ETV Bharat / state

Madhav Bezbaruah Hostel alumni meet: গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাধৱ বেজবৰুৱা ছাত্ৰাৱাসৰ ন-পুৰণি সতীৰ্থ সন্মিলন

author img

By

Published : Mar 3, 2023, 9:55 PM IST

Gauhati University
সতীৰ্থ সন্মিলন

৭ আৰু ৮ এপ্ৰিলত অনুষ্ঠিত হ’ব গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাধৱ বেজবৰুৱা ছাত্ৰাৱাসৰ ন-পুৰণি সতীৰ্থ সন্মিলন (Madhav Bezbaruah Hostel alumni meet) ৷

গুৱাহাটী, ৩ মাৰ্চ: নাচ-গানেৰে মুখৰিত হৈ পৰিব গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাধৱ বেজবৰুৱা ছাত্ৰাৱাসৰ বাকৰি ৷ জীৱনৰ ৰঙীণ সময় পাৰ কৰি অহা হোষ্টেলত ভৰি থৈ নষ্টালজিক হৈ পৰিব সেই হোষ্টেলৰ ন-পুৰণি সতীৰ্থ ৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম ছাত্ৰাৱাস মাধৱ বেজবৰুৱা এক নং দুমহলীয়া ছাত্ৰাৱাসৰ ন-পুৰণি সতীৰ্থ সন্মিলন এখনি অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে (Madhav Bezbaruah Hostel of Gauhati University) ৷ চলিত বৰ্ষৰ ৭ আৰু ৮ এপ্ৰিলত অনুষ্ঠিত হ’ব এই ন-পুৰণি সতীৰ্থ সন্মিলনখনি ৷

বিস্তৃত কাৰ্যসূচীৰে আৱাসৰ চৌহদত অনুষ্ঠিত কৰা হ’ব ন-পুৰণি সতীৰ্থ সন্মিলনখনি ৷ সতীৰ্থ সন্মিলনৰ উদযাপন সমিতিৰ সভাপতি তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ শ্ৰেণীসমূহৰ সচিব ড৹ জগদীশ শৰ্মা, কাৰ্যকৰী সভাপতি ড৹ তপন দাস, পৰশ গাৰ্গ, সাধাৰণ সম্পাদক তথা সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক ভৱজিৎ বেজবৰুৱাই এক বিবৃতিযোগে এই কথা জানিবলৈ দিছে (Madhav Bezbaruah Hostel arrange alumni meet) ৷

লক্ষণীয় যে মাধৱ বেজবৰুৱা ছাত্ৰাৱাসৰ অসংখ্য প্ৰাক্তন আৱাসীয়ে অসমৰ শৈক্ষিক, সামাজিক,সাংস্কৃতিক আৰু অৰ্থনৈতিক দিশত অতুলনীয় ভূমিকা গ্ৰহণ কৰি আহিছে ৷ ছাত্ৰাৱাসৰ প্ৰাক্তন আৱাসী প্ৰতাপজ্যোতি সন্দিকৈ, ড৹ দীপক কুমাৰ শৰ্মা, ড৹ অমলেন্দু চক্ৰৱৰ্তীয়ে উপাচাৰ্যৰ পদ অলংকৃত কৰিছে ৷ ৰাজ্যৰ উন্নয়নৰ লগত জড়িত আৰু সামাজিক দিশৰ গুৰুত্বপূৰ্ণ বিষয়ত প্ৰাক্তন আৱাসীয়ে কাম কৰি আছে ৷

উল্লেখযোগ্য যে, ৭ এপ্ৰিলৰ সতীৰ্থ সন্মিলনৰ অনুষ্ঠানত গছপুলি ৰোপন, সদৌ অসম ভিত্তিত তৰ্ক প্ৰতিযোগিতা, মিলানাভ গোস্বামী সোঁৱৰণি প্ৰতিযোগিতা, বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীৰ মাজত পৰম্পৰাগত সাজপাৰ পিন্ধা প্ৰতিযোগিতা, চিকিৎসা শিবিৰ আদি অনুষ্ঠিত হ’ব (Madhav Bezbaruah Hostel alumni meet) ৷ ৮ এপ্ৰিলত পতাকা উত্তোলন, মাধৱ বেজবৰুৱাৰ প্ৰতিমূৰ্ত্তিত মাল্যৰ্পণ, শ্বহীদ তৰ্পণ, স্মৃতি গ্ৰন্থ উন্মোচন, সতীৰ্থ সন্মিলন, মুকলি সভা আৰু সাংস্কৃতিক সন্ধিয়া অনুষ্ঠান অনুষ্ঠিত হ’ব ৷

আনহাতে সতীৰ্থ সন্মিলনৰ আলোচনী উপসমিতিৰ সভাপতি অধ্যাপক ড৹ অৱনী কুমাৰ ভাগৱতী আৰু সম্পাদকদ্বয় ড৹ মন্টু কুমাৰ বড়া, ড৹ শিৰোমণি ভূঞাই প্ৰাক্তন আৱাসী সকলক স্মৃতিগ্ৰন্থৰ বাবে লেখা সোনকালে জমা দিবলৈ আহ্বান জনাইছে (Gauhati University arrange alumni meet) ৷ মৌলিক লেখাসমূহ পঠিয়াবলৈ ৯৫০৮৮২৬৬৮১ ম’বাইল নম্বৰত যোগাযোগ কৰিব পাৰিব ৷

লগতে পঢ়ক : Lat Mandal Arrested at Kaliabor : ২০০০ টকা উৎকোচ লৈ গ্ৰেপ্তাৰ লাট মণ্ডল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.