ETV Bharat / state

Drinking water crisis : গুৱাহাটীত জটিল হৈ পৰিছে খোৱাপানীৰ সমস্যা

author img

By

Published : Feb 21, 2023, 6:50 PM IST

গুৱাহাটীত খোৱাপানীৰ সমস্যা দীৰ্ঘদিনীয়া (Water crisis)। বৰষুণৰ অভাৱ আৰু ভূ-গৰ্ভৰ জলস্তৰ হ্ৰাস হোৱাৰ লগে লগে মহানগৰীত পানীৰ সমস্যা অতি জটিল হৈ পৰিছে । মাত্ৰ ৩০ শতাংশ লোকক চৰকাৰে খোৱাপানী যোগান ধৰিবলৈ সক্ষম হৈছে । দৈনিক ৩২৮.৮৬ নিযুত লিটাৰ খোৱাপানীৰ পৰিৱৰ্তে মাত্ৰ ৭২.৪০ নিযুত লিটাৰ পানীহে যোগান ধৰিছে চৰকাৰে ।

Drinking water crisis
গুৱাহাটীত জটিল হৈ পৰিছে খোৱাপানীৰ সমস্যা

গুৱাহাটী,২১ ফেব্ৰুৱাৰী : গুৱাহাটীৰ অধিকাংশ স্থানৰ লোকে সুদীৰ্ঘ দিন ধৰি খোৱাপানীৰ সমস্যাত ভুগি আহিছে (Water crisis in Guwahati)। মাৰ্চ, এপ্ৰিল মাহত মহানগৰীত সচৰাচৰ খোৱাপানীৰ সমস্যাই জটিল ৰূপ ধাৰণ কৰে । কিন্তু চলিত বছৰত বৰষুণৰ অভাৱ যিমানেই দীঘলীয়া হৈ পৰিছে, সেই অনুপাতে গুৱাহাটীৰ খোৱাপানীৰ সমস্যাও সিমানেই অধিক জটিল হৈ পৰিছে (Drinking water problem in Guwahati)। আনকি মহানগৰখনৰ ভূগর্ভৰ জলস্তৰ বহু তললৈ নামি যোৱাৰ ফলত বহু গভীৰ নলীনাদ শুকাই গৈছে ।

গুৱাহাটীত মাত্ৰ ৩০ শতাংশ মানুহকহে চৰকাৰে ব্ৰহ্মপুত্ৰৰ পৰা পানী শোধন কৰি খোৱাপানী যোগান ধৰি আছে (Drinking water supply in Guwahati)। পৌৰ নিগমৰ এক তথ্য মতে বৰ্তমানৰ জনসংখ্যা অনুযায়ী গুৱাহাটীত দৈনিক ৩২৮.৮৬ নিযুত লিটাৰ খোৱাপানীৰ প্ৰয়োজন । কিন্তু খোৱাপানীৰ যোগান ধৰি অহা তিনিটাকৈ চৰকাৰী বিভাগ ক্ৰমে গুৱাহাটী পৌৰ নিগম (GMC), জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু গুৱাহাটী মহানগৰ পানী যোগান আৰু অনাময় পৰিষদে ইয়াৰে মাত্ৰ ৭২.৪০ নিযুত লিটাৰ পানীহে যোগান ধৰিবলৈ সক্ষম হৈছে । অৰ্থাৎ মহানগৰীত দৈনিক ২৫৬.৪৬ নিযুত লিটাৰ খোৱাপানীৰ অভাৱ থাকে ।

গুৱাহাটী পৌৰ নিগমে দৈনিক ৪১.২৫ নিযুত লিটাৰ পানী যোগান ধৰে । আকৌ জনস্বাস্থ্য কাৰিকৰী বিভাগে দৈনিক ২৩.৬৫ নিযুত লিটাৰ খোৱাপানী যোগান ধৰে । আনহাতে, গুৱাহাটী মহানগৰ পানী যোগান আৰু অনাময় পৰিষদে ৭.৫০ নিযুত লিটাৰ খোৱাপানী যোগান ধৰে । ইফালে ৰাজ্য চৰকাৰে কোটি কোটি টকা খৰচ কৰি যোৱা ১০-১২ বছৰে কৰি থকা গুৱাহাটী পানী যোগান প্ৰকল্প তিনিটা আজিও সম্পূৰ্ণ হোৱা নাই (Incomplete water project in Guwahati)।

বৰ্তমানো কাম সম্পূৰ্ণ নোহোৱা দক্ষিণ পশ্চিম গুৱাহাটী পানী যোগান প্ৰকল্প আৰু দক্ষিণ কেন্দ্ৰীয় গুৱাহাটী প্ৰকল্প দুটাৰে নামমাত্ৰ মানুহকহে খোৱাপানী যোগান ধৰি আছে । তাকো নিয়মীয়াকৈ নহয় । ভূ-গৰ্ভৰপৰা পানী শুকাই যোৱাৰ ফলত গুৱাহাটীৰ কুঁৱা, দমকল আদিৰ ওপৰত নিৰ্ভৰশীল লোকসকল এতিয়া খোৱাপানীৰ জটিল‌ সমস্যাত ভুগিছে । গুৱাহাটীত দ্রুতভাৱে এপার্টমেণ্টৰ সংখ্যা বৃদ্ধি পোৱাৰ লগতে বাণিজ্যিক গতি-বিধি বাঢ়ি যোৱাৰ ফলত ভূ-গৰ্ভৰ পৰা পানী নিষ্কাষণৰ পৰিমাণো যথেষ্ট বৃদ্ধি পাইছে (Depletion of ground water level)।

আনহাতে, বাণিজ্যিকভাৱে নিষ্কাষণ কৰি গ্ৰাহকক শোধন নকৰাকৈ পানীৰ যোগান ধৰি থকাৰ ফলতো জলস্তৰ শুকাই গৈছে । মনকৰিবলীয়া যে কেন্দ্রীয় ভূজল পৰিষদৰ এক সমীক্ষাত গুৱাহাটীৰ ভূ-গৰ্ভৰপৰা পানী নিষ্কাষণ আংশিক জটিল পর্যায়ত উপনীত হোৱা বুলি উল্লেখ কৰাটোৱে আন ভয়াৱহতাৰ ইংগিত বহন কৰিছে । গুৱাহাটীৰ ভূ-গর্ভৰ পৰা ৭০ শতাংশৰো অধিক পানী নিষ্কাষণ হোৱা বাবেই আংশিক জটিল শাৰীত ৰখা হৈছে ।

বিশেষজ্ঞৰ মতে ভূ-গর্ভস্থ পানীৰ স্তৰ যিমানেই হ্রাস পাব, সেই অনুপাতে পানী আৰ্ছেনিকৰ দ্বাৰা দূষিত হোৱাৰ অধিক সম্ভাৱনা থাকে । উল্লেখ্য যে, ২০২২ চনৰ আৰম্ভণিতে কামৰূপ মহানগৰ জিলা প্রশাসনে গুৱাহাটীত গভীৰ নলীনাদৰ পৰা পানী নিষ্কাষণ কৰি বিক্ৰী কৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিছিল যদিও ৰাইজৰ তীব্র আপত্তিৰ পৰিপ্ৰেক্ষিতত এই সিদ্ধান্ত বাতিল কৰিবলৈ বাধ্য হয় ।

গুৱাহাটীৰ বহু অঞ্চলৰ কুঁৱা আৰু গভীৰ নলীনাদত পানী শুকাই যোৱাৰ ফলত আৱাসীসকলৰ বাবে দৈনিক পানী ক্ৰয় কৰাৰ বাদে গত্যন্তৰ নোহোৱা হৈ পৰিছে । ইফালে, গুৱাহাটীকে ধৰি সমগ্ৰ অসমত দীর্ঘদিন ধৰি বৰষুণৰ অভাৱ হোৱাৰ ফলত মহানগৰৰ খোৱাপানীৰ সমস্যা অধিক জটিল হৈ পৰিছে ।

গুৱাহাটীৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি এই বছৰৰ আৰম্ভণিৰ পৰা ৰাজ্যত বৰষুণৰ ঘাটি হ'ল ৭২ শতাংশ (Less rainfall in Assam)। অর্থাৎ ৭২ শতাংশ কম বৰষুণ হৈছে । যোৱা পহিলা জানুৱাৰীৰ পৰা এতিয়ালৈকে ৰাজ্যত ২৬.৭ মিঃ মিঃ বৰষুণ হ'ব লাগিছিল যদিও এই সময়ছোৱাত বৰষুণ হৈছে মাত্র ৭.৫ মিঃ মিঃ ।

লগতে পঢ়ক :GMCH Fraud treatment: GMCH ত চিকিৎসাৰ নামত দালালৰাজ; অধীক্ষকে জনালে সবিশেষ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.