ETV Bharat / state

Lat Mandal Arrested at Kaliabor : ২০০০ টকা উৎকোচ লৈ গ্ৰেপ্তাৰ লাট মণ্ডল

author img

By

Published : Mar 3, 2023, 5:06 PM IST

কলিয়াবৰত দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ অভিযান । দুহাজাৰ টকা উৎকোচ লৈ জালত পৰিল লাট মণ্ডল (Lat mandal arrested) । কলিয়াবৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য‍ালয়ত কৰ্মৰত আছিল প্ৰাঞ্জল বৰা নামৰ লাট মণ্ডলজন ।

Lat Mandal Arrested at Kaliabor
২০০০ টকা উৎকোচ লৈ গ্ৰেপ্তাৰ লাট মণ্ডল

২০০০ টকা উৎকোচ লৈ গ্ৰেপ্তাৰ লাট মণ্ডল

কলিয়াবৰ,৩ মাৰ্চ : ৰাজ্যত দুৰ্নীতি, দালালৰাজ, উৎকোচ আদি নিৰ্মূল কৰাৰ বাবে অসম আৰক্ষীয়ে বিভিন্ন কঠোৰ পদক্ষেপ হাতত লৈছে । অসমৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে ৰাজ্যজুৰি অধিক কঠোৰ হৈছে আৰক্ষী (Assam CM strict against corruption)। এতিয়ালৈ বহু দালাল, দুৰ্নীতিগ্ৰস্ত চৰকাৰী বিষয়া আদি আৰক্ষীৰ জালত পৰিছে । কিন্তু তাৰ পাছতো ৰাজ্যত টেবুলৰ তলেৰে ধনৰ লেন-দেন চলি আছে । এইবাৰ উৎকোচ লৈ গ্ৰেপ্তাৰ হ'ল লাট মণ্ডল ।

কলিয়াবৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ এগৰাকী লাট মণ্ডলে মাটিৰ অনুমতি উলিয়াই দিয়াৰ নামত এগৰাকী লোকৰ পৰা বিচাৰিছিল তিনি হাজাৰ টকা । শুকুৰবাৰে দুহাজাৰ টকা আগধন হিচাপে লোৱাৰ সময়তে হাতে-লোটে ধৰা পৰে লাট মণ্ডল প্ৰাঞ্জল বৰা (Lat mandal arrested at Kaliabor)। কলিয়াবৰৰ কুঁৱৰীটোলস্থিত কলিয়াবৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য‍ালয়ত দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ এটা দলে হাতে-লোটে আটক কৰে লাট মণ্ডল প্ৰাঞ্জল বৰাক (Anti corruption raid in Kaliabor)।

জানিব পৰা মতে দুৰ্নীতিগ্ৰস্ত বিষয়াগৰাকীৰক মাৰাথান জেৰা চলাই থকা হৈছে । ইফালে কলিয়াবৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য‍ালয়ত কৰ্মৰত লাট মণ্ডলজন গ্ৰেপ্তাৰ হোৱাৰ লগে লগে বাকী কৰ্মচাৰীৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে (Lat Mandal arrested for bribe in Kaliabor)।

উল্লেখ্য যে অসমৰ মুখ্যমন্ত্ৰীৰ লগতে আৰক্ষীয়ে দালালৰাজ বন্ধ কৰাৰ লগতে উৎকোচৰ আশ্ৰয় নল'বলৈ বহুবাৰ আহ্বান জনাইছে । কিন্তু সেই আহ্বানৰ প্ৰতি গুৰুত্ব নাই একাংশ দুৰ্নীতিগ্ৰস্ত বিষয়া তথা চৰকাৰী কৰ্মচাৰীৰ । যাৰবাবে সাধাৰণ কামৰ বাবে ৰাইজৰ পৰা ধন বিচাৰে চৰকাৰী কৰ্মচাৰীয়ে । অৱশ্যে তাৰ মাজতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বহু এনে দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰী আৰক্ষীৰ জালত পৰিছে ।

আনকি তেনে দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰীক হাতে-লোটে ধৰা পেলাবলৈ তথ্যসহ যোগাযোগ কৰিবলৈ দুৰ্নীতি নিবাৰক শাখাই আহ্বান জনাই আহিছে । দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাই হেল্পলাইন নম্বৰো মুকলি কৰিছে । কিন্তু সাধাৰণ জনতা এইক্ষেত্ৰত এতিয়াও সচেতন নোহোৱাৰ বাবেই এচাম বিষয়া-কৰ্মচাৰীয়ে এই অসৎ উপায় অৱলম্বন কৰি আহিছে ।

লগতে পঢ়ক :Fraud for CSP in Dhubri: ৰাষ্ট্ৰীয়কৃত বেংকৰ হৈ গ্ৰাহক সেৱা কেন্দ্ৰ প্ৰদানৰ নামত প্ৰৱঞ্চকৰ লুণ্ঠন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.