ETV Bharat / state

Effigy Burnt of Badaruddin Ajmal: বৰপেটাত বদৰুদ্দিন আজমলৰ প্ৰতিকৃতি দাহ যুৱ কংগ্ৰেছৰ

author img

By

Published : Nov 3, 2022, 7:42 PM IST

চিণ্ডিকেট চক্ৰৰে জড়িত AIUDF-ৰ সভাপতি বদৰুদ্দিন আজমল আৰু জনীয়াৰ বিধায়ক ৰফিকুল ইছলাম । এই অভিযোগ উত্থাপন কৰি বদৰুদ্দিন আজমল আৰু জনীয়াৰ বিধায়ক ৰফিকুল ইছলামৰ প্ৰতিকৃতি দাহ কৰে কংগ্ৰেছে (effigy burnt of Badaruddin Ajmal) ৷ প্ৰদেশ যুৱ কংগ্ৰেছৰ সভানেত্ৰী অংকিতা দত্তৰ (youth congress president Ankita Dutta) নেতৃত্বত আজি বৰপেটাত যুৱ কংগ্ৰেছে দাহ কৰে বদৰুদ্দিন আজমল আৰু জনীয়াৰ বিধায়ক ৰফিকুল ইছলামৰ প্ৰতিকৃতি ৷

Barpeta
Barpeta

বৰপেটা, ৩ নৱেম্বৰ : ৰাজ্যত চলি থকা চিণ্ডিকেটৰ সৈতে এআইইউডিএফৰ (AIUDF) সভাপতি জড়িত হৈ থকাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে (Congress alleged AIUDF connection with sindicate) । ৰাজ্যত চলি থকা কয়লা, গৰু আৰু বাৰ্মিজ চুপাৰী চিণ্ডিকেটৰ সৈতে জড়িত হৈ আছে আজমল আৰু তেওঁৰ দলৰ বিধায়কসকল (AIUDF leader Badaruddin Ajmal) ৷

চিণ্ডিকেট চক্ৰৰে জড়িত AIUDF-ৰ সভাপতি বদৰুদ্দিন আজমল আৰু জনীয়াৰ বিধায়ক ৰফিকুল ইছলাম । এই অভিযোগ উত্থাপন কৰি বদৰুদ্দিন আজমল আৰু জনীয়াৰ বিধায়ক ৰফিকুল ইছলামৰ প্ৰতিকৃতি দাহ কৰে কংগ্ৰেছে (effigy burnt of Badaruddin Ajmal) ৷ প্ৰদেশ যুৱ কংগ্ৰেছৰ সভানেত্ৰী অংকিতা দত্তৰ (youth congress president Ankita Dutta) নেতৃত্বত আজি বৰপেটাত যুৱ কংগ্ৰেছে দাহ কৰে বদৰুদ্দিন আজমল আৰু জনীয়াৰ বিধায়ক ৰফিকুল ইছলামৰ প্ৰতিকৃতি ৷

বৰপেটা চহৰৰ ৰাজীৱ ভৱনৰ সন্মুখত আজি যুৱ কংগ্ৰেছে আজমলৰ প্ৰতিকৃতি দাহ কৰি ৰাজ্যত চলি থকা চিণ্ডিকেটৰাজ বন্ধৰ দাবী জনায় (Assam State Youth Congress protest) ৷ আনহাতে, AIUDF-ক নিঃশেষ কৰাৰ বাবে কংগ্ৰেছ কৰ্মীক আহ্বান জনায় যুৱ কংগ্ৰেছৰ সভানেত্ৰী অংকিতা দত্তই ৷

বৰপেটাত বদৰুদ্দিন আজমলৰ প্ৰতিকৃতি দাহ যুৱ কংগ্ৰেছৰ

আজি বৰপেটা জিলা যুৱ মৰ্চাৰ এখন সভাত অংশগ্ৰহণ কৰি AIUDF-ৰ বিৰুদ্ধে সৰৱ হৈ পৰে যুৱ কংগ্ৰেছৰ সভানেত্ৰীগৰাকী ৷ বিজেপিৰ সহযোগত AIUDF-এ ৰাজ্যত গৰু, কয়লা আৰু চুপাৰীৰ চিণ্ডিকেট চলাই থকাৰো অভিযোগ কৰে ৷ লগতে গুৱাহাটী মহানগৰীৰ বিৰুবাৰীত থকা এটা ঘৰৰ পৰাই উক্ত চিণ্ডিকেট চক্ৰ নিয়ন্ত্ৰণ কৰি থকাৰ অভিযোগ উত্থাপন কৰে অংকিতা দত্তই ৷

উল্লেখ্য, কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰ, সাংসদ আব্দুল খালেক, বিধায়ক আব্দুৰ ৰহিম আহমেদসহ কংগ্ৰেছ আৰু যুৱ কংগ্ৰেছৰ কেইবাজনো নেতাই বৃহস্পতিবাৰে বৰপেটা যুৱ কংগ্ৰেছৰ সভা এখনত অংশগ্ৰহণ কৰে । উক্ত সভাতেই অংকিতা দত্তই বিজেপিৰ লগতে মূলত AIUDF-ক তীব্ৰ ভাষাৰে সমালোচনা কৰে ৷

ইয়াৰ পিচতে ৰাজ্যত চিণ্ডিকেট চক্ৰৰে জড়িতৰ অভিযোগ তুলি বৰপেটা চহৰৰ ৰাজীৱ ভৱনৰ সন্মুখত যুৱ কংগ্ৰেছে বদৰুদ্দিন আজমল আৰু জনীয়াৰ বিধায়ক ৰফিকুল ইছলামৰ প্ৰতিকৃতি দাহ কৰে ৷ প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি অংকিতা দত্তৰ নেতৃত্বত আজি বৰপেটাত যুৱ কংগ্ৰেছে দাহ কৰে বদৰুদ্দিন আজমল আৰু জনীয়াৰ বিধায়ক ৰফিকুল ইছলামৰ প্ৰতিকৃতি ৷

বৰপেটা চহৰৰ ৰাজীৱ ভৱনৰ সন্মুখত যুৱ কংগ্ৰেছে আজমলৰ প্ৰতিকৃতি দাহ কৰি ৰাজ্যত চলি থকা চিণ্ডিকেটৰাজ বন্ধৰ দাবী জনায় ৷ ইপিনে AIUDF-ৰ সভাপতি আজমল জেহাদী কাৰ্যকলাপত জড়িত বুলিও অভিযোগ অংকিতা দত্তৰ । আনহাতে, বিদেশৰ পৰা ধন আহে বুলি ড৹ হিমন্ত বিশ্ব শৰ্মাই এফালে অভিযোগ তুলি আনফালে আজমলৰ পৰাই মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ধন গ্ৰহণ কৰা বুলি মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে অভিযোগৰ আঙুলি টোঁৱায় অংকিতা দত্তই ৷

লগতে পঢ়ক :Education Minister Ranoj Pegu: বদলি বিচৰা শিক্ষকৰ বাবে সুখবৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.