ETV Bharat / state

Cyclone Mocha Alert: আহি আছে মোচা, 16 মে’লৈ সতৰ্কতা জাৰি অসমত

author img

By

Published : May 12, 2023, 10:22 PM IST

ঘূৰ্ণীবতাহ মোচা বা মোখাক লৈ গুৱাহাটীৰ বৰঝাৰত থকা আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সতৰ্কবাণী জাৰি কৰিছে (Regional Meteorological Department alert in Assam)। এই প্ৰচণ্ড ঘূৰ্ণীবতাহ মোচাৰ প্ৰভাৱ উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যত পৰিব (Mocha Alert in North east)৷ মোচাৰ বাবে ১৬ মে’ত অসমত সতৰ্কবাণী জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ৷

Regional Meteorological Department alert in North East
16 মে’লৈ সতৰ্কতা জাৰি অসমত

16 মে’লৈ সতৰ্কতা জাৰি অসমত

গুৱাহাটী, 12 মে’ : দেশজুৰি মোচাৰ আতংক ৷ যোৱা 8 মে’ত দক্ষিণ-পূব বংগোপসাগৰৰ ওপৰত এক নিম্ন চাপৰ সৃষ্টি হৈ ঘূৰ্ণীবতাহলৈ পৰিণত হৈ বাংলাদেশ-ম্যানমাৰ উপকূলীয় অঞ্চলৰ ফালে আগবাঢ়িব বুলি আশংকা কৰিছিল ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই (Cyclone Mocha) ৷

ইয়াৰ পিচতে শুকুৰবাৰে ঘূৰ্ণীবতাহ মোচা বা মোখাক লৈ গুৱাহাটীৰ বৰঝাৰত থকা আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সতৰ্কবাণী জাৰি কৰিছে (Regional Meteorological Department alert in Assam)। আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ সঞ্চালক সঞ্জয় শ্ব'ই সদৰী কৰা অনুসৰি অহা ১২ মে’ৰ সন্ধিয়া মোচাই বংগোপসাগৰৰ ওপৰত অতি তীব্ৰ ঘূৰ্ণীবতাহৰ ৰূপ ল'ব পাৰে । ১৩ মে'ত ই সৰ্বোচ্চ গতি ল’ব। বতৰ বিজ্ঞান বিভাগে সমগ্ৰ পৰিস্থিতি নিৰন্তৰে নিৰীক্ষণ কৰি আছে । এই প্ৰচণ্ড ঘূৰ্ণীবতাহ মোচাৰ প্ৰভাৱ উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যত পৰিব বুলি সদৰী কৰে সঞ্চালকগৰাকীয়ে (Mocha Alert in North east)।

শুকুৰবাৰৰ নিশা অসম আৰু অৰুণাচল প্ৰদেশক বাদ দি মণিপুৰ, মিজোৰাম, নাগালেণ্ড, ত্ৰিপুৰা আৰু মেঘালয়ত ইয়াৰ বিশেষ প্ৰভাৱ‌ পৰিব । মোচাৰ ফলত মণিপুৰ, মিজোৰাম, নাগালেণ্ড, ত্ৰিপুৰা আৰু মেঘালয়ৰ বিভিন্ন ঠাইত প্ৰবল বৰষুণ হোৱাৰ লগতে ৫০-৬০ কিলোমিটাৰ বেগত বতাহ বলিব । আকৌ অসম আৰু অৰুণাচলৰ বিভিন্ন ঠাইত মজলীয়া বৰষুণ হ'ব । ১৪ মে'ত অসমৰ বিভিন্ন ঠাইত প্ৰবল বৰষুণ হ’ব । আজি দিনত ঘন্টাত ১৫০-১৬০ কিলোমিটাৰ বেগত প্ৰচণ্ড ঘূৰ্ণীবতাহ মোচা আগবাঢ়ি আহি আছে । ইপিনে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ১৫ মে'ত উত্তৰ-পূৰ্বাঞ্চলত সতৰ্কবাণী জাৰি কৰিছে। আনহাতে, মোচাৰ বাবে ১৬ মে’ত অসমত সতৰ্কবাণী জাৰি কৰিছে ।

ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ সঞ্চালক প্ৰধান মৃত্যুঞ্জয় মহাপাত্ৰই এই কথা নিশ্চিত কৰি পৰামৰ্শ দিছে যে মাছমৰীয়া, জাহাজ আৰু টুলুঙা নাওবোৰে দক্ষিণ-পূব বংগোপসাগৰত প্ৰৱেশ কৰিব নালাগে (India Meteorological Department)। এই ঘূৰ্ণীবতাহৰ নাম হ’ব মোচা বা মোখা (Cyclone Mocha) । এই নামটো প্ৰদান কৰিছে য়েমেনে ।

লগতে পঢ়ক: Cyclone Mocha : বাংলাদেশ-ম্যানমাৰ উপকূলৰ ফালে গতি কৰাৰ সম্ভাৱনা ঘূৰ্ণীবতাহ মোচাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.