ETV Bharat / state

Panch Swahid of Tinsukia: শীঘ্ৰেই তিনিচুকীয়াৰ পঞ্চ শ্বহীদৰ পৰিয়ালে লাভ কৰিব 20 লাখ টকাকৈ ক্ষতিপূৰণ

author img

By

Published : Mar 20, 2023, 10:24 PM IST

তিনিচুকীয়াৰ ডাঙৰীৰ পঞ্চ শ্বহীদ ঘটনাৰ গোচৰীয়া জগদীশ ভূঞাৰ সংবাদমেল ৷ সংবাদমেল সম্বোধন কৰি নিহতসকলৰ পৰিয়ালক ন্যায়ালয়ে 20 লাখ টকাকৈ ক্ষতিপূৰণ প্ৰদানৰ বাবে নিৰ্দেশ দিয়াৰ কথা সদৰী কৰে (Tinsukia panch swahid) ৷ 1994 ডাঙৰীৰ পাঁচজন নিৰীহ যুৱকক আলফা সজাই পৰিকল্পতিভাৱে হত্যা কৰিছিল ভাৰতীয় সেনাই ৷

Panch Swahid of Tinsukia
শীঘ্ৰেই তিনিচুকীয়াৰ পঞ্চ শ্বহীদৰ পৰিয়ালে লাভ কৰিব 20 লাখ টকাকৈ ক্ষতিপূৰণ

শীঘ্ৰেই তিনিচুকীয়াৰ পঞ্চ শ্বহীদৰ পৰিয়ালে লাভ কৰিব 20 লাখ টকাকৈ ক্ষতিপূৰণ

গুৱাহাটী, 20 মাৰ্চ: 29 বছৰৰ পাচত ক্ষতিপূৰণ লাভৰ পথ প্ৰশস্ত হ’ল তিনিচুকীয়া জিলাৰ ডাঙৰীৰ পঞ্চ শ্বহীদৰ পৰিয়ালৰ ৷ 29 বছৰৰ পূৰ্বে তিনিচুকীয়া জিলাৰ ডাঙৰীৰ পাঁচজন নিৰীহ যুৱকক আলফা সজাই সেনাই হত্যা কৰিছিল ৷ এই পাঁচগৰাকী শ্বহীদৰ পৰিয়ালক ক্ষতিপূৰণ দিয়াৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ে নিৰ্দেশ দিছে কেন্দ্ৰীয় চৰকাৰক (Compensation to Panch Swahid family) ৷

সোমবাৰে দিছপুৰ প্ৰেছ ক্লাৱত এই কথা সদৰী কৰে অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই ৷ তেওঁ কয়, ‘‘1994 চনত তিনিচুকীয়া জিলাৰ ডাঙৰীত সেনা বাহিনীৰ দ্বাৰা সংঘটিত এনকাউন্টাৰত নিহতসকলৰ পৰিয়ালসমূহক 20 লাখকৈ টকা ক্ষতিপূৰণ দিবলৈ নিৰ্দেশ দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে ৷’’

অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই সেই সময়ত সদৌ অসম ছাত্ৰ সন্থাৰ উপ-সভাপতিৰ দ্বায়িত্বত থাকোতে গুৱাহাটী উচ্চ ন্যায়ালয়ত এই গোচৰ ৰুজু কৰিছিল ৷ অৱশেষত 29 বছৰীয়া ন্যায়িক যুঁজৰ অন্তত ন্যায়ালয়ে গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে ৷ উক্ত ভুক্তভোগী পৰিয়ালকেইটাৰ উপস্থিতিত গোচৰদাতা জগদীশ ভূঞাই সংবাদমেল সম্বোধন কৰি কয় যে দুমাহৰ ভিতৰত ভুক্তভোগী পৰিয়াল কেইটাক ক্ষতিপূৰণ দিবলৈ কেন্দ্ৰীয় চৰকাৰক নিৰ্দেশ দিছে ন্যায়ালয়ে (Dangari encounter case) ৷

তেওঁ লগতে কয়, ‘‘সামাজিক ন্যায় পাবলৈ 29 বছৰ যুঁজ-বাগৰ কৰিব লগাটো গণতন্ত্ৰৰ বাবে শুভ লক্ষণ নহয় ৷’’ গণতান্ত্ৰিক আৰু সাংবিধানিক বিধি ব্যৱস্থাৰ লগত জড়িতসকলক আহ্বান জনায় সামাজিক ন্যায় তাৎক্ষণিকভাৱে প্ৰদান কৰাৰ ব্যৱস্থা ভাৰতৰ শাসন ব্যৱস্থাত থকা উচিত বুলি মন্তব্য কৰে ৷

উল্লেখ্য যে, তিনিচুকীয়া জিলাৰ ডাঙৰীৰ 5 জন নিৰিহ যুৱকক 1994 চনৰ 22 ফ্ৰেব্ৰুৱাৰীত শোৱাপাটীৰ পৰা উঠাই নি 23 ফ্ৰেব্ৰুৱাৰীত ডিব্ৰুছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত আলফা সজাই নিৰ্মমভাৱে হত্যা কৰিছিল ভাৰতীয় সেনা বাহিনীৰ 18 নং পঞ্জাৱ ৰেজিমেণ্টে ৷ এই ভুৱা সংঘৰ্ষত নিৰ্মমভাৱে হত্যা কৰাৰ পাছত শ্বহীদ আছিল প্ৰবীণ সোণোৱাল, প্ৰদীপ দত্ত, দেৱজিৎ বিশ্বাস, অখিল সোণোৱাল আৰু ভৱেন মৰাণ (Fake encounter by Indian Army in Assam) ৷

এই সন্দৰ্ভত জগদীশ ভূঞাৰ গোচৰৰ ভিত্তিত চিবিআইক ন্যায়ালয়ে নিৰ্দেশ দিছিল গোচৰ নিষ্পত্তি কৰিবলৈ ৷ গুৱাহাটীৰ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত চিবিআইয়ে ভাৰতীয় সেনাৰ দিনজানস্থিত মাৰ্ছেল আদালতৰ জৰিয়তে 24 বছৰৰ মূৰত 18 নং পঞ্জাৱ ৰেজিমেণ্টৰ 7 গৰাকী দোষী বিষয়া-জোৱানক যাৱজ্জীৱন কাৰাদণ্ডৰ নিৰ্দেশ দিছিল (Operation against ULFA in Assam) ৷

লগতে পঢ়ক: Assam assembly session 2023: বাল্যবিবাহ বিৰোধী অভিযান: উকীলৰ আইনগত সহায়ৰ বাবে 200 কোটি টকা ধাৰ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.