ETV Bharat / state

দীপৰ বিলৰ ৰে’লপথত বৈদ্যুতিকৰণক লৈ ৰে’ল বিভাগ আৰু বন বিভাগৰ মুখামুখি সংঘাত

author img

By

Published : Apr 30, 2022, 2:09 PM IST

ৰামছাৰ স্থান হিচাপে চিহ্নিত গুৱাহাটীৰ দীপৰ বিল আৰু দীপৰ বিলৰ জীৱ জন্তুৰ প্ৰতি পুনৰ নামি আহিছে অশনি সংকেত । কিয়নো ৰে’ল বিভাগে নিয়ম উলংঘা কৰি দীপৰ বিলৰ মাজেৰে যোৱা কামাখ্যা আজাৰা ৰে’ল পথছোৱা বৈদ্যুতিকৰণ কৰা চেষ্টা কৰিছে (Rail electrification in Dipor Bil) ৷ যাক লৈ এতিয়া সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷

Deepor Beel Ramsar Site
দীপৰ বিল আৰু দীপৰ বিলৰ জীৱ জন্তুৰ প্ৰতি নামি আহিছে অশনি সংকেত

গুৱাহাটী, 30 এপ্ৰিল : ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰৰ চৰম অৱহেলা আৰু নিৰ্লিপ্ততাৰ বাবে ৰামছাৰ স্থান হিচাপে চিহ্নিত গুৱাহাটীৰ দীপৰ বিল আৰু দীপৰ বিলৰ জীৱ জন্তুৰ প্ৰতি চৰম সংকেত নামি আহিছে । শেহতীয়াভাৱে ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰৰ চৰম নিৰ্লিপ্ততাৰ বাবে ৰে’ল বিভাগে নিয়ম উংলঘা কৰি গাৰ বলেৰে দীপৰ বিলৰ মাজেৰে যোৱা কামাখ্যা আজাৰা ৰে’ল পথছোৱা বৈদ্যুতিকৰণ কৰা চেষ্টা কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে (Rail electrification in Dipor Bil)।

শেহতীয়াভাৱে ৰে’ল বিভাগে শুক্ৰবাৰে নিয়ম উংলঘা কৰি দীপৰ বিলৰ মাজেৰে যোৱা কামাখ্যা আজাৰা ৰে’ল পথছোৱা বৈদ্যুতিকৰণৰ কাম আৰম্ভ কৰাকলৈ বন বিভাগ আৰু ৰে’ল বিভাগৰ মানুহৰ মাজত তীব্ৰ সংঘাটৰ সৃষ্টি হয় । এই সন্দৰ্ভত বন বিভাগৰ দীপৰ বিল আঞ্চলিক বন সংমণ্ডলৰ ডেপুটি ৰেঞ্জাৰ ভীম বাহাদুৰ ছেত্ৰীয়ে কয় যে, ‘‘শেহতীয়াভাৱে দীপৰ বিলৰ মাজেৰে দ্বৈত ৰে’লপথৰ কাম ৰাষ্ট্ৰীয় সেউজ ন্যায়ধিকৰনে উপযুক্ত ব্যৱস্থা চুড়ান্ত নহোৱালৈকে বন্ধ ৰাখিছে ৷

Deepor Beel Ramsar Site
দীপৰ বিলৰ ৰে’লপথত বৈদ্যুতিকৰণক লৈ ৰে’ল বিভাগ আৰু বন বিভাগৰ মুখামুখি সংঘাত

কিন্তু ৰে’ল বিভাগে কামাখ্যা আজাৰা পথছোৱা বৈদ্যুতিকৰণৰ কাম বন বিভাগৰ বাধাৰ পিছতো কৰিব লৈছে’’ ।

লগতে তেওঁ কয় যে, ‘‘এই সম্পৰ্কত কিছুদিন পূৰ্বে ৰে’ল বিভাগে ৰে’ল পথৰ বৈদ্যুতিককৰণৰ কামৰ সম্পৰ্কত আমাৰ লগত আলোচনা কৰিব আহিছিল । আলোচনাৰত কাম আৰম্ভ নকৰো বুলি কোৱাৰ পিছতো ৰে’ল বিভাগে জোৰ কৰি শুক্ৰবাৰে দীপৰ বিলৰ মাজেৰে যোৱা কামাখ্যা আজাৰা ৰে’ল পথছোৱা বৈদ্যুতিকৰণৰ কাম কৰিব আহে । আমি বন বিভাগৰ এটা দলে এই ক্ষেত্ৰত বাধা দিও’’ ।

লগতে পঢ়ক : দীপৰ বিলৰ পৰিবেশ ৰক্ষাৰ স্বাৰ্থত দল সংগঠন তথা স্থানীয় ৰাইজৰ প্ৰতিবাদ

ইফালে এই সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি স্থানীয় বাসিন্দা তথা প্ৰকৃতিপ্ৰেমী প্ৰমোদ কলিতাই কয় যে, ‘‘চৰকাৰৰ চৰম দায়িত্বজ্ঞানহীনতাৰ বাবে দীপৰ বিল ধ্বংসৰ গৰাহত পৰিছে । ইতিমধ্যে কামাখ্যা আজাৰা ৰে’লপথত বিগত সময়ছোৱাত 15 টাকৈ বনৰীয়া হাতী আৰু অসংখ্য জীৱ জন্তুৰ মৃত্যু হৈছে ।

দীপৰ বিলৰ দাতিকাষৰীয়া ৰাইজে বিভিন্ন সময়ত ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আছে ৷ কিন্তু চৰকাৰে নিৰব দৰ্শক হৈ দীপৰ বিল ধ্বংসৰ ৰং চাই আছে । দীপৰ বিলৰ সমিপত ডাম্পিং গ্ৰাউণ্ড(Dumping Ground in front of Dipor Bil)ত দৈনিক শ শ টন জাৱৰ পেলাই আছে ৷ আনকি মৰা ভৰলু দূষিত পানী পেলাই আছে’’ ।

দীপৰ বিল আৰু দীপৰ বিলৰ জীৱ জন্তুৰ প্ৰতি নামি আহিছে অশনি সংকেত

উল্লেখ্য যে, ভাৰতীয় বন্যপ্ৰানী সংস্থাৰ বিশেষজ্ঞৰ "Deepor Beel Railway Track Mitigation Plan, December 2021’’ অনুসৰি উপযুক্ত ব্যৱস্থা নহোৱালৈকে বৈদ্যুতিকৰণ কাম বন্ধ ৰাখিব লাগে ৷ কিয়নো ই বনৰীয়া হাতীৰ ক্ষতি সাধন কৰিব আৰু " Study to assess the Impact of powerlines on Avain species in and around Deepor Beel Ramsar Site, Assam (TR No 2021/12) তো উচ্চ ক্ষমতা সম্পন্ন বিদ্যুত পক্ষীকুলৰ কাৰণে ক্ষতিকাৰক বুলি বিবেচিত হৈছে ।

ইয়াৰ উপৰিও এই সমগ্ৰ অঞ্চলত কেইবাটাও হস্তী কৰিড’ৰ আছে । এনে পৰিপ্ৰেক্ষিতত দীপৰ বিল পৰিৱেশ সংবেদনশীল এলেকা হোৱাৰ পিছতো ৰে’ল বিভাগে জোৰকৈ নিৰ্মাণ কাৰ্য আৰম্ভ কৰিব বিচৰা কাৰ্যক ধিক্কাৰ প্ৰদান কৰিছে প্ৰকৃতি প্ৰেমীসকলে । এনে কাৰ্য বন্ধ নকৰিলে ৰাইজে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলিও স্থানীয় ৰাইজে হুংকাৰ দিছে ।

লগতে পঢ়ক : Migratory Birds in Dipor Bil: পৰিভ্ৰমী পক্ষীৰ আবিহনে উদং দীপৰ বিল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.