETV Bharat / state

Naharkatia Murder : প্ৰেমৰ বাবেই দুই বন্ধুৱে হত্যা কৰিলে ৰিয়াজক

author img

By

Published : Jun 19, 2022, 7:53 PM IST

এটা হত্যাকাণ্ডক কেন্দ্ৰ কৰি নাহৰকটীয়াত তীব্ৰ উত্তেজনা (Tension prevails in Naharkatia over murder)। নৃশংসভাৱে দুই বন্ধুৱে হত্যা কৰিলে ৰিয়াজ হুছেইন ভূঞা নামৰ কিশোৰজনক । আৰক্ষীয়ে আটক কৰিলে অভিযুক্ত দুই বন্ধুক ।

Murder
প্ৰেমৰ বাবেই ৰিয়াজক হত্যা কৰিলে দুই বন্ধুৱে

মৰাণ,১৯ জুন : ডিব্ৰুগড়ৰ নাহৰকটীয়াত চাঞ্চল্যকৰ হত্যাকাণ্ড (Sensational murder in Naharkatia)। এজন কিশোৰক হত্যা কৰি কৱৰস্থানত পেলাই থৈ গ'ল মৃতদেহ । ঘটনাক কেন্দ্ৰ কেৰি অঞ্চলটোত তীব্ৰ উত্তজনাই বিৰাজ কৰিছে । কিশোৰজনৰ দুই বন্ধুৱে নৃশংসভাৱে হত্যা কৰিলে ১৫ বছৰীয়া কিশোৰজনক (Minor killed by two friends in Naharkatia)। মৃত কিশোৰজন নাহৰকটীয়া ৰেল গেটৰ বাসিন্দা ৰিয়াজ হুছেইন ভূঞা বুলি জানিব পৰা গৈছে ।

উল্লেখ্য যে, শনিবাৰে নিশা সংঘটিত হয় এই ঘটনা । নিশা প্ৰায় ৭ মান বজাত ঘৰৰ পৰাই ওলাই গৈছিল নৱম শ্ৰেণীৰ ছাত্ৰ ৰিয়াজ হুছেইন ভূঞা । কিন্তু বহু দেৰিলৈ ঘৰলৈ উভতি নহাত ৰিয়াজৰ পৰিয়াল চিন্তিত হয় । লগে লগে পৰিয়ালৰ লোকে ৰিয়াজ বিচাৰিবলৈ আৰম্ভ কৰে । ৰিয়াজৰ কোনো শুংসূত্ৰ লাভ কৰিব নোৱাৰিলে পৰিয়ালে । যাৰ বাবে নিশাই আৰক্ষীৰ কাষ চাপে পৰিয়ালৰ লোকসকল ।

ইফালে ৰিয়াজৰ দুই বন্ধুৰ ওপৰত সন্দেহ ওপজে পৰিয়ালৰ । ৰিয়াজৰ পৰিয়ালেও এই বিষয়ে আৰক্ষীক অৱগত কৰে ।

প্ৰেমৰ বাবেই ৰিয়াজক হত্যা কৰিলে দুই বন্ধুৱে

আৰক্ষীয়ে ৰিয়াজৰ দুই বন্ধু তথা অভিযুক্তক সোধা-পোছৰ বাবে নিশা আটক কৰাৰ লগে লগে সমগ্ৰ ঘটনা পোহৰলৈ আহে । দুই অভিযুক্তৰ স্বীকাৰোক্তিৰ ভিত্তিত দেওবাৰে পুৱতি নিশা প্ৰায় ৩ মান বজাত নাহৰকটীয়া কৱৰস্থানৰ পৰা আৰক্ষীয়ে ৰিয়াজৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় । আৰক্ষীৰ জেৰাত হত্যাকাৰী দুই বন্ধুৱে একমাত্ৰ প্ৰেমৰ বাবেই ৰিয়াজক ডিঙি চেপি হত্যা কৰাৰ কথা স্বীকাৰ কৰে ।

ইফালে এই ঘটনা পোহৰলৈ অহাত নিশাই একাংশ উত্তেজিত লোকে হত্যাকাৰী ৰছিদৰ নাহৰকটীয়া নিউ কলনীৰ বাসগৃহ ভাঙি লণ্ড-ভণ্ড কৰে । ইফালে আনজন নাবালক হত্যাকাৰী নাহৰকটীয়া ৰেল গেটৰ চামাদ ভূঞাৰ বাসগৃহত বনকৰা ল'ৰা হিচাপে কৰ্মৰত আছিল ।

উল্লেখ্য যে হত্যাকাৰী ৰছিদ আলী ৩/৪ দিন পূৰ্বে এক চুৰি গোচৰত জামিনত মুকলি হৈ আহিছিল । আনহাতে এক ফোন ৰেকৰ্ডিঙত ৰছিদ আৰু আনজন হত্যাকাৰীয়ে মিছা কথাৰে ৰিয়াজক নিশা ঘৰৰ পৰা মাতি অনাৰ তথ্য পোহৰলৈ আহিছে । নিশা এই ঘটনাক লৈ সমগ্ৰ অঞ্চলত তীব্ৰ উত্তেজনাই বিৰাজ কৰে । ইফালে পৰিস্থিতি অধিক অৱনতি ঘটাত দুই হত্যাকাৰীক নাহৰকটীয়া আৰক্ষীয়ে নিৰাপদ স্থানত ৰাখি মাৰাথন জেৰা অব্যাহত ৰাখিছে ।

লগতে পঢ়ক :আলফাক মুকলি সমৰ্থন জনাই আৰক্ষীৰ জালত মৰাণৰ যুৱতী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.