ETV Bharat / state

Assam assembly session 2023: বাল্যবিবাহ বিৰোধী অভিযান: উকীলৰ আইনগত সহায়ৰ বাবে 200 কোটি টকা ধাৰ্য

author img

By

Published : Mar 20, 2023, 6:48 PM IST

Updated : Mar 20, 2023, 7:40 PM IST

2026 চনৰ ভিতৰত অসমত বন্ধ হ’ব বাল্যবিবাহ ৷ বাল্যবিবাহ সম্পৰ্কীয় গোচৰত উকীলৰ আইনগত সহায়ৰ বাবে ৰাজ্য চৰকাৰে বাজেটত ধাৰ্য কৰিছে 200 কোটি টকা ৷ সদনত এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ (Crackdown on child marriage) ৷

Assam assembly session 2023
বাল্যবিবাহ বিৰোধী অভিযান: উকীলৰ আইনগত সহায়ৰ বাবে 200 কোটি ধাৰ্ষ

বাল্যবিবাহ বিৰোধী অভিযান: উকীলৰ আইনগত সহায়ৰ বাবে 200 কোটি ধাৰ্ষ

গুৱাহাটী, 20 মাৰ্চ: অসম বিধানসভাৰ বাজেট অধিৱেশনৰ সপ্তম দিনৰ কাৰ্যসূচী সোমবাৰে পুৱা 9.30 বজাৰ পৰা আৰম্ভ হয় ৷ প্ৰশ্নোত্তৰ শিতানেৰে আৰম্ভ হয় বিধানসভাৰ বাজেট অধিবেশনৰ সপ্তম দিনৰ কাৰ্যসূচী । বিধানসভাৰ প্ৰশ্নোত্তৰকালত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰি পুনৰ বাল্যবিবাহৰ বিৰুদ্ধে কঠোৰ দৃষ্টিভংগী গ্ৰহণ কৰাৰ কথা সদৰী কৰে (Assam CM on child marriage) ।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অসমত বাল্যবিবাহৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰা হ’ব ৷ কংগ্ৰেছৰ বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থই ৰাজ্যত চৰকাৰে পকচো (POCSO) আইনৰ অধীনত বাল্যবিবাহৰ বিৰুদ্ধে চলাই থকা অভিযান সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা সদৰী কৰে (Operation against child marriage)।

এই সন্দৰ্ভত প্ৰশ্নৰ উত্তৰ দি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, ‘‘বাল্যবিবাহ কৰি সন্তান জন্ম দিয়া কোনো ব্যক্তিক সাৰি যাব দিয়া নহ’ব । আমি আইন মতে ব্যৱস্থা গ্ৰহণ কৰিম । বাল্যবিবাহ 2026 চনত অসমত বন্ধ হ'ব লাগিব । তাৰবাবে যিমান‌ কঠোৰ হ’ব লাগে, চৰকাৰ‌ কঠোৰ হ'ব । বাল্যবিবাহ 2026 চনলৈকে অসমত বন্ধ কৰাৰ বাবে উকীলৰ আইনগত সহায়ৰ বাবে 200 কোটি চৰকাৰে বাজেটত নিৰ্ধাৰণ কৰিছে (Anti child marriage operation in Assam)।’’

উল্লেখ্য যে, অতি সম্প্ৰতি চৰকাৰে চলোৱা বাল্যবিবাহ বিৰোধী অভিযানত প্ৰায় তিনি সহস্ৰাধিক বাল্যবিবাহ কৰোৱা লোক আৰু ইয়াৰ লগত জড়িত লোকক গ্ৰেপ্তাৰ কৰি আইনী প্ৰক্ৰিয়া আৰম্ভ কৰে ৷ ইয়াকে কেন্দ্ৰ কৰি ৰাজ্যজুৰি বৰ্তমানেও অব্যাহত আছে প্ৰতিক্ৰিয়া (Assam anti child marriage drive) ৷

ইয়াৰ লগেতে বাল্যবিবাহৰ বিৰুদ্ধে সজাগতা কাৰ্যসূচী অব্যাহত ৰখা হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰী কৰে । উল্লেখ্য যে, প্ৰশ্নোত্তৰ শিতানেৰে সোমবাৰে পুৱা 9.30 বজাৰ পৰা আৰম্ভ হোৱা বাজেট অধিৱেশনৰ সপ্তম দিনত মুখ্যমন্ত্ৰীয়ে সদনত সমষ্টি পুনৰ নিৰ্ধাৰণ কৰা, বাল্যবিবাহ, নামঘৰ, মন্দিৰ, মছজিদ, গীৰ্জা আদিক আৰ্থিক সহায় কৰা আদি কেতবোৰ বিষয়ত উত্তৰ প্ৰদান কৰে । প্ৰশ্নোত্তৰ শিতানৰ অন্তত বিয়লি সদনত বাজেট বিতৰ্ক অনুষ্ঠিত হয় ।

লগতে পঢ়ক: Wild Elephant Death in Assam: দুটা দশকত অসমত অকাল মৃত্যুক সাৱটিলে তিনি শতাধিক বন্যহস্তীয়ে

Last Updated : Mar 20, 2023, 7:40 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.