ETV Bharat / state

Teaching of Maths and Science in English: অসম চৰকাৰৰ শিক্ষা সম্পৰ্কীয় সিদ্ধান্তক জাতিবিৰোধী আখ্যা ৰাইজৰ দলৰ

author img

By

Published : Jul 29, 2022, 9:44 PM IST

তৃতীয় শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ গণিত আৰু বিজ্ঞান বিষয় ইংৰাজীত পঢ়িব লাগিব বুলি চৰকাৰে লোৱা সিদ্ধান্তৰ বিৰোধীতা কৰিছে ৰাইজৰ দলে । শুকুৰবাৰে এক সংবাদমেল সম্বোধন কৰি চৰকাৰৰ এই সিদ্ধান্ত জাতিবিৰোধী বুলি আখ্যা দিয়ে ৰাইজৰ দলৰ সাধাৰণ সম্পাদক ৰাছেল হুছেইনে(Raijor dal general secretary) ৷

Teaching of Maths and Science in English
অসম চৰকাৰৰ শিক্ষা সম্পৰ্কীয় সিদ্ধান্তক জাতিবিৰোধী আখ্যা ৰাইজৰ দলৰ

গুৱাহাটী, ২৯ জুলাই: মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত বৃহস্পতিবাৰে দিছপুৰত ৰাজ্যিক কেবিনেটে তৃতীয় শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ গণিত আৰু বিজ্ঞান বিষয় ইংৰাজীত পঢ়িব লাগিব বুলি এক সিন্ধান্ত গ্ৰহণ কৰিছিল (Mathematics and science will be taught in English in Assam school)। স্বাভাৱিকতে কেবিনেটৰ এই সিদ্ধান্তক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ।

অসম চৰকাৰৰ শিক্ষা সম্পৰ্কীয় সিদ্ধান্তক জাতিবিৰোধী আখ্যা ৰাইজৰ দলৰ

শুকুৰবাৰে মঠঘৰীয়াস্থিত ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত(Raijor dal head office) এক সংবাদ মেল সম্বোধন কৰি ৰাইজৰ দলৰ সাধাৰণ সম্পাদক ৰাছেল হুছেইনে(Raijor dal general secretary) অসম চৰকাৰৰ কেবিনেটে শিক্ষা সম্পৰ্কে গ্ৰহণ কৰা সিদ্ধান্তক জাতিবিৰোধী বুলি আখ্যা দিয়ে । তেওঁ কয় যে, কোনো শিক্ষক সমাজ, ছাত্ৰ সমাজ, শিক্ষাবিদ কাৰো লগতেই আলোচনা নকৰি গ্ৰহণ কৰা এই সিদ্ধান্ত চৰকাৰৰ টোগলকী কাণ্ড ।

অপ্ৰাদেশীকৃত বিদ্যালয়সমূহ প্ৰাদেশীকৰণ নকৰাৰ সিদ্ধান্তৰ লগতে তৃতীয় শ্ৰেণীৰ পৰা বিজ্ঞান আৰু গণিত বিষয় দুটাৰ পাঠদান ইংৰাজী ভাষাত কৰিবলৈ গ্ৰহণ কৰা সিদ্ধান্ত আৰু ষষ্ঠ শ্ৰেণীৰ পৰা অসমীয়া আৰু ইংৰাজী দ্বৈত মাধ্যমত শিক্ষাদান কৰিবলৈ গ্ৰহন কৰা সিদ্ধান্ত(Dual medium of instruction in Assam school) অসমীয়াৰ লগতে জনগোষ্ঠীয় ভাষা বিৰোধী । চৰকাৰৰ এই সিদ্ধান্তই ৰাজ্যত মাতৃভাষাৰ প্ৰাসংগিকতাত এক বিৰূপ প্ৰভাৱ পেলাব ।

চৰকাৰে শিক্ষাক লৈ গুৰুত্বপূর্ণ সিদ্ধান্ত গ্ৰহণ কৰাৰ পূৰ্বে বিশেষজ্ঞ, শিক্ষক সমাজৰ লগতে ছাত্ৰ প্ৰতিনিধিৰ সৈতে আলোচনা কৰা উচিত আছিল বুলি উল্লেখ কৰি ৰাইজৰ দলৰ সাধাৰণ সম্পাদক ৰাছেল হুছেইনে চৰকাৰৰ এই সিদ্ধান্ত কেতিয়াও মানি নলয় বুলি স্পষ্ট কৰি দিয়ে ।

লগতে পঢ়ক: গছত পোক, শ্ৰেণীকোঠাত পোক: পোকৰ উপদ্ৰৱত আধাতে ছুটী দিব লগা হ'ল বিদ্যালয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.