ETV Bharat / state

Wild Elephant Death in Assam: দুটা দশকত অসমত অকাল মৃত্যুক সাৱটিলে তিনি শতাধিক বন্যহস্তীয়ে

author img

By

Published : Mar 20, 2023, 1:43 PM IST

Wild Elephant Death Increased in Assam
ৰাজ্যত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে বন্যহস্তীৰ মৃত্যুৰ সংখ্যা

ৰাজ্যত 2001 চনৰপৰা 2022 চনলৈকে বিভিন্ন কাৰণত মুঠ 1,330 টা হাতীৰ মৃত্যু হৈছে ৷ যোৱা দুটা দশকত ৰাজ্যত ৰেলৰ খুন্দা আৰু বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুমুখত পৰিছে তিনি শতাধিক বনৰীয়া হাতী । দুটা দশকৰ ভিতৰত 2016 চনত ৰেলৰ খুন্দাত, 2017 চনত বিদ্যুৎ প্ৰৱাহৰ ফলত সৰ্বাধিক হাতীৰ মৃত্যু হৈছিল (Wild elephant death in assam) ৷

গুৱাহাটী, 20 মাৰ্চ: ৰাজ্যত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে বন্যহস্তীৰ মৃত্যুৰ সংখ্যা ।‌ শেহতীয়াকৈ এক উদ্বেগজনক তথ্য প্ৰকাশ কৰিছে বন বিভাগে ৷ 2001 চনৰপৰা 2022 চনলৈকে বিভিন্ন কাৰণত ৰাজ্যত মুঠ 1,330 টা হাতীৰ মৃত্যু হৈছে । ইয়াৰে 509 টা হাতীৰ স্বাভাৱিক মৃত্যু হৈছে (Wild elephant death in Assam)।

মন কৰিবলগীয়া যে, অসমত যোৱা দুটা দশকত ৰেলৰ খুন্দাত আৰু বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুমুখত পৰিছে তিনি শতাধিক বনৰীয়া হাতী । ৰাজ্যত ৰেলৰ খুন্দা আৰু বিদ্যুৎ প্ৰৱাহৰ ফলত মুঠ 313 টা বনৰীয়া হাতীৰ মৃত্যু হৈছে ৷ ইয়াৰে 111 টা হাতী ৰেলৰ খুন্দাত আৰু 202 টা হাতী বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুমুখত পৰিছে (Three Hundreds wild elephants die in Two decade) ।

দুটা দশকৰ ভিতৰত 2016 চনত ৰেলৰ খুন্দাত, 2017 চনত বিদ্যুৎ প্ৰৱাহৰ ফলত সৰ্বাধিক হাতীৰ মৃত্যু হৈছিল ৷ তথ্য মতে 2016 চনত ৰেলৰ খুন্দাত দহটাকৈ হাতীৰ মৃত্যু হৈছিল । আনহাতে, 2017 চনত 25 টাকৈ হাতীৰ মৃত্যু হৈছিল বিদ্যুৎ প্ৰৱাহৰ ফলত ।

বন বিভাগৰ তথ্য অনুসৰি যোৱা দুটা দশকত চোৰাং চিকাৰীয়ে 40 টা হাতী নিধন কৰিছে । বন বিভাগৰ তথ্য মতে মৃত্যু হোৱা হাতীৰ সংখ্যা আৰু কাৰণ সমূহ এনেধৰণৰ- চোৰাং চিকাৰ 40 টা, ৰেলৰ খুন্দাত 111 টা, বিদ্যুৎস্পৃষ্ট 202 টা, দুর্ঘটনাত 97 টা, বিহপানৰ ফলত 65 টা, আঘাতৰ বাবে 22 টা, যুঁজৰ ফলত 12 টা, পানীত ডুবি 2 টা, বজ্ৰ পৰি (2021 চনত) 18 টা হাতীৰ মৃত্যু হয় অসমত ৷ আনহাতে, এই সময়ছোৱাত মৃত্যু হোৱা আন 252 টা হাতীৰ মৃত্যুৰ কাৰণ সন্দৰ্ভত জ্ঞাত নহয় বন বিভাগ (Assam Forest Department Data)৷

যোৱা দুটা দশকত 2013 চনত সৰ্বাধিক 107 টা হাতীৰ মৃত্যু হৈছিল । 2016 চনত 97 টা আৰু 2014 চনত 92 টা হাতীৰ মৃত্যু হৈছিল । অৱশ্যে মৃত্যু হোৱা হাতীৰ অধিকাংশৰে স্বাভাৱিক কাৰণত মৃত্যু হোৱা বুলি বন বিভাগৰ তথ্যত প্ৰকাশ কৰা হৈছে । মনকৰিবলগীয়া যে, বন বিভাগৰ হেমাহিৰ ফলতো বহু হাতীৰ অকাল মৃত্যু হৈছে । দীপৰ বিলৰ ওচৰত ৰেল বিভাগৰ চৰম দায়িত্বজ্ঞানহীনতাৰ বাবে ৰেল বিভাগৰ উন্মুক্ত গাঁতত পৰি হাতীৰ অকাল মৃত্যু হৈছে (Wild Elephant Death Increased in Assam) ।

উল্লেখ্য যে হস্তী কৰিডৰবোৰ বন্ধ হৈ পৰাৰ ফলতো হাতীৰ অকাল মৃত্যু হোৱা বুলি চিহ্নিত কৰা হৈছে ৷ বন্যহস্তীৰ বাসস্থান সংকুচিত হোৱাৰ ফলত বিভিন্ন সময়ত, বিভিন্ন কাৰণত বৃদ্ধি পাইছে বন্য হস্তীৰ মৃত্যুৰ সংখ্যা ৷ অবাধে হোৱা বনাঞ্চল ধ্বংসৰ পৰিণতিত দ্ৰুতগতিত সংকুচিত হৈছে বন্য হস্তীৰ বাসস্থান ৷ ফলস্বৰূপে বৃদ্ধি পাইছে হস্তী-মানুহৰ সংঘাত ৷ হস্তী-মানুহৰ প্ৰত্যক্ষ সংঘাটৰ পৰিণতিত বহু সময়ত কৰুণ মৃত্যুক আকোঁৱালি লয় বন্যহস্তীয়ে ৷ তদুপৰি ৰেলৰ খুন্দা, বিদ্যুৎস্পৃষ্ট, বিষক্ৰিয়াৰ লগতে গভীৰ গাঁত অথবা নলাত পৰিও মৃত্যু হৈছে শতাধিক বনৰীয়া হাতী ৷

লগতে পঢ়ক:Nilut Swargiary countered Munmun Brahma: শিষ্টাচাৰ শিকক মুনমুন ব্ৰহ্মই; নিলুৎ স্বৰ্গীয়াৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.