ETV Bharat / state

Mocha in Assam: মোচাৰ প্ৰভাৱত অহা ৪ দিনত অসমৰ বিভিন্ন প্ৰান্তত হ'ব প্ৰবল বৃষ্টিপাত

author img

By

Published : May 16, 2023, 7:06 PM IST

ঘূৰ্ণীবতাহ মোচা সন্দৰ্ভত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী (IMD forecast over Mocha)। অহা ৪ দিনত অসমত মুষলধাৰ বৰষুণ হোৱাৰ সম্ভাৱনা । কোনো কোনো স্থানত ধুমুহা অহাৰো আশংকা প্ৰকাশ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই ।

Mocha in Assam
অহা ৪ দিনত অসমৰ বিভিন্ন প্ৰান্তত হ'ব প্ৰবল বৃষ্টিপাত

গুৱাহাটী, ১৬ মে': বংগোপ সাগৰত উৎপন্ন হোৱা সামুদ্রিক ঘূর্ণীবতাহ মোচা বা মোখাৰ প্ৰভাৱ ইতিমধ্যে বাংলাদেশ আৰু ম্যানমাৰৰ উপকূলীয় অঞ্চলত পৰা দেখা গৈছে (Mocha effects)। অহা দিনবোৰত অসমতো ইয়াৰ প্ৰভাৱ পৰাৰ আশংকা ব্যক্ত কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ৷ বৰঝাৰস্থিত বিভাগটোৱে জনোৱা মতে, অসমৰ বিভিন্ন স্থানত এই ঘূৰ্ণীবতাহৰ ফলত প্ৰবল বৃষ্টিপাত হোৱাৰ সম্ভাৱনা আছে (Mocha effects in Assam)।

Mocha in Assam
অহা ৪ দিনত অসমৰ বিভিন্ন প্ৰান্তত হ'ব প্ৰবল বৃষ্টিপাত

মঙলবাৰে গুৱাহাটীৰ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই অহা ৪ দিনলৈ অসমত মোচাৰ প্ৰভাৱ পৰিব বুলি সদৰী কৰে (Heavy rains forecast in Assam for Mocha)। এই সময়ছোৱাত অসমৰ বিভিন্ন ঠাইত মুষলধাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে । প্রতি ঘণ্টাত ৫০ ৰ পৰা ৭০ কিলোমিটাৰ পর্যন্ত গতিবেগত ধুমুহা বলাৰো সম্ভাৱনা আছে ।

Mocha in Assam
অহা ৪ দিনত অসমৰ বিভিন্ন প্ৰান্তত হ'ব প্ৰবল বৃষ্টিপাত

বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা মতে, অত্যন্ত প্রবল ৰূপ ধাৰণ কৰা 'মোচা' আজি মধ্য আৰু পূব বংগোপসাগৰৰ পৰা প্ৰতি ঘণ্টাত ১৪ কিলোমিটাৰ গতিবেগত উত্তৰ-পূব দিশত আগবাঢ়ি আহিছে ৷ প'র্টব্লেয়াৰৰ পৰা ৫৬০ কিলোমিটাৰ উত্তৰ-উত্তৰ পশ্চিমত আৰু পৰৱৰ্তী সময়ত বাংলাদেশৰ কক্স বজাৰৰ পৰা ৬৮০ কিলোমিটাৰ দক্ষিণ আৰু দক্ষিণ-পশ্চিমত আৰু ম্যানমাৰ হৈ ৬০০ কিলোমিটাৰ দক্ষিণ-পশ্চিমৰ পৰা উত্তৰ আৰু উত্তৰ-পশ্চিম দিশে অগ্ৰসৰ হৈছে ।

এই সময়ছোৱাত বতাহৰ গতিবেগ প্রতি ঘণ্টাত ১৫০ ৰ পৰা ১৭৫ কিলোমিটাৰ পৰ্যন্ত বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ।

বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা মতে, উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ কেইবাটাও অঞ্চলত যোৱা সোমবাৰৰ পৰা প্ৰবল বৃষ্টিপাত হোৱা দেখা গৈছে (Mocha effects in North East)। ১৬, ১৭, ১৮ ‌আৰু ১৯ মে'ত অসমত অঞ্চল বিশেষে প্ৰবলৰ পৰা অতি প্রবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে ।

আকৌ ২০ মে'ত অসমৰ কেইবাটাও অঞ্চলত প্ৰবল‌ বৃষ্টিপাত হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে বতৰ বিজ্ঞান‌ কেন্দ্ৰই (Meteorological department on Mocha)।‌ গুৱাহাটী আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত এই সময়ছোৱাত বতৰ প্ৰধানতঃ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকনিৰে বৰষুণ হোৱাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক :Cyclone Mocha Alert: আহি আছে মোচা, 16 মে’লৈ সতৰ্কতা জাৰি অসমত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.