Massive Erosion In Rangia: ৰঙিয়া হাচানটুকত বৰলীয়া নদীৰ ভয়াবহ খহনীয়া

By

Published : Jun 26, 2023, 10:21 PM IST

thumbnail

ৰঙিয়া, 26 জুন: ৰঙিয়া হাচানটুকত বৰলীয়া নৈৰ ভয়াবহ খহনীয়া ৷ প্ৰবল গৰাখহনীয়াৰ বাবে কেইবাটাও পৰিয়ালৰ গৃহ জাহ গৈছে নৈৰ বুকুত ৷ এসপ্তাহ পূৰ্বে হঠাৎ অহা বৰলীয়া নৈৰ বানত জাহ গৈছে কেইবাটাও পৰিয়ালৰ বাসগৃহ ৷ আতংকিত হৈ পৰিছে গঞা ৰাইজ ৷

বাৰিষাৰ সময়ত নদীৰ বাঢ়নী পানীৰ বাবে খহনীয়াত ইতিপূৰ্বে শতাধিক পৰিয়ালৰ ভেটি-মাটি নৈৰ বুকত সম্পূৰ্ণ ৰূপে জাহ গৈছে ৷ বহু হেক্টৰ কৃষিভূমি আৰু বহু মূল্যৱান গছ-গছনি নৈত জাহ যোৱাৰ উপৰিও বৰ্তমান নৈপৰীয়া অঞ্চলটোৰ আৰু বহুকেইটা পৰিয়ালৰ মাটি-বাৰী জাহ যোৱাৰ উপক্ৰম হৈছে ৷ তদুপৰি এই অঞ্চলৰ মূল পথটোও জাহ গৈছে খহনীয়াত ৷ অঞ্চলটোৰ অৰ্ধ-শতাধিক পৰিয়ালৰ জীৱন-জীৱিকাক লৈ গভীৰ সংকত কঢ়িয়াই অনা বৰলীয়া নৈৰ খহনীয়া ৰোধৰ বাবে চৰকাৰ-প্ৰশাসন তথা জলসম্পদ বিভাগে কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে ৷

ভেটি-মাটি হেৰুৱাই সৰ্বস্বান্ত হোৱা দুৰ্ভগীয়া পৰিয়ালকেইটাৰ খবৰ ল’বলৈও আহৰি নাই জনপ্ৰতিনিধিৰ ৷ উল্লেখ্য যে বছৰ বছৰ ধৰি অব্যাহত থকা বৰলীয়া নৈৰ খহনীয়াৰ ফলত এই অঞ্চলটোৰ শতাধিক পৰিয়াল অন্য স্থানলৈ স্থানান্তৰিত হ’বলগীয়া হৈছে ৷ তথাপি কুম্ভকৰ্ণ নিদ্ৰাত চৰকাৰ তথা ৰাজ্যৰ বিয়াগোম জলসম্পদ বিভাগ ৷ 

লগতে পঢ়ক: Flood In Lakhimpur: বলিয়া বানে বিস্তৰ ক্ষতি সাধন কৰিলে লখিমপুৰৰ বিভিন্ন অঞ্চল

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.