ETV Bharat / state

এ পি এছ চি কেলেংকাৰী: কাকো ৰেহাই দিয়া নহ’ব

author img

By ETV Bharat Assamese Team

Published : Nov 29, 2023, 7:58 PM IST

APSC scam
এ পি এছ চি কেলেংকাৰী

তিনি চাৰি মাহৰ ভিতৰত দাখিল কৰা হ’ব এ পি এছ চি কেলেংকাৰীৰ অভিযোগনামা ৷

এ পি এছ চি কেলেংকাৰী সন্দৰ্ভত আৰক্ষী সঞ্চালক প্ৰধানৰ মন্তব্য

গুৱাহাটী, ২৯ নৱেম্বৰ : এ পি এছ চি কেলেংকাৰীৰ তিনি চাৰি মাহৰ ভিতৰত সম্পূৰ্ণ অভিযোগনামা দাখিল কৰিব আৰক্ষীয়ে, এই মন্তব্য আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ । সংবাদ মাধ্যমৰ আগত তেওঁ কয় এ পি এছ চি কেলেংকাৰীত যি সকলৰ বিৰুদ্ধে তথ্য পোৱা যাব কাকো ৰেহাই দিয়া নহ’ব । ইতিমধ্যে তদন্তৰ বাবে SIT TEAM গঠন কৰি দিয়া হৈছে । তেওঁলোকে তদন্তৰ কাম নিয়াৰিকৈ কৰি আছে ।

প্ৰাক্তন ন্যায়ধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদনৰ পিচতো যদি কোনো বিষয়াৰ বিৰুদ্ধে কেলেংকাৰীৰ প্ৰমাণ পোৱা যায়, তেতিয়া নতুনকৈ গোচৰ ৰুজু কৰি তদন্ত কৰা হ’ব । ইপিনে অতিৰিক্ত বহুখিনি ফৰেনচিক ৰিপ’ৰ্টৰ দৰকাৰ থকাৰ কথা উল্লেখ কৰে তদন্ত প্ৰক্ৰিয়াত । বহু তথ্যৰ এতিয়া ফৰেনচিকত পৰীক্ষা চলি আছে বুলি তেওঁ জানিবলৈ দিয়ে । সেয়ে যথোপযুক্ত তথ্যপাতি সংগ্ৰহৰ চেষ্টা চলাই আছে তদন্তকাৰী দলে । অভিযোগ অনুযায়ী সকলো অভিযুক্তৰ বিৰুদ্ধে পৃথক পৃথক ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি মন্তব্য কৰে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে ।

উল্লেখ্য যে, বক্ৰ পথেৰে এ পি এছ চিৰ চাকৰি লোৱা অতিৰিক্ত আৰক্ষী অধীক্ষক ঐশ্বর্য জীৱন বৰুৱা আৰু ছাহজাহান সৰকাৰক ইতিমধ্যে গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে । ইপিনে বক্ৰ পথেৰে এ পি এছ চিৰ চাকৰি লোৱা দুই এ চি এছ বিষয়া আকাশী দুৱাৰা আৰু ত্ৰিদীপ ৰয় এছ আই টিৰ সন্মুখত মঙলবাৰে হাজিৰ হয় । আগন্তুক ১ ডিচেম্বৰত বক্ৰ পথেৰে চাকৰি লোৱা বৰ্তমান গুৱাহাটী আৰক্ষী আয়ুক্তালয়ৰ অপৰাধ শাখাৰ এ ডি চি পি সুকন্যা দাস আৰু এ চি এছ বিষয়া ধীৰাজ কুমাৰ জৈনক এছ আই টিয়ে তলব কৰিছে ।

লগতে পঢ়ক : এ পি এছ চি কেলেংকাৰী: যোৰহাটৰ উপ-আৰক্ষী অধীক্ষক (অপৰাধ) ছাহজাহান সৰকাৰক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.