ETV Bharat / state

Reshuffle in Assam Police: অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত পুনৰ ৰদ-বদল

author img

By ETV Bharat Assamese Team

Published : Aug 25, 2023, 3:44 PM IST

Reshuffle in Assam Police
Reshuffle in Assam Police

ৰাজ্য চৰকাৰে এক নিৰ্দেশনাযোগে অসম আৰক্ষীৰ কেইবাগৰাকীও শীৰ্ষ বিষয়াক ৰদ-বদল কৰিছে ৷ সৱিশেষ এই প্ৰতিবেদনত ৷

গুৱাহাটী,২৫ আগষ্ট: অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত পুনৰ সাল-সলনি ঘটোৱা হৈছে । ৰাজ্য চৰকাৰে এক নিৰ্দেশ যোগে শুকুৰবাৰে অসম আৰক্ষীৰ শীৰ্ষ মহলত ৰদ-বদল কৰে । অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তথা আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে অসম আৰক্ষীৰ ব্যপক সংস্কাৰৰ কথা কৈ থকাৰ সময়ত আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত এই ৰদ-বদল এক গুৰুত্বপূৰ্ণ পদক্ষেপ ৷

Reshuffle in Assam Police
অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত পুনৰ ৰদ-বদল

সেই অনুসৰি শিৱসাগৰৰ লিগিৰীপুখুৰীৰ ২৫ সংখ্যক এপি (অ' এন জি চি) বেটেলিয়ানৰ অধিনায়ক অমৰ চৌধুৰীক লখিমপুৰৰ তৃতীয় এ এফ পি এফ বেটেলিয়ানৰ অধিনায়ক হিচাপে বদলি কৰা হৈছে । সেইদৰে নলবাৰীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (এছ এণ্ড আই) অলিন্দিতা গগৈক গুৱাহাটীৰ ভিজিলেন্স আৰু এণ্টি ক'ৰাপচনৰ আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হৈছে ।

ডিব্ৰুগড়ৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (অপৰাধ) ড৹ দেৱজিত নাথক শিৱসাগৰৰ লিগিৰীপুখুৰীৰ ২৫ সংখ্যক এপি (অ' এন জি চি) বেটেলিয়ানৰ অধিনায়ক হিচাপে বদলি কৰা হৈছে । আনহাতে কাছাৰৰ লক্ষীপুৰৰ এছ ডি পি অ' দীনেশ কুমাৰক নলবাৰীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (ক্ৰাইম) হিচাপে বদলি কৰা হৈছে ।

অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত সংলগ্ন হৈ থকা নাহিদ কৰিস্মাক শিৱসাগৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (সীমান্ত) হিচাপে বদলি কৰা হৈছে । সেইদৰে গুৱাহাটীৰ সহকাৰী আৰক্ষী আয়ুক্ত (মহিলা শাখা) ভনিতা নাথক গুৱাহাটীৰ বি আই (ই অ'-আই)ৰ অতিৰিক্ত আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হৈছে ।

উল্লেখ্য যে শেহতীয়াকৈ অসম চৰকাৰৰ গৃহ বিভাগে আৰক্ষীৰ শীৰ্ষ পৰ্যায়ৰ পৰা কনিষ্টবল পৰ্যায়লৈকে কেইবাটাও ৰদ-বদল কৰা হৈছে ৷ মাত্ৰ কিছুদিন পূৰ্বে কেইবাগৰাকী এ পি এছ বিষয়াৰ ৰদ-বদল কৰা হৈছিল ।

লগতে পঢ়ক: Reshuffle of Assam administration: ৰাজ্যৰ প্ৰশাসনৰ শীৰ্ষ পৰ্যায়ত ব্যাপক ৰদ-বদল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.