ETV Bharat / state

Income Tax Raid : ব্যৱসায়ী নৃপেন দাসৰ ঘৰত পুনৰ আয়কৰ বিভাগৰ অভিযান

author img

By

Published : Nov 3, 2022, 8:30 PM IST

Nripen Das
Nripen Das

ৰাজ্যত সমাজ কল্যাণ বিভাগত সামগ্ৰী যোগানত সঘনে দুৰ্নীতিৰ অভিযোগ উঠা ঠিকাদাৰ, ব্যৱসায়ী নৃপেন দাসৰ বাসগৃহত পুনৰ বৃহস্পতিবাৰে আয়কৰ বিভাগৰ অভিযান চলে(Income Tax department raid on Nripen Das residence) ।

গুৱাহাটী, ৩ নৱেম্বৰ : ৰাজ্যত সমাজ কল্যাণ বিভাগত সামগ্ৰী যোগানত সঘনে দুৰ্নীতিৰ অভিযোগ উঠা ঠিকাদাৰ, ব্যৱসায়ী নৃপেন দাসৰ বাসগৃহত পুনৰ বৃহস্পতিবাৰে আয়কৰ বিভাগৰ অভিযান চলে (Income Tax department raid on Nripen Das residence) । উল্লেখ্য যে যোৱা মঙলবাৰে নৃপেন দাসৰ গুৱাহাটী আৰু দিল্লীৰ ব্যৱসায়িক প্ৰতিষ্ঠানত আয়কৰ বিভাগে অভিযান চলাইছিল (Income tax department raid in Guwahati) ।

ৰাজ্যত সমাজ কল্যাণ বিভাগত সামগ্ৰী যোগানত সঘনে দুৰ্নীতিৰ অভিযোগ উঠা ঠিকাদাৰ, ব্যৱসায়ী নৃপেন দাসৰ বেলতলাৰ বশিষ্ঠপুৰৰ ৪নং পথৰ গৃহ, জি এছ ৰোডৰ কাৰ্যালয় আৰু বেলতলাৰ ব্যৱসায়িক প্ৰতিষ্ঠানত দ্বিতীয় দিনাও অভিযান অব্যাহত ৰাখিলে আয়কৰ বিভাগে ৷ আয়কৰ বিভাগৰ এটা বৃহৎ দলে বুধবাৰে পুৱাতেই ব্যৱসায়ীগৰাকীৰ বাসগৃহৰ পৰা আৰম্ভ কৰা অভিযানৰ সমান্তৰলকৈ বেলতলা সমন্বয় পথত থকা কাৰ্যালয়, বেলতলা লক্ষ্মীমন্দিৰৰ কাষৰ ব্যৱসায় প্ৰতিষ্ঠানত আৰু জিএছ ৰোডৰ ব্যক্তিগত কাৰ্যালয়ত অভিযান অব্যাহত ৰাখে বৃহস্পতিবাৰৰ দিনটোতো ৷

দ্বিতীয় দিনলৈ চলা এই অভিযানত অভিযানকাৰী দলটোৱে ঠিকাদাৰগৰাকীৰ পৰা যথেষ্ট আপত্তিজনক নথি জব্দ কৰা বুলি জানিব পৰা গৈছে । অভিযোগ মতে, ৰাজ্যৰ সমাজ কল্যাণ বিভাগত (Social Welfare department) শিশু খাদ্য যোগানৰ নামত কোটি কোটি ধন আত্মসাৎ কৰি এই বৃহৎ সম্পত্তিৰ পাহাৰ গঢ়িছিল এইগৰাকী বিতৰ্কিত ঠিকাদাৰ নৃপেন দাসে ৷

উল্লেখ্য, ইতিমধ্যে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়লৈ নৃপেন দাসৰ বিৰুদ্ধে পত্ৰ প্ৰেৰণ কৰিছিল এজন সচেতন লোকে ৷ ইয়াৰ পিছত ঠিকাদাৰগৰাকীৰ বিৰুদ্ধে অভিযান চলায় আয়কৰ বিভাগে ।

লগতে পঢ়ক :Effigy Burnt of Badaruddin Ajmal: বৰপেটাত বদৰুদ্দিন আজমলৰ প্ৰতিকৃতি দাহ যুৱ কংগ্ৰেছৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.