ETV Bharat / state

Assam flood: ৰাজ্যত অপৰিৱৰ্তিত বান পৰিস্থিতি; প্ৰথমটো বানত মৃত্যু 5 জনৰ

author img

By

Published : Jun 27, 2023, 6:43 AM IST

অপৰিৱৰ্তিত হৈ আছে ৰাজ্যৰ বান পৰিস্থিতি ৷ বানত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি 5 জনলৈ ৷

5 pepole died in Assams Flood
অপৰিৱৰ্তিত ৰাজ্যৰ বান পৰিস্থিতি

গুৱাহাটী, 27 জুন : চলিত বছৰৰ ৰাজ্যৰ প্ৰথমটো বানত এতিয়ালৈকে মৃত্যু হৈছে পাঁচজন লোকৰ । সোমবাৰে সন্ধিয়া ৰাজ্যিক দুর্যোগ প্রশমন কর্তৃপক্ষই এই তথ্য প্ৰকাশ কৰিছে । বৰপেটাত সোমবাৰে বানত দুজন লোকৰ মৃত্যু হোৱাৰ পিচত বানত নিহতৰ সংখ্যা 5 জনলৈ বৃদ্ধি পাইছে।

লক্ষণীয় যে, ৰাজ্যত সোমবাৰৰ দিনটোত 11 খন জিলাৰ 563 খন ৰাজহ গাঁও জলমগ্ন হৈ আছে লগতে বানৰ কৱলত পৰিছে 1,55,896 গৰাকী লোক ।

বানৰ ফলত 14091.90 হেক্টৰ কৃষিভূমি নষ্ট হৈছে বুলি ৰাজ্যিক দুর্যোগ প্রশমন কর্তৃপক্ষৰ তথ্যত প্ৰকাশ পাইছে । বানত ক্ষতিগ্রস্ত লোকসকলৰ বাবে মুঠতে 29 টা সাহায্য শিবিৰ বৰ্তমানলৈ সক্ৰিয় অৱস্থাত আছে ।

ৰাজ্যিক দুর্যোগ প্রশমন বিভাগে প্রকাশ কৰা অনুসৰি মাত্ৰ ভূটানৰ কুৰিশ্বু বান্ধে পানী এৰাৰ বাবেই নহয়, ভূটান আৰু অসমৰ উজনি অৱবাহিকা অঞ্চলত অব্যাহত থকা নেৰানেপেৰা বৰষুণৰ বাবেও নামনি অসমৰ বিভিন্ন ঠাইত বান হৈছে । ইপিনে, বৰষুণৰ তীব্রতা হ্রাস পোৱাৰ ফলত ৰাজ্যৰ নৈ-উপনৈৰ জলস্তৰ হ্রাস পাইছে যদিও 11 খন জিলাৰ 563 খন গাঁও বানৰ কৱলত আছে ।

আজিও ৰাজ্যৰ ডেৰ লাখৰ অধিক লোক জলবন্দী হৈ আছে । ইফালে ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতি সন্দৰ্ভত যোৱা দেওবাৰে কেন্দ্রীয় গৃহমন্ত্ৰী অমিত শ্বাহে ফোনযোগে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ পৰা ৰাজ্যৰ বৰ্তমানৰ অৱস্থাৰ বুজ লোৱাৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰপৰা সকলোধৰণৰ সহায়-সহযোগিতা আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে ।

যিকোনো জৰুৰীকালীন পৰিস্থিতিত সহায় কৰিবলৈ কেন্দ্ৰীয় চৰকাৰ সাজু আছে বুলি আশ্বাস দি সংশ্লিষ্ট সকলোকে উদ্ধাৰ আৰু বান সাহায্যত সহযোগিতা আগবঢ়াবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় ।

লগতে পঢ়ক : Massive Erosion In Rangia: ৰঙিয়া হাচানটুকত বৰলীয়া নদীৰ ভয়াবহ খহনীয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.