ETV Bharat / state

Jal Jivan Mission: অসমত জলজীৱন আঁচনি ৰূপায়ণত ব্যৰ্থ চৰকাৰ

author img

By

Published : Jul 1, 2022, 10:12 PM IST

অসমত জলজীৱন আঁচনি সঠিক ৰূপায়ণত ব্যৰ্থ ৰাজ্য চৰকাৰ (Fail to implement Jal Jivan Mission in Assam) । অসমে নিৰ্দ্ধাৰিত লক্ষ্যৰ সম্পূৰ্ণ কৰিছে ৩৮ শতাংশহে। জুনলৈকে ৰাজ্য়ত সম্পূর্ণ হৈছে ৩৮.৪৫ শতাংশ ঘৰত টেপৰ দ্বাৰা খোৱাপানী যোগান।

jal jivan
Jal Jivan Mission: অসমত জলজীৱন আঁচনি ৰূপায়ণত ব্যৰ্থ চৰকাৰৰ

গুৱাহাটী ,১ জুলাই: অসমত জলজীৱন আঁচনি সঠিকভাবে ৰূপায়ণত ৰাজ্য চৰকাৰ ব্যৰ্থ হোৱাৰ তথ্য পোহৰলৈ আহিছে ( failure of government to implement Jal Jivan Mission in Assam)। কেন্দ্ৰীয় চৰকাৰৰ জলশক্তি মন্ত্রণালয়ৰ শেহতীয়া তথ্য মতে,ৰাজ্য়খনত এই পর্যন্ত জলজীৱন আঁচনি সঠিকভাবে ৰূপায়ণৰ ক্ষেত্ৰত অগ্রগতি সন্তোষজনক নহয় ( According to the latest data of Union Governments Ministry of Water Power) । দেশৰ কেইবাখনো ৰাজ্যই ইতিমধ্যে আঁচনি ৰূপায়ণত ১০০শতাংশ অগ্রগতি লাভ কৰিছে যদিও অসমে নিৰ্দ্ধাৰিত লক্ষ্যৰ ৩৮ শতাংশহে সম্পূৰ্ণ কৰিছে ।

এক তথ্য় অনুসৰি কামৰূপ মহানগৰ জিলাৰ অন্তৰ্গত চন্দ্ৰপুৰ ৰাজহ চক্ৰৰ অধীনস্থ ৪২ খন গাঁৱত ২০২০ চনৰ ভিতৰত সকলো পৰিয়ালৰ টেপ সংযোগৰ জৰিয়তে সুৰক্ষিত আৰু পর্যাপ্ত খোৱাপানী যোগান নিৰ্দ্ধাৰণ কৰিছিল( Chandrapur under Kamrup district)। কিন্তু ২০১৯ চনত মাত্ৰ তিনিখন গাঁৱতহে সকলো পৰিয়ালক টেপ সংযোগৰ জৰিয়তে খোৱাপানী যোগান ধৰিবলৈ সক্ষম হয় । কিন্তু যোৱা তিনিমাহ ধৰি পানী যোগান বন্ধ হৈ আছে ।

মনকৰিবলগীয়া যে ২০২৪ চনৰ ভিতৰত দেশৰ সকলো পৰিয়ালৰ টেপ সংযোগৰ জৰিয়তে সুৰক্ষিত আৰু পর্যাপ্ত খোৱাপানী যোগান ধৰাটোৱেই জলজীৱন মিছনৰ লক্ষ্য । ২০১৯ চনৰ ১৫ আগষ্টত এই আঁচনিখন আৰম্ভ কৰা হৈছিল । অৱশ্যে ২০২০ চনৰ ১৮ জানুৱাৰীত গুৱাহাটীৰ অসম প্ৰশাসনীয় মহাবিদ্যালয়ত আঁচনিখনৰ ৰূপায়ণৰ সন্দৰ্ভত জলশক্তি মন্ত্রণালয়ৰ বিষয়া জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সকলো অভিযন্তাৰ মাজত বিশদভাৱে মত বিনিময় হোৱাৰ পাছতহে প্ৰকৃতাৰ্থত অসম জলজীৱন মিছনৰ সৈতে জড়িত হৈ পৰে ।

চৰকাৰী তথ্য মতে ,এই আঁচনিখন ৰূপায়ণ হোৱাৰ পূৰ্বে অসমৰ এক লাখ সাতাইশ হাজাৰ ঘৰতহে টেপৰ দ্বাৰা খোৱাপানী যোগানৰ সংযোগ দিয়া হৈছিল । জলশক্তি মন্ত্রণালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি জলজীবন মিছনৰ অধীনত গোৱা, তেলেংগানা, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ আৰু হাৰিয়ানাত ইতিমধ্যে ১০০ শতাংশ পৰিয়ালৰ বাসগৃহত টেপৰদ্বাৰা খোৱাপানী যোগানৰ সংযোগ সম্পূর্ণ হৈছে । পঞ্জাৱ, গুজৰাট, হিমাচল প্রদেশ আৰু বিহাৰে নিৰ্দ্ধাৰিত লক্ষ্যৰ ১২-১৯ শতাংশ পর্যন্ত ওচৰ চাপিবলৈ সক্ষম হৈছে । সেইদৰে, মণিপুৰ, মহাৰাষ্ট্ৰ, ছিকিম, অৰুণাচল প্রদেশ, উত্তৰাখণ্ড, মিজোৰাম, অন্ধ্রপ্রদেশ, জম্মু আৰু কাশ্মীৰ, ত্ৰিপুৰা, কৰ্ণাটকে ৫০-৭০ শতাংশ আৰু ওড়িশা, তামিলনাড়ু, নগালেণ্ড, লাডাখ, মধ্যপ্রদেশ কোলা, মেঘালয়ে ৪০-৪৮ শতাংশ ঘৰত টেপৰদ্বাৰা খোৱাপানী যোগান ধৰিবলৈ সক্ষম হৈছে ।

ইয়াৰ বিপৰীতে চলিত জুন মাহলৈকে জল জীৱন মিছনৰ অধীনত অসমত ৩৮.৪৫ শতাংশ ঘৰত টেপৰদ্বাৰা খোৱাপানী যোগানৰ সংযোগ সম্পূর্ণ হৈছে । আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত অসমৰ পাছত আছে পশ্চিমবংগ, ৰাজস্থান, চট্টিছগড়, ঝাৰখণ্ড আৰু উত্তৰ প্ৰদেশ( Assam is followed by West Bengal, Rajasthan, Chhattisgarh, Jharkhand and Uttar Pradesh)। অর্থাৎ জলজীৱন মিছন ৰূপায়ণৰ ক্ষেত্ৰত ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত প্রদেশসমূহৰ ভিতৰত অসম তালিকাৰ শেষৰ পৰা ছয় নম্বৰ স্থানতহে আছে ।

জলশক্তি মন্ত্রণালয়ৰ তথ্য অনুসৰি ২৭ জুন পর্যন্ত জলজীৱন মিছনৰ অধীনত অসমৰ লক্ষ্য নিৰ্দ্ধাবিত ৬৩ লাখ ৩৫ হাজাৰ ১৫টা পৰিয়ালৰ ভিতৰত ২৪ লাখ ৩৬ হাজাৰ ৫৮টা পৰিয়ালৰ ঘৰত টেপৰ জৰিয়তে খোৱাপানী যোগান ধৰাটো সম্ভৱ হৈছে । জলজীৱন মিছনত বিদ্যালয় আৰু অংগনবাড়ী কেন্দ্রসমূহকো সামৰি লোৱা হৈছে যদিও এই আঁচনিৰ ৰূপায়ণৰ ক্ষেত্ৰতো অসমৰ প্রদর্শন অতি সন্তোষজনক বুলি ক'ব নোৱাৰি।

আনহাতে, ৰাজ্যৰ ৭৬.১৬ শতাংশ বিদ্যালয় আৰু ৫৭.১৯ শতাংশ অংগনবাড়ী কেন্দ্রক এতিয়ালৈকে টেপৰ জৰিয়তে খোৱাপানী যোগান ধৰা হৈছে । তদুপৰি ৰাজ্য়ৰ ৪২,৪০৫খন বিদ্যালয়ৰ ৩২,৬৩৭খন বিদ্যালয়ত আৰু ৩৪,৯৪১টা অংগনৱাড়ী কেন্দ্ৰৰ ভিতৰত ১৯,৯৮২টা কেন্দ্ৰত টেপৰ দ্বাৰা খোৱাপানী যোগান নিশ্চিত কৰা হৈছে । এই দুয়োখন আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত দেশৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত প্ৰদেশৰ ভিতৰত অসম তালিকাৰ শেষৰপৰা ক্ৰমে অষ্টম আৰু ষষ্ঠ স্থানত আছে ।

লগতে পঢ়ক:শাক-পাচলিৰ মূল্যবৃদ্ধিৰ আঁৰত কোন জড়িত ? ব্যৱসায়ীৰ বিস্ফোৰক মন্তব্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.