ETV Bharat / sukhibhava

Signs of liver damage: যকৃতৰ ক্ষতি হ’লে শৰীৰত দেখা দিয়ে এইসমূহ লক্ষণ

author img

By ETV Bharat Assamese Team

Published : Sep 24, 2023, 11:10 AM IST

যকৃত আমাৰ শৰীৰৰ এক অতি গুৰুত্বপূৰ্ণ অংগ, যিয়ে আমাক সুস্থ কৰি ৰখাত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । যকৃতে আমাৰ শৰীৰত বহুতো গুৰুত্বপূৰ্ণ কাম কৰে, যেনে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰোৱা, পুষ্টিকৰ পদাৰ্থ জমা কৰা, হজম শক্তি উন্নত কৰা ইত্যাদি । কিন্তু বহু সময়ত ভিন্ন কাৰণত লিভাৰৰ ক্ষতি হোৱা দেখা যায় ৷ লিভাৰ ক্ষতি হোৱা প্ৰাৰম্ভিক লক্ষণসমূহৰ বিষয়ে জানি লওক ৷

These are the 5 early signs of liver damage
যকৃতৰ ক্ষতি হোৱাৰ লক্ষণ

আমাৰ শৰীৰত উপস্থিত থকা সকলো অংগ আমাৰ বাবে অতিকৈয়ে গুৰুত্বপূৰ্ণ । কাৰণ আমাৰ শৰীৰৰ প্ৰত্যেকটো অংগ ইটোৰ সৈতে সিটো ওতঃপ্ৰোতভাৱে জড়িত ৷ সেয়েহে, যদি আমাৰ শৰীৰৰ এটাও অংগ বিকল হয়, তেন্তে বহু অসুবিধাৰ সন্মুখীন হ’ব লগা হয় ৷ আমাৰ শৰীৰত থকা সকলো অংগই গুৰুত্বপূৰ্ণ কিন্তু এই অংগসমূহৰ ভিতৰত অন্যতম হৈছে যকৃত ৷ যিটো আমাৰ শৰীৰৰ বহুতো গুৰুত্বপূৰ্ণ কামৰ বাবে জৰুৰী । যকৃতে কেৱল হজম আৰু বিপাকীয় ক্ৰিয়া উন্নত কৰাৰ কামেই নকৰে, ই শৰীৰত পুষ্টিকৰ উপাদান সঞ্চয় কৰাৰ লগতে শৰীৰত থকা বিষাক্ত পদাৰ্থ আঁতৰোৱাতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । এনে পৰিস্থিতিত যকৃতৰ যত্ন লোৱাটো অতিকৈয়ে প্ৰয়োজনীয়, যাতে ই নিজৰ কাম সঠিকভাৱে কৰিব পাৰে ।

কিন্তু বৰ্তমান সময়ত মানুহ যিমানেই আধুনিক হৈছে আৰু যান্ত্ৰিক বস্তুৰ ওপৰত যিমানেই নিৰ্ভৰশীল হৈছে সিমানেই দ্ৰুতগতিত আমাৰ শৰীৰত বৃদ্ধি পাইছে বিভিন্ন ৰোগ ৷ পৰিৱৰ্তিত জীৱনশৈলীৰ বাবে লিভাৰৰ ক্ষতি হোৱা দেখা যায় আৰু বৰ্তমান বহু মানুহ ভুগি আছে যকৃতৰ ৰোগত ৷ লিভাৰৰ ক্ষতিৰ বাবে এজন ব্যক্তিয়ে বহুতো গুৰুতৰ সমস্যাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে । এনে পৰিস্থিতিত যদি সময়মতে আপুনি লিভাৰৰ ৰোগ চিনাক্ত কৰিব পাৰে আৰু সঠিক চিকিৎসা কৰে তেন্তে ভয়াৱহ পৰিণতিৰ পৰা হাত সাৰিব পাৰিব । কেনেকৈ ধৰা পেলাব যকৃতৰ ক্ষতিৰ লক্ষণ ৷ জানি লওক এই প্ৰতিবেদনত ৷

যকৃতৰ ক্ষতিৰ লক্ষণসমূহ

সঘনাই বমি হোৱা

যদি আপুনি সঘনাই বমি কৰে বা বমিৰ অনুভৱ হয় তেন্তে এইবোৰ যকৃতৰ ক্ষতি বা যকৃতৰ ৰোগৰ লক্ষণ হ’ব পাৰে । ইয়াৰ উপৰিও যদি তেজৰ বমি হয় বা যদি মলত তেজ ওলাই, তেন্তে ই যকৃতৰ ক্ষতিৰ লক্ষণ হ’ব পাৰে । যদি আপোনাৰো শৰীৰত দেখা দিছে এই লক্ষণসমূহ তেন্তে ইয়াক একেবাৰেই আওকাণ নকৰিব আৰু শীঘ্ৰেই চিকিৎসকৰ পৰামৰ্শ লওক ।

পেট ফুলা

দীৰ্ঘদিনীয়া যকৃতৰ ৰোগৰ বাবে আপোনাৰ পেটত তৰল পদাৰ্থ জমা হ’ব পাৰে, যাৰ ফলত হঠাতে পেটৰ আকৃতিৰ পৰিৱৰ্তন হ’বলৈ আৰম্ভ কৰিব । পেটৰ আকাৰ বৃদ্ধি হোৱাটোও যকৃতৰ ক্ষতিৰ লক্ষণ হ’ব পাৰে ।

ছালত খজুৱতি হোৱা

ছালত খজুৱতি হোৱা যকৃতৰ ৰোগৰ অন্যতম সাধাৰণ লক্ষণ । যদি আপোনাৰ ছালত খজুৱতি হয়, তেন্তে ই অবষ্ট্ৰাক্টিভ জণ্ডিচৰ লক্ষণ হ’ব পাৰে । ইয়াৰ উপৰিও পিত্তনলীত পাথৰ, পিত্তনলীৰ কৰ্কট ৰোগ, প্ৰাথমিক পিত্তৰ চিৰ’ছিছ আদি বেমাৰো হ’ব পাৰে ।

টোপনি নোহোৱা

যদি হঠাৎ আপোনাৰ টোপনি নোহোৱা হৈছে, তেন্তে নিশ্চিতভাৱে এবাৰ চিকিৎসকৰ সৈতে যোগাযোগ কৰাটো ভাল । আচলতে যকৃতে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰোৱাৰ কাম কৰে, কিন্তু ইয়াৰ ক্ষতি হ’লে এই বিষাক্ত পদাৰ্থ তেজত জমা হ’বলৈ আৰম্ভ কৰে, যাৰ ফলত টোপনিৰ চক্ৰত ব্যাঘাত জন্মিব পাৰে । লিভাৰ চিৰ’ছিছ ৰোগীয়ে প্ৰায়ে টোপনিৰ অসুবিধা, বিশেষকৈ দিনৰ ভাগত টোপনি অহা আৰু অনিদ্ৰাৰ অভিযোগ কৰে ।

ভৰি ফুলা

দীৰ্ঘদিনীয়া যকৃতৰ ৰোগত ভৰিত তৰল পদাৰ্থ জমা হ’ব পাৰে । ইয়াৰ বাবে ভৰি দুখন ফুলি উঠে । যদি আপুনি অপ্ৰয়োজনীয়ভাৱে ভৰি দুখত ফুলা লক্ষ্য কৰে তেন্তে ইয়াক একেবাৰেই আওকাণ নকৰিব আৰু লগে লগে চিকিৎসকৰ পৰামৰ্শ ল’ব ।

Disclaimer: প্ৰবন্ধটোত উল্লেখ কৰা পৰামৰ্শ কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যেহে দিয়া হৈছে । যদি আপোনাৰ কিবা প্ৰশ্ন বা চিন্তা আছে তেন্তে সদায় চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত।

লগতে পঢ়ক: Benefits Of Eating Rajma: কলেষ্টেৰল নিয়ন্ত্ৰণৰ পৰা আৰম্ভ কৰি হজম শক্তি সুস্থ কৰি ৰখালৈকে লাভদায়ক ৰাজমা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.