ETV Bharat / state

Hearing Loss Treatment : অডিঅ’মেট্ৰি বিভাগ কি ? ইয়াত কেনেধৰণে চিকিৎসা সেৱা আগবঢ়োৱা হয় ?

author img

By ETV Bharat Assamese Team

Published : Sep 24, 2023, 4:53 PM IST

শ্ৰৱণ সমস্যাৰ বাবে কেনেধৰণৰ চিকিৎসা প্ৰদান কৰা হয় ? BERA, OAE কি ? শিশুৰ ক্ষেত্ৰত শ্ৰৱণ শক্তি সঠিক আছে নে নাই কেতিয়া পৰীক্ষা কৰা হয় ? সকলো জানি লওক এই প্ৰতিবেদনৰ পৰা ৷

Etv Bharathearing-loss-in-children-everything-you-need-to-know
Etv Bharatশ্ৰৱণ সমস্যাৰ বাবে কেনেধৰণৰ চিকিৎসা প্ৰদান কৰা হয়

শ্ৰৱণ সমস্যাৰ বাবে কেনেধৰণৰ চিকিৎসা প্ৰদান কৰা হয়

আজিকালি অডিঅ’লজী বিভাগত ৰোগীৰ সংখ্যা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। শ্ৰৱণ আৰু কথোপকথনৰ সমস্যা আদিৰ সমাধানৰ বাবে এটা বিভাগত চিকিৎসা কৰা হয় । শ্ৰৱণ সমস্যা পৰীক্ষাৰ বাবে সাধাৰণতে BERA, OAE আদি পৰীক্ষা কৰা হয় । লগতেই PTA আদিও পৰীক্ষা কৰে । PTA হৈছে Pure Tone Average আৰু ইয়াৰ দ্বাৰা কাণৰ শ্ৰৱণ শক্তিৰ বিশেষ ধৰণে প্ৰৱল্য নিৰ্ণয় কৰা হয়। এনে পৰীক্ষাৰ দ্বাৰা কাণ দুখনৰ গড় শ্ৰৱণ শক্তি নিৰ্ণয় কৰিব পাৰি ।

ইফালে BERA পৰীক্ষা হৈছে Brain Evoked Response Auditory পৰীক্ষা ব্যৱস্থা । সাধাৰণতে শিশুৰ ক্ষেত্ৰত বিশেষকৈ ১-৩ বছৰৰ ভিতৰত শিশুৰ শ্ৰৱণ শক্তি সঠিক আছে নে নাই সেই বিষয়ে নিৰূপণ কৰা হয় । আঠ নম্বৰ কাৰ্নিয়েল স্নায়ুৰ পৰা বৈদ্যুতিক প্ৰৱাহ মস্তিষ্কলৈ প্ৰেৰণ কৰাৰ পিচত দুয়োটাৰ মাজত কেনেধৰণৰ সংকট স্থাপন হয় সেয়া এনে পৰীক্ষাৰ জৰিয়তে জানিব পাৰি । আনহাতে OAE হৈছে Otoacoustic emissions আৰু এনে পৰীক্ষাৰ জৰিয়তে অন্তঃকৰ্ণ আৰু ককলিয়াই কেনেদৰে কাৰ্য সম্পাদন কৰি আছে সেয়া নিৰ্ণয় কৰিব পাৰি ।

এই বিভাগটোত কোনো ৰোগীক যদি ‘হিয়াৰিং এইড’ৰ প্ৰয়োজন হয় তেতিয়াহ’লে সেয়াও কৰা হয় । শিশুৰ ক্ষেত্ৰত 'স্পীচ থেৰাপি' আদিও কৰিলে সুফল পোৱা যায় । কোনো শিশুৰ যদি জন্মৰ পৰা তিনিবছৰ বয়সলৈ ভাষা বা কথোপকথনৰ বিকাশ নহয় তেতিয়া ‘স্পীচ থেৰাপি’ কৰা হয় । যদি তিনি বছৰৰ শিশু এটিৰ কথা বয়স অনুপাতে নহয় তেতিয়া এনে চিকিৎসা কৰিবই লাগে ।

তদুপৰি অটিজ’ম এডি এছ টি আদি ডিছ অৰ্ডাৰ অৰ্থাৎ বিসংগতি আদিৰো পৰীক্ষা কৰা হয় । প্ৰথমতে শিশু এটি আহিলে বিভিন্ন দিশৰ পৰা শিশুটিক বিশ্লেষণ কৰি সিদ্ধান্ত লোৱা হয় কেনে পৰীক্ষা কৰিলে সুফল পোৱা যাব । শ্ৰৱণ শক্তিৰ ক্ষেত্ৰত সদায় গুৰুত্ব প্ৰদান কৰিব লাগে । কাৰণ শ্ৰৱণ শক্তি অবিহনে দৈনন্দিন জীৱনত কাৰ্য সম্পাদনত ব্যাঘাত জন্মে । কেতিয়াবা কোনো ব্যক্তিয়ে পিছফালৰ পৰা মাতি থকাৰ দৰে শুনা পায় । অথচ কোনোৱে মতাই নাই। আন কেতিয়াবা আকৌ ওচৰতে কথাপাতি থাকিলেও আনৰ কথা নুশুনে । কেতিয়াবা দুখনৰ ভিতৰত গুম গুম শব্দ হৈ থাকে । যদিহে এনে ধৰণৰ সমস্যা দেখা যায় তেন্তে অনতিপলমে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে । কাৰণ যদিহে শ্ৰৱণ শক্তি হ্ৰাস পোৱাৰ লগে লগে চিকিৎসা কৰা হয় তেতিয়াহ’লে মেডিচিনৰ দ্বাৰা উপশম ঘটে ।

চিকিৎসা নকৰিলে পিচত হিয়াৰিং এইড ল’বলগীয়া হয় । কাণত থকা স্নায়ু দুৰ্বল হ’লে এনেধৰণৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে । কেতিয়াবা কাণৰ পর্দাত ফুটা থাকিলে ইমপিডেন্স যন্ত্ৰৰ সহায়ত এইবোৰ নিৰ্ণয় কৰি চিকিৎসা কৰা হয় । ইয়াকেইমপিডেন্স অডিঅ’মেন্ট্ৰি বুলি কোৱা হয় ৷

লগতে পঢ়ক: Signs of liver damage: যকৃতৰ ক্ষতি হ’লে শৰীৰত দেখা দিয়ে এইসমূহ লক্ষণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.