এ পি এছ চি কেলেংকাৰী: যোৰহাটৰ উপ-আৰক্ষী অধীক্ষক (অপৰাধ) ছাহজাহান সৰকাৰক গ্ৰেপ্তাৰ

By ETV Bharat Assamese Team

Published : Nov 22, 2023, 2:45 PM IST

thumbnail

যোৰহাট, 22 নৱেম্বৰ : বক্ৰ পথেৰে এ পি এছ চিৰ পৰীক্ষাত উত্তীৰ্ণ হৈ চাকৰি লোৱা ৩৪ ৰাজপত্ৰিত বিষয়াক আটক কৰিছে বিশেষ তদন্ত গোটে (এছ আই টি) । মংগলবাৰে নিশা এ পি এছ চি কেলেংকাৰীত জড়িত থকা যোৰহাটত কৰ্মৰত উপ-আৰক্ষী অধীক্ষক (অপৰাধ) ছাহজাহান সৰকাৰসহ ৰাজপত্ৰিত বিষয়া ঐশ্বৰ্য জীৱন বৰুৱাক এছ আই টিয়ে গ্ৰেপ্তাৰ কৰিছে ৷  

লক্ষণীয় যে, 2013 বৰ্ষত এইসকল ৰাজপত্ৰিত বিষয়াই বক্ৰ পথেৰে চাকৰি লাভ কৰিছিল। ইতিমধ্যে অন্য 32 জন ৰাজপত্ৰিত বিষয়াক এছ আই টিয়ে যিকোনো সময়তে আটক কৰি গ্ৰেপ্তাৰ কৰাৰ সম্ভৱনা আছে। 

মন কৰিবলগীয়া যে, বিপ্লৱ শৰ্মা আয়োগত উল্লেখ আছিল আটাইকেইজনৰ নাম। কিছুদিন পূৰ্বে অসম চৰকাৰে এ পি এছ চিৰ ২০১৩ বৰ্ষৰ এ চি এছ, এ পি এছ আৰু অন্যান্য সেৱাৰ বাবে নির্বাচিত ৩৪ জন বিষয়াৰ বিৰুদ্ধে বিভাগীয় পদক্ষেপ গ্ৰহণ কৰা কথা অসম চৰকাৰৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে সদৰী কৰিছিল । 

লগতে পঢ়ক : এ পি এছ চি কেলেংকাৰী: বক্ৰ পথেৰে চাকৰি লোৱা ৩৪ ৰাজপত্ৰিত বিষয়াক আটক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.