ETV Bharat / city

শাক-পাচলিৰ মূল্যবৃদ্ধিৰ আঁৰত কোন জড়িত ? ব্যৱসায়ীৰ বিস্ফোৰক মন্তব্য

author img

By

Published : Jul 1, 2022, 2:29 PM IST

মধ্যভোগীয়ে মাধমাৰ সোধাইছে জনসাধাৰণক ৷ শাক-পাচলিৰ মূল্যবৃদ্ধিৰ সন্দৰ্ভত মুখ খুলিলে ব্যৱসায়ীয়ে (vegetables price hike at Kharupetia ) ৷ চাওক এই প্ৰতিবেদন.........

পাচলিৰ মূল্যবৃদ্ধিৰ আঁৰত কোন জড়িত
vegetables price hike at Kharupetia

খাৰুপেটী, 1 জুলাই : বিধ্বংসী বানে জুৰুলা কৰিছে ৰাজ্যবাসীক (Flood in Assam) ৷ এই বাঢ়নী পানী কাৰোবাৰ বাবে যদি চকুৰ পানী, তেন্তে আন কাৰোবাৰ বাবে আকৌ সোণৰ কণী পৰা হাঁহলৈ পৰিণত হৈছে (Price hike in Assam) ৷ বানৰ মাজতে মহানগৰীৰ বজাৰত লাগিছে জুই ৷ বৰ্তমানৰ সময়ত এসাঁজ সতেজ শাক-পাচলি খাবলৈ আপুনি এশবাৰ চিন্তা কৰিব লাগিব ৷ বানৰ অচিলালৈ একাংশ মধ্যভোগীয়ে ব্যাপক হাৰত বৃদ্ধি কৰিছে শাক-পাচলিৰ মূল্য ৷ গুৱাহাটী মহানগৰীৰ বজাৰতো ব্যাপক হাৰত বৃদ্ধি পাইছে শাক-পাচলিৰ মূল্য (Price hike in Guwahati Market) ।

পাচলিৰ মূল্যবৃদ্ধিৰ আঁৰত কোন জড়িত

ইয়াৰ পিছতে পোহৰলৈ আহিছে শাক-পাচলিৰ মূল্যবৃদ্ধিৰ আঁৰৰ ৰহস্য ৷ শুকুৰবাৰে খাৰুপেটীয়াত শাক-পাচলি বিক্ৰী ব্যৱসায়ীসকলে মূল্যবৃদ্ধিৰ সন্দৰ্ভত বিস্ফোৰক মন্তব্য প্ৰকাশ কৰে ৷ আৰক্ষী তথা প্ৰশাসনৰ গুণ্ডাগিৰি আৰু খাজনা বৃদ্ধি হোৱাৰ বাবে বজাৰত শাক-পাচলিৰ মূল্য বৃদ্ধি হৈছে ৷ ইয়াৰোপৰি শাক-পাচলিৰ বিক্ৰেতাসকলে থানাৰ মুখে মুখে ঘোচ দিবলগীয়া হয় ৷ বজাৰত খাজনা নিদিলে প্ৰশাসনে পাচলিৰ গাড়ী ঘূৰাই পঠায় ৷ শাক পাচলি অনা পথত আৰক্ষীয়ে চিগনেল দিলে 500 ৰ পৰা 1000 টকালৈ উৎকোচ নিদিলে হাজাৰ হাজাৰ টকাৰ জৰিমনা কাটে আৰক্ষীয়ে ৷ লগতে ব্যৱসায়ীসকলে কয় যে কৃষকৰ পৰা 25 টকাত ক্ৰয় কৰা শাক-পাচলিৰ মূল্য গুৱাহাটীৰ বজাৰত 50 ৰ পৰা 55 টকা পৰ্যন্ত বৃদ্ধি হয় ৷

লগতে স্থানীয় ব্যৱসায়ীসকলে উৎপাদনস্থলীতেই শাক-পাচলিৰ মূল্য হ্ৰাস পাইছে বুলি সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰে ৷ মধ্যভোগীৰ হাতোৰাৰ বাবেই ২০-৩০ টকীয়া পাচলি গুৱাহাটীবাসী ৰাইজে তিনি চাৰিগুন দৰত ক্ৰয় কৰিও কৃষকে উচিত মূল্য পোৱা নাই বুলি ক্ষোভ প্ৰকাশ কৰে ব্যৱসায়ীসকলে ৷

খাৰুপেটীয়াৰ বালুগাঁও বজাৰত পাচলিৰ মূল্যঃ

  • বন্ধা কবি : ৩০-৩৫ টকা প্ৰতি কিলো
  • বেঙেনা : ২৫-৩০ টকা
  • ভেন্দি - ২৫-৩০ টকা
  • পটল/ ২৫-৩০ টকা
  • কোমোৰা : ৩০ টকা
  • বিলাহী : ৪৫-৫০ টকা
  • লেচেৰা - ২৫-৩০ টকা
  • কেৰেলা : ৩৫-৪০ টকা
  • জিকা : ৪৪-৫০ টকা
  • ভোল - ২৫-৩০ টকা
  • ভাত কেৰেলা : ৩৫-৪০ টকা
  • পানী লাও : ৪০ টকা
  • ৰঙালাও : ১৫ টকা
  • গাজৰ : ৩৫ টকা
  • তিয়ঁহ : ৩০ টকা
  • কেঁচা জলকীয়া :-৪০ -৫০ টকা

মুঠতে ‌খাৰুপেটীয়াৰ পাইকাৰী বজাৰত গড় হিচাপত ৪০ টকাৰ ওপৰত কোনো পাচলি বিক্ৰী নহয় বুলি জনালে স্থানীয় বিক্ৰেতাই ৷

লগতে পঢ়ক: Sad picture of ASEB: 20 দিন ধৰি অন্ধকাৰত ডুব যোৱা এটা অঞ্চল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.