ETV Bharat / state

AJP on Medium Controversy: ফুলকুমলীয়া ছাত্ৰ-ছাত্ৰীক গিনিপিগ সজোৱাৰ চেষ্টা মুখ্যমন্ত্ৰীৰ: লুৰীণজ্যোতি গগৈ

author img

By

Published : Jul 30, 2022, 2:24 PM IST

Updated : Jul 30, 2022, 2:51 PM IST

তৃতীয় শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ বিজ্ঞান আৰু গনিতৰ শিক্ষা ইংৰাজী মাধ্যমত কৰাৰ বিৰোধিতা অজাপৰ (AJP on Medium Controversy) ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ মইমতালিৰে ফুলকুমলীয়া ছাত্ৰ-ছাত্ৰীক গিনিপিগ সজোৱাই নহয় মাতৃভাষাৰ মাধ্যমৰ চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠানসমূহ নিঃশেষ কৰাৰ গভীৰ ষড়যন্তত লিপ্ত হৈছে । এই অভিযোগ অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ ।

AJP opposes decision of  teaching science and mathematics in English
ফুলকুমলীয়া ছাত্ৰ-ছাত্ৰীক গিনিপিক সজোৱাৰ চেষ্ঠা মুখ্যমন্ত্ৰীৰ: লুৰীণজ্যোতি গগৈ

গুৱাহাটী, 30 জুলাই: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ মইমতালিৰে ফুলকুমলীয়া ছাত্ৰ-ছাত্ৰীক গিনিপিগ সজোৱাই নহয় মাতৃভাষাৰ মাধ্যমৰ চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠানসমূহ নিঃশেষ কৰাৰ গভীৰ ষড়যন্তত লিপ্ত হৈছে । এই অভিযোগ অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ (AJP on Medium Controversy) ।

ফুলকুমলীয়া ছাত্ৰ-ছাত্ৰীক গিনিপিগ সজোৱাৰ চেষ্টা মুখ্যমন্ত্ৰীৰ: লুৰীণজ্যোতি গগৈ

গুৱাহাটীত শণিবাৰে অনুষ্ঠিত এখন সংবাদমেলত (AJP Press meet) অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে এই অভিযোগ কৰি কয় যে অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুই এক গুৰুত্বপূৰ্ণ ঘোষণা কৰি কৈছে যে এতিয়াৰে পৰা তৃতীয় শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ বিজ্ঞান আৰু গনিতৰ শিক্ষা ইংৰাজী মাধ্যমত হ'ব (Science and mathematics in English medium from class III to class XII)। এয়া চৰম অবৈজ্ঞানিক আৰু অদূৰদৰ্শী সিদ্ধান্ত বুলি অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি (AJP President Lurinjyoti Gogoi) গগৈয়ে অভিহিত কৰি কয় যে ইয়াৰ মাজেৰে কোনো গুণগত পৰিৱৰ্তন নহয়; বৰং ছাত্ৰ-ছাত্ৰী সকলে মাতৃভাষাত শিক্ষা গ্ৰহণৰ অধিকাৰ হেৰুৱাব ।

বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখন ক্ষমতালৈ অহাৰ পাছত এটাৰ পাছত এটাকৈ নতুন নতুন সিদ্ধান্ত ঘোষণা কৰাটো নিয়মত পৰিণত হৈছে । এই ঘোষণা বোৰৰ মাজেৰে শিক্ষা ব্যৱস্থাৰ উন্নয়নৰ সলনি জটিলতাৰহে সৃষ্টি কৰাৰ লগতে অসমীয়াকে ধৰি স্থানীয় ভাষাসমূহ নিঃশেষ কৰিব বিচাৰিছে । ইঞ্জিনিয়াৰিং, মেডিকেলৰ শিক্ষাও মাতৃভাষাত দিয়াৰ ব্যৱস্থা কৰিম বুলি ফিতাহি মৰা এইখন চৰকাৰেই স্থানীয় পৰ্যায়তেই মাতৃভাষা উঠাই দিব বিচাৰিছে ।

শিক্ষাৰ গুণগত উন্নয়নৰ বাবে একো নকৰি কেৱল ৰাজ্যৰ স্বাৰ্থ বিৰোধী সিদ্ধান্ত লোৱাতহে আগ্ৰহী দেখা গৈছে । শেহতীয়াকৈ প্ৰকাশ পোৱা কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ৰ শৈক্ষিক পৰ্যালোচনা সভাত ৰাজ্যৰ চৰকাৰী শিক্ষা খণ্ডৰ শোচনীয় অৱস্থা উন্মোচিত হৈছে । পৰ্যালোচনা বৈঠকৰ তথ্য মতে ৰাজ্যখনত ২৮,২৯০ টা শিক্ষকৰ পদ খালী হৈ আছে । ৩,৭২৬ খন নিম্ন প্ৰাথমিক বিদ্যালয় এজনীয়া শিক্ষকেৰে চলি আছে । মাধ্যমিক বিদ্যালয়ত ৩৯,২৭৬ জন শিক্ষক অপ্ৰশিক্ষত ।

আনহাতে, উচ্চমাধ্যমিক স্তৰৰ ৫২.৪ শতাংশ ছাত্ৰী আৰু ৪২.৭ শতাংশ ছাত্ৰই ফেইল কৰে । মাধ্যমিক স্তৰত আধাতে বিদ্যালয় এৰা ছাত্ৰ-ছাত্ৰী সংখ্যা ৩০ শতাংশ । ৰাজ্যখনৰ শিক্ষা ক্ষেত্ৰৰ এই গভীৰ সংকট চলি থকাৰ সময়তে কোনো গভীৰ চিন্তা নকৰাকৈ মাতৃভাষাৰ সলনি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইংৰাজী ভাষা জাপি দিব ওলাইছে । তেওঁ কয় যে ৰাষ্ট্ৰসংঘই প্ৰাথমিক বিদ্যালয়ত মাতৃভাষা শিক্ষাৰ ওপৰত গুৰুত্ব দিছে। বিশ্ববিদ্যালয় অনুদান আয়োগেও মাতৃভাষা শিক্ষাৰ ওপৰত গুৰুত্ব দিছে । আনকি নতুন শিক্ষা নীতিয়েও মাতৃভাষা শিক্ষাৰ ওপৰত গুৰুত্ব দিছে । দেশৰ ভিতৰতে শিক্ষাৰ ক্ষেত্ৰত নিম্ন স্থানত থকা ৰাজ্যখনৰ শৈক্ষিক অনুন্নয়নৰ কাৰণসমূহ বিচাৰি উলিয়াই সমাধান কৰাৰ পৰিৱৰ্তে চৰকাৰে কিছুমান হঠকাৰী সিদ্ধান্ত ল'বলৈ আগবাঢ়িছে ।

এই সিদ্ধান্ত অবৈজ্ঞানিক, এই সিদ্ধান্তই ছাত্ৰ-ছাত্ৰীক শিক্ষা গ্ৰহণ প্ৰক্ৰিয়াত জটিলতাৰ সৃষ্টি কৰিব, সৰ্বোপৰি এই সিদ্ধান্তই অসমৰ স্থানীয় ভাষাসমূহক ক্ষতি কৰিব অৰ্থাৎ এয়া অসম বিৰোধী, এয়া জনগণ বিৰোধী সিদ্ধান্ত বুলি তেওঁ কয় । এই সিদ্ধান্ত শীঘ্ৰে বাতিল কৰাৰ বাবে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে দাবী কৰে ।

লগতে পঢ়ক: Teaching of Maths and Science in English: অসম চৰকাৰৰ শিক্ষা সম্পৰ্কীয় সিদ্ধান্তক জাতিবিৰোধী আখ্যা ৰাইজৰ দলৰ

Last Updated :Jul 30, 2022, 2:51 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.