ETV Bharat / state

নুনমাটি বিহু সন্মিলনীৰ লাইখুটা স্থাপন

author img

By

Published : Apr 4, 2022, 9:49 PM IST

laai-khuta-set-up-of-Noonmati Bihu Sanmilan 2022
৫৯ সংখ্যক নুনমাটি বিহু সন্মিলনৰ লাইখুটা স্থাপন

বাপতি সাহোন ৰঙালী বিহুটিক আদৰিবলৈ সাজু ৰাজ্যবাসী (Bihu preparation in Assam) ৷ বাদ পৰি ৰোৱা নাই ৫৯ বৰ্ষত ভৰি দিয়া নুনমাটি বিহু সন্মিলনীও ৷ তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে নুনমাটিস্থিত শোধনাগাৰ খেলপথাৰ প্ৰাংগণত অনুষ্ঠিত হ'ব বিহু সন্মিলনৰ বিভিন্ন কাৰ্যসূচী ।

গুৱাহাটী, 4 এপ্ৰিল : ক’ভিড সৃষ্ট পৰিৱেশৰ পিছত বাপতি সাহোন ৰঙালী বিহুটি কোনো ধৰণৰ বাধা নথকাকৈ উদযাপন কৰাৰ বাবে সাজু হৈছে সমগ্ৰ ৰাজ্যবাসী (Rongali Bihu preparation in Assam)। তাঁতৰ শালতো ব্যস্ততা বাঢ়িছে শিপিনীৰ ৷ ইয়াৰ সমান্তৰলকৈ ব্যস্ততা বাঢ়িছে বিহু উদযাপক সন্মিলনীসমূহৰো ।

দুটা বছৰৰ ক’ভিড সৃষ্টি পৰিৱেশৰ বাবে ৰাজ্যত অনুষ্টুপীয়াকৈ আয়োজন কৰা হৈছিল বিহুৰ ৷ কিন্তু এইবাৰ কোনো ধৰণৰ ক’ভিড নীতি-নিয়ম নোহোৱাকৈ অধিক সুন্দৰভাৱে বিহুৰ অনুষ্ঠান আয়োজন কৰিব বুলি আশা প্ৰকাশ কৰিছে আয়োজকসকলে । সমান্তৰালকৈ মহানগৰীৰ অন্যান্য বিহু সন্মিলনী সমূহৰ লগতে ৫৯ বৰ্ষত ভৰি দিয়া নুনমাটি বিহু সন্মিলনীও হেপাঁহৰ ৰঙালী বিহু উদযাপনৰ বাবে সাজু হৈ উঠিছে (Noonmati Bihu Sanmilan 2022) ।

৫৯ সংখ্যক নুনমাটি বিহু সন্মিলনৰ লাইখুটা স্থাপন

আগন্তুক ১৪,১৫ আৰু ১৬ এপ্ৰিলত তিনিদিনীয়া বৰ্নাঢ্য কাৰ্যসূচীৰে নুনমাটিস্থিত শোধনাগাৰ খেলপথাৰ প্ৰাংগণত অনুষ্ঠিত হ'ব বিহু সন্মিলনৰ বিভিন্ন কাৰ্যসূচী । ইতিমধ্যে বিহু উদযাপনৰ বাবে যাৱতীয় কাম কাজ সম্পূৰ্ণ কৰি তুলিছে উদযাপন সমিতিয়ে ।

ইফালে বিহু উদযাপনৰ অংশ হিচাপে সোমবাৰে পুৱা ১০ বজাত বিহুৰ বাকৰিত পুৰোহিতৰ মন্ত্ৰ উচ্চাৰণ,আয়তিৰ উৰুলিৰে সৈতে লাইখুটা স্থাপন কৰা হয় (Laai khuta set up of Noonmati Bihu Sanmilan) । উক্ত কাৰ্যসূচীত উপস্থিত থাকে গুৱাহাটী শোধনাগাৰৰ মহাপ্ৰৱন্ধক অমৰ বৰগোঁহাই,গুৱাহাটী শোধনাগাৰৰ উপ-মহাপ্ৰৱন্ধক ডি মৰাল,বিহু উদযাপন সমিতিৰ সভাপতি মধুৰঞ্জন নাথ, সাধাৰণ সম্পাদক নিপু কাকতি, কোষাধক্ষ তপন ভূঞা প্ৰমুখ্যে আন বিষয়ববীয়াসকলৰ লগতে নুনমাটি ছাত্ৰ সন্থাৰ প্ৰতিনিধি, নুনমাটি দুৰ্গা মন্দিৰ, নুনমাটি কীৰ্ত্তন ঘৰ, বিষ্ণু ৰাভা নগৰ উন্নয়ন সমিতিৰ কৰ্মকতাসকল ৷

উল্লেখ্য যে, তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া বিহু সন্মিলনৰ এইবেলিৰ সাংস্কৃতিক অনুষ্ঠানৰ বিশেষ আকৰ্ষণ হিচাপে থাকিব জনপ্ৰিয় কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালী আৰু ভৃগু কাশ্যপৰ গীতৰ শৰাই ।

লগতে পঢ়ক : CM on Bihu celebration: থলুৱা গামোচা ব্যৱহাৰ কৰাৰ আহ্বান মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.