ETV Bharat / state

Assam flood update: বানৰ প্ৰভাৱ হ্ৰাস পালেও সীমাহীন দুখ-দুৰ্গতিৰ মাজত বানাক্ৰান্ত ৰাইজ

author img

By

Published : Jun 30, 2023, 9:38 PM IST

কিছু উন্নত হৈছে ৰাজ্যৰ বান পৰিস্থিতি ৷ সম্প্ৰতি ৰাজ্যৰ সাতখন জিলা বানৰ কবলত আছে ৷ আনহাতে বানাক্ৰান্ত হৈছে 19,656 গৰাকী ৷

Assam flood update
Assam flood update

গুৱাহাটী, ৩০ জুন: চলিত বাৰিষাৰ প্ৰথমটো বানৰ প্ৰভাৱ ক্ৰমাৎ হ্ৰাস পাইছে যদিও বানাক্ৰান্ত ৰাইজৰ দুখ-দুৰ্গতি কম হোৱা নাই ৷ বৰষুণৰ পৰিমাণ কম হোৱাত নৈ-উপনৈসমূহ কিছু শান্ত হৈছে যদিও এতিয়াও কেইবাখনো জিলা বানৰ কবলত আছে ।

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ তথ্য মতে বৰ্তমান সময়ত ৰাজ্যৰ ৭খন জিলা প্লাৱিত হৈ আছে । বানৰ কবলত থকা সাতখন জিলা হৈছে বজালী, বৰপেটা, গোৱালপাৰা, গোলাঘাট, যোৰহাট, কামৰূপ আৰু লখিমপুৰ । বহুকেইখন জিলা ইতিমধ্যে বানমুক্ত হৈছে যদিও সীমাহীন সমস্যাৰে জৰ্জৰিত হৈ আছে বানাক্ৰান্ত ৰাইজ ।

বানবিধ্বস্ত এলেকাত এতিয়া মাথো সৰ্বস্বান্ত হোৱাসকলৰ আৰ্তনাদ । চৰকাৰী তথ্য মতে বাৰিষাৰ প্ৰথমটো বানত এতিয়ালৈকে ৭জন লোকৰ মৃত্যু হৈছে । শুকুৰবাৰৰ সন্ধিয়ালৈকে ৰাজ্যৰ ৭খন জিলাৰ ১৫৮খন গাঁও বানৰ কবলত আছে । আনহাতে বানৰ কবলত আছে ১৯৬৫৬ গৰাকী লোক । ইয়াৰ ভিতৰত ৯৪২৫ জন পুৰুষ, ৮৮৮৮ গৰাকী মহিলা আৰু ১৩৪৩ টি শিশু আছে ।

সেইদৰে বানত ৭খন জিলাৰ ১১১৪ হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে । অৱশ্যে বৰ্তমান সময়ত কোনো এখন নদী বিপদসীমাৰ ওপৰৰে বৈ থকা নাই । বৰ্তমান সময়ত কামৰূপত এটা আশ্ৰয় শিবিৰ আছে আৰু শিবিৰত ৮জন লোকে আশ্ৰয় লৈ আছে । আনহাতে লখিমপুৰত আছে ৫টা সাহায্য সামগ্ৰী বিতৰণ শিবিৰ ।

উল্লেখ্য যে বাৰিষা প্ৰথমটো বানে ৰাজ্যখনৰ বানবিধ্বস্ত প্ৰতিখন জিলাৰে আন্তঃগাঁথনিৰ ব্যাপক ক্ষতিসাধন কৰিছে । সেইদৰে বিভিন্ন ঠাইত খহনীয়াই বিস্তৰ ক্ষতিসাধন কৰিছে । নদীৰ বুকুত জাহ গৈছে বিস্তৰ এলেকা । ইফালে বানৰ কবলত পৰি ৰাজ্যৰ কৃষিখণ্ডৰ ব্যাপক ক্ষতিসাধন হৈছে । যাৰ পৰিপ্ৰেক্ষিতত শাক-পাচলিৰ অভাৱনীয় মৃল্যবৃদ্ধি হৈছে । বিগত কেইদিনত শাক-পাচলিৰ মূল্য কেইবা গুণলৈ বৃদ্ধি পাইছে ।

বানত ৰবি শস্য, গ্ৰীষ্মকালীন শস্য, ধান খেতিকে ধৰি কেইবা হাজাৰ হেক্টৰ কৃষি ভূমি ক্ষতিগ্ৰস্ত হৈছে । ক্ষতিগ্ৰস্ত হৈছে ৯০ হাজাৰৰো অধিক কৃষক পৰিয়াল । বানৰ কবলত পৰি ৰাজ্যৰ কৃষি খণ্ডৰ ব্যাপক ক্ষতি সাধন হোৱাৰ পৰিপ্ৰেক্ষিতত শাক-পাচলিৰ অভাৱনীয় মূল্যবৃদ্ধি হৈছে ।

আনহাতে বানৰ গইনা লৈ একাংশ সুবিধাবাদী তথা মধ্যভোগীয়ে সামগ্ৰীৰ মূল্যবৃদ্ধি কৰাও পৰিলক্ষিত হৈছে । লক্ষণীয় বিষয় যে এইবাৰ ভূটানৰ পৰা নামি অহা পানীয়ে বজালীত ভয়াৱহ প্ৰভাৱ পেলাইছে । কোনোদিনে বানৰ কবলত নপৰা অঞ্চলো এইবাৰ বানৰ কবলত পৰিছে । বৃহৎ নদীবান্ধৰ কুপ্ৰভাৱৰ ফলত অসমৰ বানপানীৰ সমস্যা ক্ৰমাৎ অধিক জটিল হৈ পৰিছে ।

লগতে পঢ়ক: Dighalipukhuri: 15 বছৰলৈ গুজৰাটৰ প্ৰতিষ্ঠানক গতালে দীঘলীপুখুৰী; সৰৱ আম আদমী পাৰ্টী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.